--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি মাহৰ যৌথ অভিযানৰ অন্তত অষ্ট্ৰেলিয়া আৰু আমেৰিকান আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে। অষ্ট্ৰেলিয়া অভিমুখী এখন জাহাজৰ পৰা ৬.৬৭ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰায় ডেৰ-দুটন ড্ৰাগছ উদ্ধাৰ কৰে। ভাৰতীয় মুদ্ৰাত ইয়াৰ বজাৰ মূল্য প্ৰায় ৫,৫৩২ কোটি টকা।

পশ্চিম অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে জনোৱা মতে, ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত এতিয়ালৈকে ১২ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, শেহতীয়াকৈ দক্ষিণ আমেৰিকাৰ উপকূলীয় অঞ্চলৰ ওচৰত জাহাজখন আটক কৰা হৈছে। তাৰ পৰা বৃহৎ পৰিমাণৰ কোকেইন উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে, সেই জাহাজত জব্দ কৰা ড্ৰাগছৰ পৰিমাণ চলিত বছৰত অষ্ট্ৰেলিয়াত সেৱন কৰা ড্ৰাগছৰ আধা।

পশ্চিম অষ্ট্ৰেলিয়াৰ আৰক্ষীয়েও দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ আৰক্ষীৰ এয়া অন্যতম বৃহৎ অভিযান। শনিবাৰে জাৰি কৰা এক বিবৃতিত তেওঁলোকে কয় যে যোৱা নৱেম্বৰৰ পৰা এই জাহাজখন জব্দ কৰাৰ চেষ্টা আৰম্ভ হৈছিল।

আৰক্ষীৰ মতে, ধৃত লোকসকলৰ উদ্দেশ্য আছিল ভুৱা ড্ৰাগছৰ পেকেটৰ সৈতে প্ৰকৃত কোকেইন পেকেটৰ বিনিময়। যোৱা ৩০ ডিচেম্বৰত ১.২ টন জাল কোকেইনসহ ৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগ কৰা হৈছে যে তেওঁলোক অষ্ট্ৰেলিয়াৰ ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ সৈতে জড়িত। চলিত বৰ্ষৰ ১৩ জানুৱাৰীত আৰু ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে এজন আছিল আমেৰিকাৰ নাগৰিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল