--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাকিস্তানৰ এই আক্ৰমণৰ পিছত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তানৰ সৈতে আফগানিস্তানৰ তিনিখন খেলৰ শৃংখলা বাতিল কৰে।

ডিজিটেল ডেস্কঃ পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা উত্তেজনাই নতুন ৰূপ ধাৰণ কৰিলে যেতিয়া পাকিস্তানে ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানত আক্ৰমণ কৰে। 


পাক্তিকাত এই আক্ৰমণত তিনিজন ক্ৰিকেটাৰো নিহত হয়। এই সমগ্ৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যুদ্ধত পাকিস্তানৰ পিঠিত ছুৰীৰে আঘাত কৰাৰ ক্ষমতা। আফগানিস্তানে যুদ্ধবিৰতি বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সময়ত পাকিস্তানে এই আক্ৰমণ আৰম্ভ কৰিছিল। 


তালিবান আৰু পাকিস্তানৰ মাজত এই নৱীকৃত উত্তপ্ত সংঘাতৰ বিষয়ে মূল তথ্য অন্বেষণ কৰোঁ আহক:


১) পাক্তিকাত পাকিস্তানে বিমান আক্ৰমণ চলাই ১৭ জন নিৰীহ লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত কবীৰ, ছিবগাতুল্লাহ, হাৰুণ নামৰ তিনিজন ক্লাব ক্ৰিকেটাৰ আছিল। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এই কথা নিশ্চিত কৰিছে। নিহতসকলৰ ভিতৰত শিশু আৰু মহিলাও আছিল।


২)আফগান সংবাদ মাধ্যম টোলো নিউজৰ মতে, পাকিস্তানে আৰ্গুন আৰু বৰমালত সাধাৰণ নাগৰিকক আক্ৰমণ কৰে। এই দুখন জিলা পাকিস্তান আৰু আফগানিস্তানৰ মাজত দীৰ্ঘদিনীয়া বিবাদ ডুৰাণ্ড লাইনত অৱস্থিত।



৩)পাকিস্তানৰ এই আক্ৰমণৰ পিছত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তানৰ সৈতে আফগানিস্তানৰ তিনিখন খেলৰ শৃংখলা বাতিল কৰে। খেলুৱৈ ৰছিদ খানে এই আক্ৰমণক গৰিহণা দি কয় যে দেশৰ ওপৰত একো নাই আৰু তেওঁ ব’ৰ্ডৰ সিদ্ধান্তক সন্মান কৰে।


৪)পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰাৰ বিপৰীতে পাকিস্তান আৰু আফগানিস্তানৰ প্ৰতিনিধি দলে কাটাৰৰ মধ্যস্থতাত আলোচনাৰ বাবে ডোহাত বৈঠকত মিলিত হোৱাৰ কথা। বাতৰি অনুসৰি পাকিস্তানৰ হৈ শান্তি আলোচনাত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ আৰু চোৰাংচোৱা মুৰব্বী আছিম মালিকে।


৫)ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে যদি তেওঁ আফগানিস্তান আৰু পাকিস্তানৰ মাজত সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহে তেন্তে ক্ষন্তেকতে ইয়াৰ সমাধান হ’ব পাৰে। মন কৰিবলগীয়া যে মাত্ৰ বৃহস্পতিবাৰে পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক নাজাম ছেথীয়ে কয় যে ড’নাল্ড ট্ৰাম্পে এই বিষয়ত একো কৰিব নোৱাৰে।


৬)আফগানিস্তানে দাবী কৰিছে যে বুধবাৰেও পাকিস্তানে কাবুল চহৰৰ এখন জিলাত বিমান আক্ৰমণ চলাই ঘৰ-দুৱাৰ আৰু এখন বিদ্যালয়ৰ যথেষ্ট ক্ষতিসাধন কৰে। এই বিদ্যালয়খনে ৫০০ৰো অধিক শিশুক সেৱা আগবঢ়ায়। সৌভাগ্যক্ৰমে তেতিয়ালৈকে ল’ৰা-ছোৱালীবোৰ ইতিমধ্যে ঘৰলৈ উভতি আহিছিল।


৭)পাকিস্তানে আফগানিস্তানৰ অসামৰিক অঞ্চলত আক্রমণ কৰিবলৈ ড্ৰ’ন ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে তালিবান চৰকাৰে। ড্ৰ’ন ব্যৱহাৰ কৰি পাকিস্তানে বজাৰ আৰু আৱাসিক এলেকাত বোমা বিস্ফোৰণ কৰি নিৰীহ লোকৰ মৃত্যু ঘটাইছে।


৮)পাকিস্তান আৰু আফগানিস্তানৰ মাজত এই সংঘাত আৰম্ভ হৈছিল ৮ অক্টোবৰৰ পৰা, যেতিয়া তেহৰিক-ই-তালিবান পাকিস্তানে পাকিস্তানী বাহিনীক আক্ৰমণ কৰি ২৩ জন জোৱান নিহত হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে আফগানিস্তানৰ কাবুলত বিমান আক্ৰমণ চলায় আৰু তাৰ পৰাই টিটিপিয়ে সমৰ্থন লাভ কৰিছে বুলি দাবী কৰে। তেওঁলোকে টিটিপিৰ নেতা নূৰ ৱালি মেহছুদক লক্ষ্য কৰি লৈছিল যদিও তালিবানে কয় যে ৱালীক হত্যা কৰা হোৱা নাছিল। ১০ অক্টোবৰত পাকিস্তানে আফগানিস্তানৰ পাক্তিকাৰ এখন বজাৰত বোমা বিস্ফোৰণ কৰে।


৯) ১১-১২ অক্টোবৰৰ নিশা আফগান তালিবানে পাকিস্তানৰ সামৰিক চকীত আক্ৰমণ চলাই ৫৮ জন সৈনিকক হত্যা কৰাৰ লগতে ২৫টা চকী দখল কৰা বুলি দাবী কৰে। কিন্তু পাকিস্তানে এই কথা অস্বীকাৰ কৰি ২০০ টা তালিবান নিহত হোৱাৰ লগতে ১৯ টা আফগান পোষ্ট দখল কৰা বুলি দাবী কৰে।



১০) পৰিস্থিতি তীব্ৰতৰ হোৱাৰ লগে লগে আফগানিস্তানে বিজয় ঘোষণা কৰি যুদ্ধবিৰতি ঘোষণা কৰে যদিও পাকিস্তানৰ আক্ৰমণ অব্যাহত থাকে। সীমান্তত বাণিজ্যও বন্ধ হৈ পৰে আৰু পাকিস্তানে ১৯ জন তালিবানক হত্যা কৰা বুলি দাবী কৰে।


১১) কাটাৰ আৰু চৌদি আৰবৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ চেষ্টা আৰম্ভ হৈছিল যদিও ১৫ অক্টোবৰত পাকিস্তানে স্পিন বোল্ডাকত পুনৰ বিমান আক্ৰমণ চলায়।তাৰ প্ৰতিক্ৰিয়া স্বৰূপে তালিবানে পাকিস্তানী টেংক আৰু পোষ্ট দখল কৰে আৰু ইয়াৰ ভিডিঅ’ ভাইৰেল হয়। তালিবানে অতি উৎসাহেৰে উদযাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ