--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অ'মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে বাতিল কৰিলে নিজৰ বিয়া। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ৪১ বছৰীয়া জেচিণ্ডা আৰ্ডেনে দেওবাৰে অৰ্থাৎ ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। কোভিড প্ৰটকল অধিক কঠোৰ কৰি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে কয় ''মই এই মুহূৰ্তত বিবাহপাশত আৱদ্ধ নহওঁ।'' নিউজিলেণ্ডত সম্পূৰ্ণৰূপে টিকাকৰণ কৰা মাত্ৰ ১০০ জন লোকক এতিয়া যিকোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ'ব। ভিৰৰ সংখ্যা সীমিত কৰাৰ উপৰিও এতিয়া ৰাজহুৱা পৰিবহন আৰু দোকানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। নতুন নিষেধাজ্ঞাসমূহ কমেও অহা মাহৰ শেষলৈকে থাকিব। এনে ধৰণৰ প্ৰতিবন্ধকতা আৰোপ কৰি তেওঁ কেনে অনুভৱ কৰিছিল বুলি সোধাত আৰ্ডেনে কৈছিল, "এয়াই জীৱন। মই নিউজিলেণ্ডৰ হাজাৰ হাজাৰ লোকৰ পৰা পৃথক নহয় যিসকলে মহামাৰীৰ ফলত যথেষ্ট বিধ্বংসী প্ৰভাৱৰ সন্মুখীন হৈছে।" মহামাৰী আৰম্ভ হোৱাৰ পৰা নিউজিলেণ্ডত ১৫,১০৪ টা কোভিড ঘটনা আৰু ৫২ টা মৃত্যুৰ ঘটনা নথিভুক্ত কৰা হৈছে। উল্লেখ্য যে জেচিণ্ডা আৰ্ডেনে আনুষ্ঠানিকভাৱে বিয়াত নবহাকৈ ২০১৩ চনৰ পৰা ক্নাৰ্ক গেইফৰ্ড নামৰ এজন পুৰুষৰ সৈতে সহবাস কৰি আছে। ২০১৮ চনত তেওঁ এটি সন্তানৰ মাতৃত্বও অৰ্জন কৰিছে। অৱশেষত তেওঁ ক্নাৰ্ক গেইফৰ্ডৰ সৈতে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হবলৈ আগবাঢ়িছিল যদিও অমিক্ৰণ তথা কৰনা ভাইৰাছে দিলে বিধি-পথালি। পৰিস্থিতি উন্নত নোহোৱালৈকে এই বিয়া স্থগিত থাকিব বুলি ঘোষণা কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে। আৰু পঢ়কঃ ‘শ্ৰীৱল্লী’ জ্বৰত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ! নৃত্য কৰি ভাইৰেল

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ