--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ বিশ্বত পাৰমাণৱিক আক্ৰমণৰ দামামা বজালে ৰাছিয়াই।এইবাৰ ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ সেনাই পাৰমাণৱিক আক্ৰমণৰ অনুশীলন  আৰম্ভ কৰিছে। ৰাছিয়াৰ পাৰমাণৱিক সশস্ত্ৰ বাহিনীয়ে  এই অনুশীলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী সংবাদ সংস্থা আৰআইএ-য়ে জনাইছে যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক যুদ্ধৰ পৰিস্থিতিৰ সৈতে সম্পৰ্কিত অনুশীলনসমূহলৈ লক্ষ্য ৰাখিছে।

 ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে পাৰমাণৱিক যুদ্ধৰ বাবে প্ৰস্তুতি চলাই থকাৰ দৃশ্য চাই থকাৰ  এখন ছবিও টিভিত সম্প্ৰচাৰিত হৈছে। ২৪ ফেব্ৰুৱাৰীত পুটিনে ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পিছত এইটো প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ পাৰমাণৱিক কৌশলগত বাহিনীৰ অনুশীলন। ইয়াৰ পূৰ্বে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ভূমি আৰু চাবমেৰিনৰ পৰা পাৰমাণৱিক সশস্ত্ৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰিছে। পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সামৰিক মিত্ৰতা নাটো আৰু ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ কৃষ্ণ সাগৰৰ গভীৰতাত এটা পাৰমাণৱিক বোমা পৰীক্ষা কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন মহলত আলোচনা হৈছে। 
কেইবাটাও পশ্চিমীয়া সংবাদ মাধ্যমে এয়া  দাবী কৰিছে।

 ৰাছিয়াৰ সৈন্যই ১০ অক্টোবৰৰ পৰা জাপোৰিজিয়া আৰু খেৰচনকে ধৰি কিছুমান অঞ্চলত নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। সামৰিক ঘাটিৰ উপৰিও ঘন বসতিপূৰ্ণ অঞ্চলত মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি  জেলেনস্কিৰ সৈন্য বাহিনীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহে প্ৰদান কৰা অস্ত্ৰ-শস্ত্ৰৰ সহায়ত আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা চলাই আছে। 

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনৰ দৰে কিছুমান দেশে উদ্বেগ প্ৰকাশ কৰিছে যে ৰাছিয়াই যিকোনো পৰিস্থিতিৰ মাজতে  পাৰমাণৱিক আক্ৰমণ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনেও মস্কোক এই বিষয়ে সতৰ্ক কৰি দিছে। ইপিনে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে সোমবাৰে দাবী কৰিছিল যে কিয়েভে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহৰ সহায়ত তেজস্ক্ৰিয় সামগ্ৰী থকা "ডাৰ্টি বোমা" ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰি আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ