--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্ষিক জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে জাপানৰ হিৰোচিমা ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ আমন্ত্ৰণত হিৰোচিমালৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। জি-৭ৰ বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে ইয়াত ফুমিঅ’ক সাক্ষাৎ কৰি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। উন্মোচনৰ সময়ত তেওঁ বিশ্ববাসীক শান্তিৰ বাৰ্তাও প্ৰদান কৰে।

হিৰোচিমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন আৰু উন্মোচনৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে আমি সকলোৱে মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি বিশ্ব কল্যাণৰ পথত আগবাঢ়িব লাগে। এয়া হ'ব মহাত্মা গান্ধীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে হিৰোচিমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিয়ে অহিংসাৰ ধাৰণাটোক আৰু আগুৱাই নিব। জাপানৰ প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া বোধি গছ ইয়াত হিৰোছিমাত ৰোপণ কৰা হৈছে, যাতে মানুহে ইয়ালৈ আহিলে শান্তিৰ গুৰুত্ব বুজিব পাৰে বুলি জনাটো তেওঁৰ বাবে এটা ডাঙৰ মুহূৰ্ত।

মোদীয়ে কয় যে আজিও হিৰোচিমাৰ নাম শুনি বিশ্ব কঁপি উঠে। জি-৭ শীৰ্ষ সন্মিলনৰ এই ভ্ৰমণত তেওঁ প্ৰথমে পূজনীয় মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য লাভ কৰে। আজি বিশ্বই জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ যুদ্ধত যুঁজি আছে। পূজ্য বাপুৰ আদৰ্শই জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজত জয়ী হোৱাৰ সৰ্বোত্তম উপায়। তেওঁৰ জীৱনশৈলী প্ৰকৃতিৰ প্ৰতি সন্মান, সমন্বয় আৰু নিষ্ঠাৰ এক নিখুঁত নিদৰ্শন হৈ আহিছে। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছত ভাৰতীয় প্ৰবাসী লোকসকলকো নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ