--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অ'মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে বাতিল কৰিলে নিজৰ বিয়া। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ৪১ বছৰীয়া জেচিণ্ডা আৰ্ডেনে দেওবাৰে অৰ্থাৎ ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। কোভিড প্ৰটকল অধিক কঠোৰ কৰি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে কয় ''মই এই মুহূৰ্তত বিবাহপাশত আৱদ্ধ নহওঁ।'' নিউজিলেণ্ডত সম্পূৰ্ণৰূপে টিকাকৰণ কৰা মাত্ৰ ১০০ জন লোকক এতিয়া যিকোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুমতি দিয়া হ'ব। ভিৰৰ সংখ্যা সীমিত কৰাৰ উপৰিও এতিয়া ৰাজহুৱা পৰিবহন আৰু দোকানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। নতুন নিষেধাজ্ঞাসমূহ কমেও অহা মাহৰ শেষলৈকে থাকিব। এনে ধৰণৰ প্ৰতিবন্ধকতা আৰোপ কৰি তেওঁ কেনে অনুভৱ কৰিছিল বুলি সোধাত আৰ্ডেনে কৈছিল, "এয়াই জীৱন। মই নিউজিলেণ্ডৰ হাজাৰ হাজাৰ লোকৰ পৰা পৃথক নহয় যিসকলে মহামাৰীৰ ফলত যথেষ্ট বিধ্বংসী প্ৰভাৱৰ সন্মুখীন হৈছে।" মহামাৰী আৰম্ভ হোৱাৰ পৰা নিউজিলেণ্ডত ১৫,১০৪ টা কোভিড ঘটনা আৰু ৫২ টা মৃত্যুৰ ঘটনা নথিভুক্ত কৰা হৈছে। উল্লেখ্য যে জেচিণ্ডা আৰ্ডেনে আনুষ্ঠানিকভাৱে বিয়াত নবহাকৈ ২০১৩ চনৰ পৰা ক্নাৰ্ক গেইফৰ্ড নামৰ এজন পুৰুষৰ সৈতে সহবাস কৰি আছে। ২০১৮ চনত তেওঁ এটি সন্তানৰ মাতৃত্বও অৰ্জন কৰিছে। অৱশেষত তেওঁ ক্নাৰ্ক গেইফৰ্ডৰ সৈতে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হবলৈ আগবাঢ়িছিল যদিও অমিক্ৰণ তথা কৰনা ভাইৰাছে দিলে বিধি-পথালি। পৰিস্থিতি উন্নত নোহোৱালৈকে এই বিয়া স্থগিত থাকিব বুলি ঘোষণা কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে। আৰু পঢ়কঃ ‘শ্ৰীৱল্লী’ জ্বৰত আক্ৰান্ত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ! নৃত্য কৰি ভাইৰেল

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু