--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সোনকালে তৃতীয় সন্তানৰ পিতৃ হ’ব ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন। বৰিছৰ পত্নী কেৰী বৰ্তমান সন্তানসম্ভৱা। এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ এই কথা সদৰী কৰিছে। কেৰীয়ে কয় যে কেইসপ্তাহমানৰ পিছত তেওঁৰ তৃতীয়টো সন্তান জন্ম হ’ব।

৫৮ বছৰীয়া বৰিছ জনছন আৰু ৩৫ বছৰীয়া কেৰীৰ ক্ৰমে তিনি বছৰীয়া আৰু দুবছৰীয়া দুটা সন্তান আছে। দুয়োৱে ২০২১ চনৰ মে’ মাহত বিবাহপাশত আবদ্ধ হৈছিল। ২০২০ চনত দ্বিতীয় পত্নী মেৰিনা ৱেলাৰৰ সৈতে বৰিছ জনছনৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়। সেই সংসাৰত বৰিছৰ চাৰিটা সন্তান আছে।

ইয়াৰ উপৰিও বৰিছৰ আন এজন প্ৰেমিকাৰ সৈতে সন্তান আছে। অৱশ্যে তেওঁৰ প্ৰথম পত্নী এলেগ্ৰা মষ্টিন-ৱেইনৰ কোনো সন্তান নাই।

প্ৰায় ২০০ বছৰৰ ভিতৰত প্ৰথমজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি বিবাহপাশত আবদ্ধ হয় বৰিছ জনছন। এয়া আছিল তেওঁৰ তৃতীয় বিবাহ। দম্পতীহালৰ দুটা সন্তান আছে। তেওঁলোকৰ তিনি বছৰীয়া পুত্ৰৰ নাম উইলফ আৰু দুবছৰীয়া পুত্ৰৰ নাম ৰমী।

উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল। তেওঁৰ প্ৰথমা পত্নী এলেগ্ৰা মষ্টিন-ৱেইনৰ কোনো সন্তান নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী