--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ বিশ্বত পাৰমাণৱিক আক্ৰমণৰ দামামা বজালে ৰাছিয়াই।এইবাৰ ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ সেনাই পাৰমাণৱিক আক্ৰমণৰ অনুশীলন  আৰম্ভ কৰিছে। ৰাছিয়াৰ পাৰমাণৱিক সশস্ত্ৰ বাহিনীয়ে  এই অনুশীলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী সংবাদ সংস্থা আৰআইএ-য়ে জনাইছে যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক যুদ্ধৰ পৰিস্থিতিৰ সৈতে সম্পৰ্কিত অনুশীলনসমূহলৈ লক্ষ্য ৰাখিছে।

 ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে পাৰমাণৱিক যুদ্ধৰ বাবে প্ৰস্তুতি চলাই থকাৰ দৃশ্য চাই থকাৰ  এখন ছবিও টিভিত সম্প্ৰচাৰিত হৈছে। ২৪ ফেব্ৰুৱাৰীত পুটিনে ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পিছত এইটো প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ পাৰমাণৱিক কৌশলগত বাহিনীৰ অনুশীলন। ইয়াৰ পূৰ্বে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ভূমি আৰু চাবমেৰিনৰ পৰা পাৰমাণৱিক সশস্ত্ৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰিছে। পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সামৰিক মিত্ৰতা নাটো আৰু ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ কৃষ্ণ সাগৰৰ গভীৰতাত এটা পাৰমাণৱিক বোমা পৰীক্ষা কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন মহলত আলোচনা হৈছে। 
কেইবাটাও পশ্চিমীয়া সংবাদ মাধ্যমে এয়া  দাবী কৰিছে।

 ৰাছিয়াৰ সৈন্যই ১০ অক্টোবৰৰ পৰা জাপোৰিজিয়া আৰু খেৰচনকে ধৰি কিছুমান অঞ্চলত নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। সামৰিক ঘাটিৰ উপৰিও ঘন বসতিপূৰ্ণ অঞ্চলত মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি  জেলেনস্কিৰ সৈন্য বাহিনীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহে প্ৰদান কৰা অস্ত্ৰ-শস্ত্ৰৰ সহায়ত আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা চলাই আছে। 

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনৰ দৰে কিছুমান দেশে উদ্বেগ প্ৰকাশ কৰিছে যে ৰাছিয়াই যিকোনো পৰিস্থিতিৰ মাজতে  পাৰমাণৱিক আক্ৰমণ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনেও মস্কোক এই বিষয়ে সতৰ্ক কৰি দিছে। ইপিনে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে সোমবাৰে দাবী কৰিছিল যে কিয়েভে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহৰ সহায়ত তেজস্ক্ৰিয় সামগ্ৰী থকা "ডাৰ্টি বোমা" ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰি আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক