--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সামাজিক স্বীকৃতিপ্ৰাপ্ত এক পৱিত্ৰ বান্ধোনৰ নাম ‘বিবাহ’। য'ত এহাল ল’ৰা-ছোৱালীয়ে নিজৰ মন পছন্দ সংগীৰ সৈতে সামাজিক নীতি-নিয়মৰ মাজেৰে আবদ্ধ হয় বিবাহপাশত। প্ৰতিজনে তেওঁলোকৰ নিজৰ বিয়াখনক লৈ থাকে অযুত বাসনা। পূৰ্বতেও মানুহে সামাজিক নীতি-নিয়মৰ মাজেৰে কেৱল পৰম্পৰাগতভাৱে বিবাহ সম্পন্ন কৰিছিল যদিও বৰ্তমান সেইবোৰৰ ভালেখিনি নিয়ম সলনি হ’ল।

পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠাৰ লগে-লগে যেন এতিয়া সকলোৱে আধুনিকতাৰ কৱলত পৰিছে আৰু ইয়াৰ লগে-লগে আমাৰ খাদ্যাভাস, জীৱনশৈলীলৈ আহিল বৃহৎ পৰিৱৰ্তন। পশ্চিমীয়া-সংস্কৃতিৰ ফলস্বৰূপে আমাৰ বিয়া, জন্মদিন অনুষ্ঠানসমূহ আগৰ দৰে কেৱল মাংগলিক নীতি-নিয়মতে সীমাবদ্ধ হৈ থকা নাই, মানুহে আজিকালি ভোগ বিলাসিতাৰ মাজেৰে তেওঁলোকৰ এই বিশেষ দিনবোৰ আৰু অধিক বিশেষ কৰি ৰাখিব বিচাৰে। দৰা-কইনাৰ বিভিন্ন পন্থা অৱলম্বন কৰি তেওঁলোকৰ বিয়াৰ বিশেষ দিনটোক মনত ৰাখিব বিচাৰে, কোনোৱে যদি স্কাইডাইভ কৰি বিবাহস্থলীত প্ৰৱেশ কৰে আন কোনোৱে আকৌ বিদাইৰ পাছত কইনাই নিজে গাড়ী চলাই দৰাৰ ঘৰলৈ যোৱা আমি দেখিবলৈ পাওঁ। কিন্তু এইবাৰ এক দম্পতীয়ে ব্যতিক্ৰমি চিন্তা ধাৰাৰে তেওঁলোকে নিজৰ বিবাহত যি কাৰ্য কৰিলে তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। য’ত এটা ভিডিঅ’ত দেখা পোৱা গৈছে এক দম্পতীয়ে ফুলৰ দ্বাৰা সু-সজ্জিত এখন জেচিবিত উঠি দৰাৰ ঘৰলৈ গৈছে। অৱশ্যে জেচিবিত উঠি দৰা ঘৰলৈ যোৱাৰো এটা কাৰণ আছে, যিহেতু দৰাজনৰ জীৱিকা চালকৰ সৈতে জড়িত। গতিকে কইনাই তেওঁৰ জীৱিকাক সন্মান জনাই দুয়োজনৰ সহমতত জেচিবি বাছনি কৰিলে। ভিডিঅ’টোত দেখা দম্পতী পাকিস্তানৰ হুঞ্জা গাঁৱৰ বুলি গম জানিবলৈ পোৱা গৈছে। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে সকলোৱে দেখি আমোদ পাইছে। আৰু ভিন্নৰূপী মন্তব্য আগবঢ়োৱাৰ লগতে দুয়োকে শুভেচ্ছা জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ