--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি মাহৰ যৌথ অভিযানৰ অন্তত অষ্ট্ৰেলিয়া আৰু আমেৰিকান আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিছে। অষ্ট্ৰেলিয়া অভিমুখী এখন জাহাজৰ পৰা ৬.৬৭ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰায় ডেৰ-দুটন ড্ৰাগছ উদ্ধাৰ কৰে। ভাৰতীয় মুদ্ৰাত ইয়াৰ বজাৰ মূল্য প্ৰায় ৫,৫৩২ কোটি টকা।

পশ্চিম অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে জনোৱা মতে, ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত এতিয়ালৈকে ১২ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, শেহতীয়াকৈ দক্ষিণ আমেৰিকাৰ উপকূলীয় অঞ্চলৰ ওচৰত জাহাজখন আটক কৰা হৈছে। তাৰ পৰা বৃহৎ পৰিমাণৰ কোকেইন উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে, সেই জাহাজত জব্দ কৰা ড্ৰাগছৰ পৰিমাণ চলিত বছৰত অষ্ট্ৰেলিয়াত সেৱন কৰা ড্ৰাগছৰ আধা।

পশ্চিম অষ্ট্ৰেলিয়াৰ আৰক্ষীয়েও দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ আৰক্ষীৰ এয়া অন্যতম বৃহৎ অভিযান। শনিবাৰে জাৰি কৰা এক বিবৃতিত তেওঁলোকে কয় যে যোৱা নৱেম্বৰৰ পৰা এই জাহাজখন জব্দ কৰাৰ চেষ্টা আৰম্ভ হৈছিল।

আৰক্ষীৰ মতে, ধৃত লোকসকলৰ উদ্দেশ্য আছিল ভুৱা ড্ৰাগছৰ পেকেটৰ সৈতে প্ৰকৃত কোকেইন পেকেটৰ বিনিময়। যোৱা ৩০ ডিচেম্বৰত ১.২ টন জাল কোকেইনসহ ৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগ কৰা হৈছে যে তেওঁলোক অষ্ট্ৰেলিয়াৰ ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ সৈতে জড়িত। চলিত বৰ্ষৰ ১৩ জানুৱাৰীত আৰু ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে এজন আছিল আমেৰিকাৰ নাগৰিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন