--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সামাজিক স্বীকৃতিপ্ৰাপ্ত এক পৱিত্ৰ বান্ধোনৰ নাম ‘বিবাহ’। য'ত এহাল ল’ৰা-ছোৱালীয়ে নিজৰ মন পছন্দ সংগীৰ সৈতে সামাজিক নীতি-নিয়মৰ মাজেৰে আবদ্ধ হয় বিবাহপাশত। প্ৰতিজনে তেওঁলোকৰ নিজৰ বিয়াখনক লৈ থাকে অযুত বাসনা। পূৰ্বতেও মানুহে সামাজিক নীতি-নিয়মৰ মাজেৰে কেৱল পৰম্পৰাগতভাৱে বিবাহ সম্পন্ন কৰিছিল যদিও বৰ্তমান সেইবোৰৰ ভালেখিনি নিয়ম সলনি হ’ল।

পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠাৰ লগে-লগে যেন এতিয়া সকলোৱে আধুনিকতাৰ কৱলত পৰিছে আৰু ইয়াৰ লগে-লগে আমাৰ খাদ্যাভাস, জীৱনশৈলীলৈ আহিল বৃহৎ পৰিৱৰ্তন। পশ্চিমীয়া-সংস্কৃতিৰ ফলস্বৰূপে আমাৰ বিয়া, জন্মদিন অনুষ্ঠানসমূহ আগৰ দৰে কেৱল মাংগলিক নীতি-নিয়মতে সীমাবদ্ধ হৈ থকা নাই, মানুহে আজিকালি ভোগ বিলাসিতাৰ মাজেৰে তেওঁলোকৰ এই বিশেষ দিনবোৰ আৰু অধিক বিশেষ কৰি ৰাখিব বিচাৰে। দৰা-কইনাৰ বিভিন্ন পন্থা অৱলম্বন কৰি তেওঁলোকৰ বিয়াৰ বিশেষ দিনটোক মনত ৰাখিব বিচাৰে, কোনোৱে যদি স্কাইডাইভ কৰি বিবাহস্থলীত প্ৰৱেশ কৰে আন কোনোৱে আকৌ বিদাইৰ পাছত কইনাই নিজে গাড়ী চলাই দৰাৰ ঘৰলৈ যোৱা আমি দেখিবলৈ পাওঁ। কিন্তু এইবাৰ এক দম্পতীয়ে ব্যতিক্ৰমি চিন্তা ধাৰাৰে তেওঁলোকে নিজৰ বিবাহত যি কাৰ্য কৰিলে তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। য’ত এটা ভিডিঅ’ত দেখা পোৱা গৈছে এক দম্পতীয়ে ফুলৰ দ্বাৰা সু-সজ্জিত এখন জেচিবিত উঠি দৰাৰ ঘৰলৈ গৈছে। অৱশ্যে জেচিবিত উঠি দৰা ঘৰলৈ যোৱাৰো এটা কাৰণ আছে, যিহেতু দৰাজনৰ জীৱিকা চালকৰ সৈতে জড়িত। গতিকে কইনাই তেওঁৰ জীৱিকাক সন্মান জনাই দুয়োজনৰ সহমতত জেচিবি বাছনি কৰিলে। ভিডিঅ’টোত দেখা দম্পতী পাকিস্তানৰ হুঞ্জা গাঁৱৰ বুলি গম জানিবলৈ পোৱা গৈছে। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে সকলোৱে দেখি আমোদ পাইছে। আৰু ভিন্নৰূপী মন্তব্য আগবঢ়োৱাৰ লগতে দুয়োকে শুভেচ্ছা জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু