--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰথমবাৰৰ বাবে জাপানৰ মহিলাসকলে লাভ কৰিছে সকাহ। জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে গৰ্ভপাতৰ বড়ি ব্যৱহাৰত অনুমোদন জনোৱাৰ পিছতে বহু জাপানী মহিলাই আনন্দ প্ৰকাশ কৰিছে। গৰ্ভৱতী মহিলাসকলে গৰ্ভধাৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত এই বড়ি ব্যৱহাৰ কৰিব পাৰিব।

 জাপানত ২২ সপ্তাহত গৰ্ভপাত আইনী প্ৰক্ৰিয়া হিচাবে গণ্য কৰা হয়। কিন্তু তাৰ বাবে স্বামীৰো অনুমোদনৰ প্ৰয়োজন। এতিয়ালৈকে জাপানত অস্ত্ৰোপচাৰৰ জড়িয়তেহে প্ৰয়োজনত গৰ্ভপাত কৰা হৈ আহিছে৷কিন্তু এতিয়া ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী লাইনফাৰ্মাৰ দ্বাৰা প্ৰস্তুত কৰা ঔষধ দেশ খনত বৈধ হিচাবে পৰিগণিত হৈছে। বড়িটোৰ ব্যৱহাৰৰ বাবে   ২০২১ চনৰ ডিচেম্বৰ মাহত চৰকাৰৰ সন্মতিৰ বাবে জাপানী কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰা হৈছিল। 

অৱশেষত ইয়াক অনুমোদন জনোৱা হৈছে।উল্লেখ্য পৃথিৱীৰ প্ৰথম গৰ্ভপাতৰ বড়ি ফ্ৰান্সত প্ৰৱৰ্তন কৰা হৈছিল। বড়িটো ১৯৮৮ চনত অনুমোদিত হৈছিল। ঔষধটো ২০০০ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱৰ্তন কৰা হৈছে। কিন্তু শেহতীয়াকৈ আমেৰিকাত গৰ্ভপাতৰ বৈধতা সম্পৰ্কে এক বিতৰ্কৰ সৃষ্টি  হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে ৫০ বছৰ পুৰণি গৰ্ভপাত আইন খন বাতিল কৰিব লাগে।

 গৰ্ভপাত আৰু বৈধ কৰা নহ'ব। আদালতৰ এনে ৰায়ৰ বিৰুদ্ধে সাধাৰণ মানুহৰ পৰা বিখ্যাত ব্যক্তিলৈকে বহুতেই প্ৰতিবাদত নামি পৰিছে।পিছত কেইখনমান প্ৰাদেশিক আদালতে উচ্চতম ন্যায়ালয়ৰ  ৰায়ৰ বিৰুদ্ধে মত দিছিল। এপ্ৰিল মাহত মাইফোপ্ৰিষ্টন নামৰ ঔষধটো অস্থায়ীভাৱে আমেৰিকাত নিষিদ্ধ কৰা হৈছিল। এই ঔষধটো আমেৰিকা যুক্তৰাষ্ট্ৰত কমেও ৫৩ শতাংশ গৰ্ভপাতত ব্যৱহাৰ কৰা হয়। কিন্তু উক্ত ৰায় ঘোষণা হোৱাৰ এঘণ্টা পিছত ৱাশ্বিংটনৰ এখন প্ৰাদেশিক আদালতে কয় যে এই আদেশ ১৭ খন ৰাজ্যত কাৰ্যকৰী নহ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন