--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ক্ৰীড়াক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে আৰু যুৱক-যুৱতীসকলক প্ৰেৰণা যোগোৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয় নীৰজক। দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ উপস্থিতিত তেওঁক এই পদ প্ৰদান কৰা হয়।

ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা অলিম্পিক এথলীট নীৰজ চোপ্ৰাক বুধবাৰে ভাৰতীয় সেনাত লেফটেনেণ্ট কৰ্ণেল পদত পদোন্নতি দিয়া হয়। 


ক্ৰীড়াক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে আৰু যুৱক-যুৱতীসকলক প্ৰেৰণা যোগোৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয় নীৰজক। দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ উপস্থিতিত তেওঁক এই পদ প্ৰদান কৰা হয়। নীৰজ চোপ্ৰাই ২০১৬ চনত নৈব চুবেদাৰ হিচাপে ভাৰতীয় সেনাত যোগদান কৰিছিল। ২০২১ চনত চুবেদাৰলৈ পদোন্নতি লাভ কৰাৰ পিছতে তেওঁক চুবেদাৰ পদলৈ উন্নীত কৰা হয়।


‘দ্য গেজেট অৱ ইণ্ডিয়া’ৰ তথ্য অনুসৰি ১৬ এপ্ৰিলৰ পৰা এই নিযুক্তি কাৰ্যকৰী হয়।২০১৬ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ লগতে এথলেটিকছত ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে ২০১৮ চনত অৰ্জুন বঁটাৰে সন্মানিত হয়। তিনি বছৰৰ পাছত টকিঅ’ অলিম্পিকত পুৰুষৰ জেভলিন নিক্ষেপত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। এই জয়েৰে তেওঁ লাখ লাখ ভাৰতীয় যুৱক-যুৱতীক অনুপ্ৰাণিত কৰি ২০২১ চনত খেলৰত্ন বঁটা লাভ কৰে।


ভাৰতীয় এথলেটিকছত নীৰজ চোপ্ৰাৰ অৱদান অতুলনীয়। ২০২২ চনত ভাৰতীয় সেনাই প্ৰদান কৰা শান্তিকালীন সৰ্বোচ্চ সজ্জা পৰম বিশিষ্ট সেৱা পদক লাভ কৰে। এই সকলোবোৰ সাফল্যৰ মাজতে নীৰজ চোপ্ৰাই ভাৰতত এথলেটিকছ আৰু জেভেলিন নিক্ষেপৰ জোৱাৰৰ সৃষ্টি কৰিছিল।


জেভলিন নিক্ষেপত লাভ কৰা ধাৰাবাহিক কৃতিত্বৰ ভিত্তিত ২০২২ চনত তেওঁ সুবেদাৰ মেজৰ পদবীলৈ উন্নীত হয়।সেই বছৰতে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। নীৰজ চোপ্ৰাক শেষবাৰৰ বাবে একচনত দেখা গৈছিল বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত, য’ত তেওঁ অষ্টম স্থান দখল কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ