--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনসংখ্যাৰ দিশৰ পৰা চীনক চেৰ পেলাই ভাৰত এতিয়া বিশ্বৰ প্ৰথম স্থানত থকা দেশত পৰিণত হৈছে৷ এক কথাত ক’বলৈ গ’লে চীনৰ জনসংখ্যা দ্ৰুত হাৰত হ্ৰাস পাইছে। দেশ খনত বৃদ্ধ আৰু বিকলাঙ্গ লোকৰ সংখ্যা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত চীনে জনসংখ্যা বৃদ্ধিৰ বাবে এক নতুন পদ্ধতি গ্ৰহণ কৰিছে। এতিয়া চীনৰ প্ৰশাসনে অবিবাহিতা মহিলাসকলকো আইভিএফ পদ্ধতিৰ  জড়িয়তে সন্তান জন্ম দিবলৈ অনুমতি দিছে।

 চীনৰ চৰকাৰৰ পৰা এই কথাও  জনোৱা হৈছে যে অবিবাহিতা যুৱতীসকলকো  প্ৰসূতিৰ সমস্ত চৰকাৰী লাভালাভ প্ৰদান কৰা হ'ব।ইতিপূৰ্বে চীনৰ কেইখনমান প্ৰদেশত, যেনে ছিঝৌত, অবিবাহিত যুৱতীসকলক  সন্তান জন্ম দিবলৈ অনুমতি দিয়া হৈছিল। এতিয়া আদেশটো সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে। চীনা প্ৰশাসন জনসংখ্যা হ্ৰাসক লৈ যথেষ্ট চিন্তিত বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে৷ 

এনে পৰিস্থিতিত চীনৰ জনসংখ্যা বিশেষজ্ঞসকলে  দাবী কৰিছে যে যদি অবিবাহিতা মহিলাসকলক সন্তান জন্ম দিবলৈ অনুমতি দিয়া হয়, তেন্তে জন্মৰ হাৰ যথেষ্ট বৃদ্ধি হ'ব পাৰে। চীনা প্ৰশাসনে এইবুলিও  কৈছে যে অবিবাহিতা মাতৃসকলে বিবাহিত লোকৰ দৰেই সকলো সুবিধা লাভ কৰিব। তেওঁলোকে কামত দৰমহাসহ  ছুটি, তেওঁলোকৰ সন্তানৰ বাবে আৰ্থিক সহায়  আদি লাভ কৰিব।

 চীনৰ বহু  মহিলা এতিয়া প্ৰশাসনৰ এনে নিৰ্দেশত  যথেষ্ট সুখী হৈ পৰা পৰিলক্ষিত হৈছে। এগৰাকী বিবাহ বিচ্ছেদহোৱা মহিলা চেন লুওজিনৰ মতে, "বিবাহিত জীৱন সকলোৰে বাবে সমান নহয়। কিন্তু সন্তান জন্ম দিয়াৰ বিষয়টো বিবাহৰ সৈতে একেলগ কৰাটো সঠিক নহয়। "

উল্লেখ্য আইভিএফ চিকিৎসা পদ্ধতি হৈছে বিশ্বৰ আটাইতকৈ লাভজনক ব্যৱসায়বোৰৰ ভিতৰত এটা হিচাবে পৰিগণিত হৈছে। অবিবাহিতা মহিলাসকলৰ ভিতৰত চীনত আইভিএফ চিকিৎসাৰ চাহিদা হয়তো চৰকাৰী নিৰ্দেশৰ পিছতে বৃদ্ধি হ'ব। এই কথা মনত ৰাখিয়েই  কেইবাজনো বিনিয়োগকাৰীয়ে ইতিমধ্যে চীনৰ চিকিৎসা খণ্ডত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস