--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত কিছু সকাহ লাভ কৰিছে পাকিস্তানৰ নাগৰিকসকলে। চৰকাৰে হ্ৰাস কৰিছে পেট্ৰল-ডিজেলৰ মূল্য।পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১২ টকা আৰু ডিজেলৰ মূল্য ৩০ টকা হ্ৰাস কৰা হৈছে।

পাকিস্তানৰ বিত্তমন্ত্ৰী ইছাক দাৰে যোৱা সোমবাৰে ঘোষণা কৰে যে সংশোধিত মূল্য ১২ বজাৰ পিছত বলৱৎ হ’ব আৰু ৩১ মে’লৈকে বলৱৎ হ’ব। ইয়াৰ লগতে চৰকাৰে লঘু ডিজেল আৰু কেৰাচিন তেলৰ মূল্যও প্ৰতি লিটাৰত ১২ টকা হ্ৰাস কৰিছে। 

বিত্তমন্ত্ৰী ইছাক দাৰে কয় যে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে ৰাইজক যিমান পাৰি সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত তেওঁ পৰিবহণ মাধ্যমক ৰাইজৰ সুবিধাৰ বাবে ভাড়া হ্ৰাস কৰিবলৈ কয়।

মন কৰিব যে হাই স্পীড ডিজেলৰ মূল্য ৩০ টকা, পেট্ৰ’লৰ ১২ টকা, কেৰাচিন ১২ টকা আৰু লঘু ডিজেলৰ মূল্য ১২ টকা হ্ৰাস কৰা হৈছে। ফলত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ২৭০ টকা, হাই স্পীড ডিজেল প্ৰতি লিটাৰত ২৫৮ টকা, প্ৰতিলিটাৰ কেৰাচিন অইলৰ মূল্য ১৬৪.০৭ টকা আৰু লঘু ডিজেলৰ মূল্য ১৫২.৬৮ টকালৈ হ্ৰাস পাইছে।

উল্লেখ্য যে ইতিমধ্যে ঋণৰ বোজাত পৰি থকা পাকিস্তানৰ অৱস্থা অতি দুখজনক। আনকি, সেই দেশৰ অৰ্থনীতিও গভীৰভাৱে প্ৰভাৱিত হৈছে। যোৱা বছৰৰ পৰা পাকিস্তানে আই এম এফৰ সৈতে বেইলআউট পেকেজৰ বাবে আলোচনাত মিলিত হৈছে। অৱশ্যে এইয়া এতিয়াও কাৰ্যকৰী হোৱা নাই। 

শেহতীয়াকৈ আই এম এফে পাকিস্তানৰ পৰা ৮ বিলিয়ন ডলাৰ দাবী কৰিছিল। ইয়াৰ উপৰিও আই এম এফে লগতে কয় যে বাকী থকা ঋণ পৰিশোধ কৰাৰ পিছতহে বেইলআউট পেকেজ জাৰি কৰা হ’ব।

ইফালে পাকিস্তান পৰিসংখ্যা ব্যুৰোৰ পৰিসংখ্যা অনুসৰি মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। কেৱল সেয়াই নহয়, ১৯৬৫ চনৰ পিছত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বোচ্চ স্তৰত আছে। যোৱা এপ্ৰিল মাহত বাৰ্ষিক ভিত্তিত মুদ্ৰাস্ফীতিৰ হাৰ ৩৬.৪ শতাংশ আছিল। আনহাতে বিগত মাহত ৩৫.৪ শতাংশ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস