--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পানামা নথি কেলেংকাৰিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্যৰ ৰায় বচ্চনক দিল্লীত প্ৰৱৰ্তক সঞ্চালকালয় (ই ডি)ৰ কাৰ্যায়ত কালি দীৰ্ঘসময় ধৰি জেৰা কৰা হৈছিল৷ প্ৰায় ৫ঘণ্টা ধৰি চলা জেৰাৰ পাছত অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগতো নিজৰ মুখ নুখুলিলে৷ ঐশ্বৰ্যৰ ৰায়ক ফৰেক্স নিয়ম উলংঘনৰ অভিযোগ আছে৷


তদন্ত সংস্থাটোৱে ঐশ্বৰ্য ৰায়ৰ বক্তব্য লিপিবদ্ধ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন(ফেমা) উলংঘা কৰি বিদেশত সম্পদ জমা ৰখাৰ অভিযোগৰ উঠিছে। ইডি-এ ঐশ্বৰ্য ৰায় বচ্চনক সোধা প্ৰশ্নবোৰ এনেধৰণৰ-

১) ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত এমিক পাৰ্টনাৰ্ছ নামৰ এটা কোম্পানী আছিল। এই কোম্পানীটোৰ সৈতে আপোনাৰ কি সম্পৰ্ক আছে?


২)এই কোম্পানীৰ পৰিচালনাৰ দায়িত্বত আছিল আপোনাৰ পিতৃ কোটেদাদিৰমনা ৰায় কৃষ্ণ ৰায়, মাতৃ কবিতা ৰায় আৰু আপোনাৰ ভাতৃ আদিত্য ৰায় আছিল। আপুনি এই বিষয়ে কি ক’ব পাৰে?


৩) জুন ২০০৫ত কোম্পানীটো কিয় শ্বেয়াৰহোল্ডাৰলৈ সলনি কৰা হৈছিল?


৪) ২০০৮ চনত কোম্পানীটো কিয় নিষ্ক্ৰিয় হৈ পৰিছিল?

পানামা পেপাৰছ গোচৰ আচলতে কি?


পানামা পেপাৰছ গোচৰটো হৈছে ২০১৬ হোৱা এক চুৰিকাণ্ড য’ত সংবাদ মাধ্যমত লিক হোৱা লাখ লাখ নথি-পত্ৰৰ এক বৃহৎ তদন্ত, বিশ্বৰ ধনী আৰু শক্তিশালীসকলে কৰ ফাঁকিৰে অফশ্বৰ একাউণ্ট বা শ্বেল কোম্পানী স্থাপন কৰিছিল৷ ৩০০ তকৈয়ো অধিক ভাৰতীয় এই পানামা পেপাৰ গোচৰত অন্তৰ্ভুক্ত হৈ আছে৷ এই গোচৰত অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনকে ধৰি কেইবাজনো ভাৰতীয় চেলিব্ৰিটীৰ নাম উল্লেখ আছে। সকলো লোকৰ ওপৰত কৰ জালিয়াতিৰ অভিযোগ আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ