--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত আহি পৰিছে  প্ৰচণ্ড চাপ। দেওবাৰে আৰক্ষীয়ে  খানক  গ্ৰেপ্তাৰ কৰিবলৈ লাহোৰত উপস্থিত হৈছে৷ ইছলামাবাদৰ পৰা যোৱা আৰক্ষীৰ বিশাল দলে লাহোৰত থকা ইমৰানৰ ঘৰত উপস্থিত হোৱাৰ পিছতে পিটিআইৰ সমৰ্থকসকলে আৰক্ষীক বাধা দিয়ে৷   পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে  গ্ৰেপ্তাৰ পৰোৱানা লৈ উপস্থিত হোৱা বৃহৎ আৰক্ষী বাহিনীৰ সৈতে পিটিআইৰ সমৰ্থকসকলে তৰ্কত লিপ্ত হোৱা দেখা গৈছে৷

 ইমৰান খানক গ্ৰেপ্তাৰ কৰিলে পাকিস্তানত জুই জ্বলিব বুলিও পিটিআই-এ সকিয়াই দিছে৷  উপস্থিত হৈছে।লাহোৰৰ আৰক্ষী মহাপৰিদৰ্শকে এছএছপিক নিৰ্দেশ দিছে যে কোষাগাৰৰ সম্পত্তিৰ অপব্যৱহাৰৰ দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত দেওবাৰে ইমৰান খানক গ্ৰেপ্তাৰ কৰা হ'ব। এই নিৰ্দেশৰ পিছতে লাহোৰৰ জামান পাৰ্কত থকা ইমৰানৰ ঘৰত এক বৃহৎ আৰক্ষী বাহিনী উপস্থিত হয়। আৰক্ষীয়ে কৈছে যে পাকিস্তানৰ আইন সকলোৰে বাবে সমান। ইফালে  ইমৰান খানৰ সমৰ্থকসকলে তেওঁলোকৰ প্ৰিয় নেতাজনক গ্ৰেপ্তাৰ কৰা প্ৰতিহত কৰিবলৈ তেওঁৰ বাসগৃহ ঘেৰাও কৰি ৰাখিছে৷ 

উল্লেখ্য ইমৰান খানে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত বিদেশৰ পৰা লাভ কৰা বহু উপহাৰ বিক্ৰী কৰাৰ  গোচৰৰ শুনানি চলি আছে। পাকিস্তানৰ আইন  অনুসৰি তেনে উপহাৰ নিজৰ ইচ্ছানুসৰি কোনেও বিক্ৰী কৰিব নোৱাৰে৷  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খানে  শুনানিত ব্যক্তিগতভাৱে উপস্থিত হোৱা নাছিল। ফলত তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

হাজাৰ হাজাৰ পিটিআই সমৰ্থকে  ইমৰান খানৰ ঘৰ ঘেৰি ধৰিছে।  ইমৰান-সমৰ্থকসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰো বাতৰি আহিছে৷ উল্লেখ্য ইয়াৰ পূৰ্বেও দুৰ্নীতিৰ অভিযোগত ইমৰানক গ্ৰেপ্তাৰ কৰিব বিচৰা হৈছিল৷। সেই সময়তো  সমৰ্থকসকলে একেধৰণে প্ৰতিবাদ কৰিছিল। অৱশেষত আদালতৰ নিৰ্দেশত ইমৰান খান গ্ৰেপ্তাৰ পৰা ৰক্ষা পৰিছিল। সবিশেষ বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল