--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰথমবাৰৰ বাবে জাপানৰ মহিলাসকলে লাভ কৰিছে সকাহ। জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে গৰ্ভপাতৰ বড়ি ব্যৱহাৰত অনুমোদন জনোৱাৰ পিছতে বহু জাপানী মহিলাই আনন্দ প্ৰকাশ কৰিছে। গৰ্ভৱতী মহিলাসকলে গৰ্ভধাৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত এই বড়ি ব্যৱহাৰ কৰিব পাৰিব।

 জাপানত ২২ সপ্তাহত গৰ্ভপাত আইনী প্ৰক্ৰিয়া হিচাবে গণ্য কৰা হয়। কিন্তু তাৰ বাবে স্বামীৰো অনুমোদনৰ প্ৰয়োজন। এতিয়ালৈকে জাপানত অস্ত্ৰোপচাৰৰ জড়িয়তেহে প্ৰয়োজনত গৰ্ভপাত কৰা হৈ আহিছে৷কিন্তু এতিয়া ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী লাইনফাৰ্মাৰ দ্বাৰা প্ৰস্তুত কৰা ঔষধ দেশ খনত বৈধ হিচাবে পৰিগণিত হৈছে। বড়িটোৰ ব্যৱহাৰৰ বাবে   ২০২১ চনৰ ডিচেম্বৰ মাহত চৰকাৰৰ সন্মতিৰ বাবে জাপানী কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰা হৈছিল। 

অৱশেষত ইয়াক অনুমোদন জনোৱা হৈছে।উল্লেখ্য পৃথিৱীৰ প্ৰথম গৰ্ভপাতৰ বড়ি ফ্ৰান্সত প্ৰৱৰ্তন কৰা হৈছিল। বড়িটো ১৯৮৮ চনত অনুমোদিত হৈছিল। ঔষধটো ২০০০ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱৰ্তন কৰা হৈছে। কিন্তু শেহতীয়াকৈ আমেৰিকাত গৰ্ভপাতৰ বৈধতা সম্পৰ্কে এক বিতৰ্কৰ সৃষ্টি  হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে ৫০ বছৰ পুৰণি গৰ্ভপাত আইন খন বাতিল কৰিব লাগে।

 গৰ্ভপাত আৰু বৈধ কৰা নহ'ব। আদালতৰ এনে ৰায়ৰ বিৰুদ্ধে সাধাৰণ মানুহৰ পৰা বিখ্যাত ব্যক্তিলৈকে বহুতেই প্ৰতিবাদত নামি পৰিছে।পিছত কেইখনমান প্ৰাদেশিক আদালতে উচ্চতম ন্যায়ালয়ৰ  ৰায়ৰ বিৰুদ্ধে মত দিছিল। এপ্ৰিল মাহত মাইফোপ্ৰিষ্টন নামৰ ঔষধটো অস্থায়ীভাৱে আমেৰিকাত নিষিদ্ধ কৰা হৈছিল। এই ঔষধটো আমেৰিকা যুক্তৰাষ্ট্ৰত কমেও ৫৩ শতাংশ গৰ্ভপাতত ব্যৱহাৰ কৰা হয়। কিন্তু উক্ত ৰায় ঘোষণা হোৱাৰ এঘণ্টা পিছত ৱাশ্বিংটনৰ এখন প্ৰাদেশিক আদালতে কয় যে এই আদেশ ১৭ খন ৰাজ্যত কাৰ্যকৰী নহ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস