--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সোনকালে তৃতীয় সন্তানৰ পিতৃ হ’ব ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন। বৰিছৰ পত্নী কেৰী বৰ্তমান সন্তানসম্ভৱা। এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ এই কথা সদৰী কৰিছে। কেৰীয়ে কয় যে কেইসপ্তাহমানৰ পিছত তেওঁৰ তৃতীয়টো সন্তান জন্ম হ’ব।

৫৮ বছৰীয়া বৰিছ জনছন আৰু ৩৫ বছৰীয়া কেৰীৰ ক্ৰমে তিনি বছৰীয়া আৰু দুবছৰীয়া দুটা সন্তান আছে। দুয়োৱে ২০২১ চনৰ মে’ মাহত বিবাহপাশত আবদ্ধ হৈছিল। ২০২০ চনত দ্বিতীয় পত্নী মেৰিনা ৱেলাৰৰ সৈতে বৰিছ জনছনৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়। সেই সংসাৰত বৰিছৰ চাৰিটা সন্তান আছে।

ইয়াৰ উপৰিও বৰিছৰ আন এজন প্ৰেমিকাৰ সৈতে সন্তান আছে। অৱশ্যে তেওঁৰ প্ৰথম পত্নী এলেগ্ৰা মষ্টিন-ৱেইনৰ কোনো সন্তান নাই।

প্ৰায় ২০০ বছৰৰ ভিতৰত প্ৰথমজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি বিবাহপাশত আবদ্ধ হয় বৰিছ জনছন। এয়া আছিল তেওঁৰ তৃতীয় বিবাহ। দম্পতীহালৰ দুটা সন্তান আছে। তেওঁলোকৰ তিনি বছৰীয়া পুত্ৰৰ নাম উইলফ আৰু দুবছৰীয়া পুত্ৰৰ নাম ৰমী।

উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল। তেওঁৰ প্ৰথমা পত্নী এলেগ্ৰা মষ্টিন-ৱেইনৰ কোনো সন্তান নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস