--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ জনপ্ৰিয় গায়িকা চেলেনা গোমেজ আৰু আমেৰিকান মডেল হেইলী বিবাৰৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ফটো দেখি অনুৰাগীসকল হৈ পৰিছে আচৰিত। শেহতীয়াকৈ লছ এঞ্জেলছত অনুষ্ঠিত একাডেমী মিউজিয়াম অৱ মোচন পিকচাৰ্ছৰ দ্বিতীয় বাৰ্ষিক অনুষ্ঠানত দুয়ো অংশগ্ৰহণ কৰিছিল আৰু দুয়ো হাঁহি হাঁহি ফটোৰ বাবে পজ দিছিল। 
Image
চেলেনা গোমেজ আছিল জনপ্ৰিয় কণ্ঠশিল্পী জাষ্টিন বিবাৰৰ প্ৰাক্তন প্ৰেমিকা আৰু হেইলী বিবাৰ হল জাষ্টিন বিবাৰৰ পত্নী। সেয়েহে চেলেনা গোমেজ আৰু হেইলী বিবাৰৰ ফটো একেলগে দেখি নেটিজেনসকলে আশ্চৰ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে দুয়োৰে মাজত বছৰ বছৰ ধৰি কোনো কথা-বতৰা নোহোৱাৰ উৰাবাতৰি বন্ধ কৰাৰ চেষ্টা কৰিছে তাৰকা দুগৰাকীয়ে। পূৰ্বতে একাংশই অভিযোগ কৰিছিল যে হেইলীয়ে চেলেনাৰ পৰা জাষ্টিনক কাঢ়ি নিলে। সেই সন্দৰ্ভত হেইলীয়ে পোনপটীয়াকৈ কয় যে "কাৰোবাৰ সম্পৰ্কক লৈ খেলাটো মোৰ চৰিত্ৰ নহয়। মোৰ আৰু চেলেনাৰ মাজত এতিয়াও সু-সম্পৰ্ক বৰ্তি আছে। আমাৰ মাজত মৰম আছে। মই মাত্ৰ এটা কথা কম যে জাষ্টিনে কাৰোবাৰ সৈতে সম্পৰ্কত থকাৰ সময়ত মই কেতিয়াও তেওঁৰ লগত নাছিলোঁ। সম্পৰ্ক শেষ হোৱাৰ পাছতহে তেওঁৰ জীৱনলৈ মই আহিছিলো।"
Image
উল্লেখ্য যে ২০১০ চনৰ ২০১৮ চনলৈকে চেলেনাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল জাষ্টিন বিবাৰ। কিন্তু এই দীৰ্ঘদিনীয়া প্ৰেমত বিচ্ছেদ ঘটে। যি খবৰে সকলোকো হতভম্ব কৰি তুলিছিল। ইয়াৰ পাছত জাষ্টিন হেইলী বিবাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ আছে এখন সুখৰ সংসাৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?