--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ দুৰ্ঘটনাৰ খবৰে জোকাৰি গৈছে মানুহৰ হৃদয়৷  একেলগে জীৱন কটোৱাৰ প্ৰতিশ্ৰুতিৰে বিবাহপাশত আবদ্ধ হৈছিল এহাল যুৱক-যুৱতী৷ কিন্তু সংসাৰ কৰাৰ সপোন তেওঁলোকৰ পূৰণ নহ’ল৷ বিয়াৰ দিনাই এক ভয়ংকৰ পথ দুৰ্ঘটনাত দৰা-কইনাৰ লগতে আন পাঁচ জন লোকৰ মৃত্যু ঘটে৷ বিয়াৰ সকলো আনন্দ মুহূৰ্ততে নাইকিয়া হৈ গ'ল।ছত্তীশগড়ত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বালোদা গাঁৱৰ বাসিন্দা শুভম চোনীয়ে শিৱৰিনাৰায়ণ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। 

শনিবাৰে বিবাহ অনুষ্ঠানৰ পিছত  দৰা-কইনাই  আজি পুৱা বালোদালৈ ৰাওনা হৈছিল। আন বহু লোক তেওঁলোকৰ সৈতে আছিল। কিন্তু দৰা-কইনাৰ লগতে আন পাঁচ জন লোকে ঘৰলৈ উভতি আহিব নোৱাৰিলে৷ পথত সংঘটিত  এটা দুৰ্ঘটনাৰ ফলত তেওঁলোকৰ প্ৰাণহানি ঘটে৷

বাতৰি অনুসৰি দেওবাৰে পুৱতি নিশা বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে দৰা-কইনা উঠি যোৱা  গাড়ী খনত প্ৰচণ্ড জোৰেৰে  খুন্দা মাৰে। গাড়ীখনত থকা চাৰিজন লোকৰ ঘটনাস্থলীত মৃত্যু হয়। তেওঁলোকৰ ভিতৰত আছিল কইনা গৰাকী আৰু তেওঁৰ দেউতাক। দৰা শুভমক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ কিন্তু চিকিৎসাৰ সময়তে  তেওঁ মৃত্যুৰ কোলাত ঢলি পৰে৷

আৰক্ষীয়ে জনোৱা অনুসৰিদুৰ্ঘটনাটো পাকাদিয়া অঞ্চলত সংঘটিত হৈছে। নৱদম্পতিৰ ফৰ্ড টাইটেনিয়াম গাড়ীখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাটো সংঘটিত কৰা গাড়ী খনৰ  চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমান তেওঁক বিচাৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক