--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ দুৰ্ঘটনাৰ খবৰে জোকাৰি গৈছে মানুহৰ হৃদয়৷  একেলগে জীৱন কটোৱাৰ প্ৰতিশ্ৰুতিৰে বিবাহপাশত আবদ্ধ হৈছিল এহাল যুৱক-যুৱতী৷ কিন্তু সংসাৰ কৰাৰ সপোন তেওঁলোকৰ পূৰণ নহ’ল৷ বিয়াৰ দিনাই এক ভয়ংকৰ পথ দুৰ্ঘটনাত দৰা-কইনাৰ লগতে আন পাঁচ জন লোকৰ মৃত্যু ঘটে৷ বিয়াৰ সকলো আনন্দ মুহূৰ্ততে নাইকিয়া হৈ গ'ল।ছত্তীশগড়ত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বালোদা গাঁৱৰ বাসিন্দা শুভম চোনীয়ে শিৱৰিনাৰায়ণ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 

শনিবাৰে বিবাহ অনুষ্ঠানৰ পিছত  দৰা-কইনাই  আজি পুৱা বালোদালৈ ৰাওনা হৈছিল। আন বহু লোক তেওঁলোকৰ সৈতে আছিল। কিন্তু দৰা-কইনাৰ লগতে আন পাঁচ জন লোকে ঘৰলৈ উভতি আহিব নোৱাৰিলে৷ পথত সংঘটিত  এটা দুৰ্ঘটনাৰ ফলত তেওঁলোকৰ প্ৰাণহানি ঘটে৷

বাতৰি অনুসৰি দেওবাৰে পুৱতি নিশা বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে দৰা-কইনা উঠি যোৱা  গাড়ী খনত প্ৰচণ্ড জোৰেৰে  খুন্দা মাৰে। গাড়ীখনত থকা চাৰিজন লোকৰ ঘটনাস্থলীত মৃত্যু হয়। তেওঁলোকৰ ভিতৰত আছিল কইনা গৰাকী আৰু তেওঁৰ দেউতাক। দৰা শুভমক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ কিন্তু চিকিৎসাৰ সময়তে  তেওঁ মৃত্যুৰ কোলাত ঢলি পৰে৷

আৰক্ষীয়ে জনোৱা অনুসৰিদুৰ্ঘটনাটো পাকাদিয়া অঞ্চলত সংঘটিত হৈছে। নৱদম্পতিৰ ফৰ্ড টাইটেনিয়াম গাড়ীখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাটো সংঘটিত কৰা গাড়ী খনৰ  চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমান তেওঁক বিচাৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক