--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ৰূপালী পৰ্দাত প্ৰথম দেখা পাওতেই বনীৰ প্ৰেমত পৰিছিল তেওঁ। সেই আকৰ্ষণৰে চাপ যেন ৰৈ গ’ল চিৰকালৰ বাবে! যি প্ৰেমৰ সুৰে আজিও ৰোমাঞ্চিত কৰি তোলে এহাল প্ৰেমিক-প্ৰেমিকাক। চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰৰ হৃদয়ত এতিয়াও সেইগৰাকী নায়িকাৰে ৰাজত্ব। পাছে আপুনি-মই ভবাৰ দৰে সেইগৰাকী নায়িকা কিন্তু বনীৰ স্বৰ্গগামী পত্নী শ্ৰীদেৱী নহয়। তেওঁ হৈছে শৰ্মিলা ঠাকুৰ। সাৱলীল তথা দৃষ্টিনন্দন অভিনয়েৰে অনুৰাগীৰ হৃদয়ৰ মণিকূটত বিশেষ স্থান দখল কৰিছিল শৰ্মিলাই। ৰৈ বৈ গৈছিল খ্যাতিৰ জখলা।

শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ সৈতে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰিছে বনীয়ে। মাত্ৰ তিনিটা শব্দৰেই বনিয়ে বৰ্ণনা কৰিছে শৰ্মিলাৰ প্ৰতি থকা প্ৰেম-ভালপোৱা আৰু আন্তৰিক সান্নিধ্যৰ নিটোল অনুভৱ। ফটোৰ কেপচনত বনীয়ে লিখিছে, 'মোৰ প্ৰথম প্ৰেম'। ছবিখনত শৰ্মিলাক বনীৰ কাষত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। শৰ্মিলাৰ কান্ধত বনীৰ হাত,মুখত উজ্জ্বল হাঁহি। বলীউডৰ দুই তাৰকাক এনেদৰে একেখন ফ্ৰেমত দেখা পাই আপ্লুত অনুৰাগী। নানা মন্তব্যৰে উপচাই দিছে দুয়োকে। উল্লেখ্য যে, বনীৰ পত্নী শ্ৰীদেৱীয়ে তিনি দশকৰো অধিক কাল বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰীৰ সুখ্যাতি অৰ্জন কৰিছিল।

তথাপি বনীয়ে নিজ পত্নী শ্ৰীদেৱীক নহয়, শৰ্মিলাকহে জীৱনৰ প্ৰথম প্ৰেম বুলি স্বীকৃতি দি গৈছে। আজিও পুৰণি স্মৃতিয়ে আমনি কৰে বনীক। মন উৰা মাৰে শৰ্মিলাৰ কাষলৈ। মাজে সময়ে তেওঁৰ স্বৰ্গীয় পত্নীৰ স্মৃতিকথা সুঁৱৰি আটোম-টোকাৰিকৈ সজাই থোৱা পুৰণি ফটোবোৰ সামাজিক মাধ্যমত পোষ্ট কৰে বনীয়ে। অনুৰাগীৰ সৈতে পুৰণি দিনৰ স্মৃতিৰ ভাগ-বতৰা কৰি ভাল পায় বনীয়ে। দিনদিয়েক আগেয়ে বনীয়ে একেধৰণৰ ছবিকেই পোষ্ট কৰিছিল। কিন্তু শেহতীয়াকৈ শৰ্মিলাৰ প্ৰতি থকা গোপন প্ৰেমৰ ইস্তাহাৰখন ৰাজহুৱা কৰাৰ পাছতে আশ্চৰ্য প্ৰকাশ কৰিছে অনুৰাগীয়ে। বহুজনে দিছে শুভেচ্ছা বাৰ্তা কিম্বা অভিনন্দন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ