--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ আত্মঘাতী বিস্ফোৰণ সংঘটিত হৈছে পাকিস্তানত। পেছােৱাৰৰ মছজিদৰ ভিতৰত নামাজৰ সময়ত ‘আত্মঘাতী’ বিস্ফোৰণত কমেও ২৮ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। সংবাদ সংস্থা ৰয়টাৰৰ মতে, বিস্ফোৰণটেত মছজিদটোৰ এটা অংশ ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত বহু লোক পোত খাই আছে। এই ধ্বংসাৱশেষৰ তলত কিমানজন লোক আছে সেয়া  জানিব পৰা হোৱা নাই। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে ঘটনাটোক গৰিহণা দিছে।

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে বিয়লি পেছােৱৰৰ পুলিচ লাইনছ অঞ্চলৰ এটা মছজিদত নামাজৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ। ঘটনাৰ সময়ত মছজিদত সমবেত হৈছিল কমেও ২৬০ জন নাগৰিক। স্থানীয় সূত্ৰ অনুসৰি, এই ঘটনাত কমেও ২৮ জন লোকৰ মৃত্যু হৈছে। আহত ১৫০ জন লোক। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে প্ৰশাসনে।

পাকিস্তানী সংবাদ মাধ্যম "জিঅ' নিউজ"ৰ মতে, বিস্ফোৰণৰ পূৰ্বে আত্মঘাতী বোমাৰুজন মছজিদৰ ভিতৰতে আছিল। মছজিদৰ নিৰাপত্তাৰক্ষীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, দুষ্কৃতিকাৰীয়ে নামাজৰ সময়তে বিস্ফোৰণটো সংঘটিত কৰে। আৰক্ষীয়ে সংবাদ সংস্থাক জনোৱা মতে, মছজিদত নামাজৰ সময়ত ১:৪০ বজাত এই বিস্ফোৰণ সংঘটিত হয়।

আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। আহতসকলৰ ভিতৰত কমেও ১৩ জনৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয়খনে জনাইছে। 

সমগ্ৰ ঘটনাক গৰিহণা দি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে এক বিবৃতিত কয় যে বিস্ফোৰণৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। তেওঁ নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শ্বৰীফে আহতসকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক