--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ৰূপালী পৰ্দাত প্ৰথম দেখা পাওতেই বনীৰ প্ৰেমত পৰিছিল তেওঁ। সেই আকৰ্ষণৰে চাপ যেন ৰৈ গ’ল চিৰকালৰ বাবে! যি প্ৰেমৰ সুৰে আজিও ৰোমাঞ্চিত কৰি তোলে এহাল প্ৰেমিক-প্ৰেমিকাক। চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰৰ হৃদয়ত এতিয়াও সেইগৰাকী নায়িকাৰে ৰাজত্ব। পাছে আপুনি-মই ভবাৰ দৰে সেইগৰাকী নায়িকা কিন্তু বনীৰ স্বৰ্গগামী পত্নী শ্ৰীদেৱী নহয়। তেওঁ হৈছে শৰ্মিলা ঠাকুৰ। সাৱলীল তথা দৃষ্টিনন্দন অভিনয়েৰে অনুৰাগীৰ হৃদয়ৰ মণিকূটত বিশেষ স্থান দখল কৰিছিল শৰ্মিলাই। ৰৈ বৈ গৈছিল খ্যাতিৰ জখলা।

শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ সৈতে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰিছে বনীয়ে। মাত্ৰ তিনিটা শব্দৰেই বনিয়ে বৰ্ণনা কৰিছে শৰ্মিলাৰ প্ৰতি থকা প্ৰেম-ভালপোৱা আৰু আন্তৰিক সান্নিধ্যৰ নিটোল অনুভৱ। ফটোৰ কেপচনত বনীয়ে লিখিছে, 'মোৰ প্ৰথম প্ৰেম'। ছবিখনত শৰ্মিলাক বনীৰ কাষত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। শৰ্মিলাৰ কান্ধত বনীৰ হাত,মুখত উজ্জ্বল হাঁহি। বলীউডৰ দুই তাৰকাক এনেদৰে একেখন ফ্ৰেমত দেখা পাই আপ্লুত অনুৰাগী। নানা মন্তব্যৰে উপচাই দিছে দুয়োকে। উল্লেখ্য যে, বনীৰ পত্নী শ্ৰীদেৱীয়ে তিনি দশকৰো অধিক কাল বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰীৰ সুখ্যাতি অৰ্জন কৰিছিল।

তথাপি বনীয়ে নিজ পত্নী শ্ৰীদেৱীক নহয়, শৰ্মিলাকহে জীৱনৰ প্ৰথম প্ৰেম বুলি স্বীকৃতি দি গৈছে। আজিও পুৰণি স্মৃতিয়ে আমনি কৰে বনীক। মন উৰা মাৰে শৰ্মিলাৰ কাষলৈ। মাজে সময়ে তেওঁৰ স্বৰ্গীয় পত্নীৰ স্মৃতিকথা সুঁৱৰি আটোম-টোকাৰিকৈ সজাই থোৱা পুৰণি ফটোবোৰ সামাজিক মাধ্যমত পোষ্ট কৰে বনীয়ে। অনুৰাগীৰ সৈতে পুৰণি দিনৰ স্মৃতিৰ ভাগ-বতৰা কৰি ভাল পায় বনীয়ে। দিনদিয়েক আগেয়ে বনীয়ে একেধৰণৰ ছবিকেই পোষ্ট কৰিছিল। কিন্তু শেহতীয়াকৈ শৰ্মিলাৰ প্ৰতি থকা গোপন প্ৰেমৰ ইস্তাহাৰখন ৰাজহুৱা কৰাৰ পাছতে আশ্চৰ্য প্ৰকাশ কৰিছে অনুৰাগীয়ে। বহুজনে দিছে শুভেচ্ছা বাৰ্তা কিম্বা অভিনন্দন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ