--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত আহি পৰিছে  প্ৰচণ্ড চাপ। দেওবাৰে আৰক্ষীয়ে  খানক  গ্ৰেপ্তাৰ কৰিবলৈ লাহোৰত উপস্থিত হৈছে৷ ইছলামাবাদৰ পৰা যোৱা আৰক্ষীৰ বিশাল দলে লাহোৰত থকা ইমৰানৰ ঘৰত উপস্থিত হোৱাৰ পিছতে পিটিআইৰ সমৰ্থকসকলে আৰক্ষীক বাধা দিয়ে৷   পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে  গ্ৰেপ্তাৰ পৰোৱানা লৈ উপস্থিত হোৱা বৃহৎ আৰক্ষী বাহিনীৰ সৈতে পিটিআইৰ সমৰ্থকসকলে তৰ্কত লিপ্ত হোৱা দেখা গৈছে৷

 ইমৰান খানক গ্ৰেপ্তাৰ কৰিলে পাকিস্তানত জুই জ্বলিব বুলিও পিটিআই-এ সকিয়াই দিছে৷  উপস্থিত হৈছে।লাহোৰৰ আৰক্ষী মহাপৰিদৰ্শকে এছএছপিক নিৰ্দেশ দিছে যে কোষাগাৰৰ সম্পত্তিৰ অপব্যৱহাৰৰ দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত দেওবাৰে ইমৰান খানক গ্ৰেপ্তাৰ কৰা হ'ব। এই নিৰ্দেশৰ পিছতে লাহোৰৰ জামান পাৰ্কত থকা ইমৰানৰ ঘৰত এক বৃহৎ আৰক্ষী বাহিনী উপস্থিত হয়। আৰক্ষীয়ে কৈছে যে পাকিস্তানৰ আইন সকলোৰে বাবে সমান। ইফালে  ইমৰান খানৰ সমৰ্থকসকলে তেওঁলোকৰ প্ৰিয় নেতাজনক গ্ৰেপ্তাৰ কৰা প্ৰতিহত কৰিবলৈ তেওঁৰ বাসগৃহ ঘেৰাও কৰি ৰাখিছে৷ 

উল্লেখ্য ইমৰান খানে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত বিদেশৰ পৰা লাভ কৰা বহু উপহাৰ বিক্ৰী কৰাৰ  গোচৰৰ শুনানি চলি আছে। পাকিস্তানৰ আইন  অনুসৰি তেনে উপহাৰ নিজৰ ইচ্ছানুসৰি কোনেও বিক্ৰী কৰিব নোৱাৰে৷  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খানে  শুনানিত ব্যক্তিগতভাৱে উপস্থিত হোৱা নাছিল। ফলত তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

হাজাৰ হাজাৰ পিটিআই সমৰ্থকে  ইমৰান খানৰ ঘৰ ঘেৰি ধৰিছে।  ইমৰান-সমৰ্থকসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰো বাতৰি আহিছে৷ উল্লেখ্য ইয়াৰ পূৰ্বেও দুৰ্নীতিৰ অভিযোগত ইমৰানক গ্ৰেপ্তাৰ কৰিব বিচৰা হৈছিল৷। সেই সময়তো  সমৰ্থকসকলে একেধৰণে প্ৰতিবাদ কৰিছিল। অৱশেষত আদালতৰ নিৰ্দেশত ইমৰান খান গ্ৰেপ্তাৰ পৰা ৰক্ষা পৰিছিল। সবিশেষ বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন