--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনসংখ্যাৰ দিশৰ পৰা চীনক চেৰ পেলাই ভাৰত এতিয়া বিশ্বৰ প্ৰথম স্থানত থকা দেশত পৰিণত হৈছে৷ এক কথাত ক’বলৈ গ’লে চীনৰ জনসংখ্যা দ্ৰুত হাৰত হ্ৰাস পাইছে। দেশ খনত বৃদ্ধ আৰু বিকলাঙ্গ লোকৰ সংখ্যা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত চীনে জনসংখ্যা বৃদ্ধিৰ বাবে এক নতুন পদ্ধতি গ্ৰহণ কৰিছে। এতিয়া চীনৰ প্ৰশাসনে অবিবাহিতা মহিলাসকলকো আইভিএফ পদ্ধতিৰ  জড়িয়তে সন্তান জন্ম দিবলৈ অনুমতি দিছে।

 চীনৰ চৰকাৰৰ পৰা এই কথাও  জনোৱা হৈছে যে অবিবাহিতা যুৱতীসকলকো  প্ৰসূতিৰ সমস্ত চৰকাৰী লাভালাভ প্ৰদান কৰা হ'ব।ইতিপূৰ্বে চীনৰ কেইখনমান প্ৰদেশত, যেনে ছিঝৌত, অবিবাহিত যুৱতীসকলক  সন্তান জন্ম দিবলৈ অনুমতি দিয়া হৈছিল। এতিয়া আদেশটো সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে। চীনা প্ৰশাসন জনসংখ্যা হ্ৰাসক লৈ যথেষ্ট চিন্তিত বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে৷ 

এনে পৰিস্থিতিত চীনৰ জনসংখ্যা বিশেষজ্ঞসকলে  দাবী কৰিছে যে যদি অবিবাহিতা মহিলাসকলক সন্তান জন্ম দিবলৈ অনুমতি দিয়া হয়, তেন্তে জন্মৰ হাৰ যথেষ্ট বৃদ্ধি হ'ব পাৰে। চীনা প্ৰশাসনে এইবুলিও  কৈছে যে অবিবাহিতা মাতৃসকলে বিবাহিত লোকৰ দৰেই সকলো সুবিধা লাভ কৰিব। তেওঁলোকে কামত দৰমহাসহ  ছুটি, তেওঁলোকৰ সন্তানৰ বাবে আৰ্থিক সহায়  আদি লাভ কৰিব।

 চীনৰ বহু  মহিলা এতিয়া প্ৰশাসনৰ এনে নিৰ্দেশত  যথেষ্ট সুখী হৈ পৰা পৰিলক্ষিত হৈছে। এগৰাকী বিবাহ বিচ্ছেদহোৱা মহিলা চেন লুওজিনৰ মতে, "বিবাহিত জীৱন সকলোৰে বাবে সমান নহয়। কিন্তু সন্তান জন্ম দিয়াৰ বিষয়টো বিবাহৰ সৈতে একেলগ কৰাটো সঠিক নহয়। "

উল্লেখ্য আইভিএফ চিকিৎসা পদ্ধতি হৈছে বিশ্বৰ আটাইতকৈ লাভজনক ব্যৱসায়বোৰৰ ভিতৰত এটা হিচাবে পৰিগণিত হৈছে। অবিবাহিতা মহিলাসকলৰ ভিতৰত চীনত আইভিএফ চিকিৎসাৰ চাহিদা হয়তো চৰকাৰী নিৰ্দেশৰ পিছতে বৃদ্ধি হ'ব। এই কথা মনত ৰাখিয়েই  কেইবাজনো বিনিয়োগকাৰীয়ে ইতিমধ্যে চীনৰ চিকিৎসা খণ্ডত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন