--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী যুৱতী।নাম লিজি ভেলাচকুৱেজ। আন ১০ জনী সাধাৰণ ছোৱালীৰ দৰে নহয় লিজি। এটা সময়ত মানুহে লিজিক পৃথিৱীৰ আটাইতকৈ কুৎসিত ছোৱালীজনী বুলি অভিহিত কৰিছিল৷ অসুন্দৰ শৰীৰ যদিও এটা সুন্দৰ মন আছে লিজিৰ, যাৰ বাবে লিজি এতিয়া মানুহৰ চকুত ধৰা দিছে সুন্দৰী যুৱতী হৈ৷ ১৯৮৯ চনৰ ১৩ মাৰ্চত আমেৰিকাৰ টেক্সাচ'ত জন্ম গ্ৰহণ কৰিছিল লিজি ভেলাচকুৱেজে। লিজিৰ জন্ম সময়তকৈ চাৰি সপ্তাহৰ আগতে হৈছিল। জন্মৰ সময়ত লিজিৰ ওজন আছিল মাত্ৰ বাৰশ গ্ৰাম। এক দুৰাৰোগ্য ৰোগৰ সৈতে জন্ম হৈছিল লিজিৰ।

লিজিৰ শৰীৰত থকা ৰোগ বিধৰ নাম হ'ল 'মাৰ্ফানইড প্ৰগেৰইড লিপ'ডিষ্ট্ৰ'ফাই' (Marfanoid–progeroid–lipodystrophy )। সাধাৰণ ভাষাত ক'বলৈ হ'লে লিজিৰ শৰীৰত চৰ্বি জমা নহয় যাৰ ফলত লিজিৰ শাৰীৰিক ওজন বৃদ্ধি নহয়। লিজিৰ ওজন ২৯ কেজিতকৈ কেতিয়াও বৃদ্ধি নাপায়। জীয়াই থাকিবৰ বাবে তেওঁ প্ৰতি ৫ মিনিটৰ মূৰে মূৰে কম কমকৈ খাদ্য গ্ৰহণ কৰি থাকিবলগীয়া হয়৷ লিজিয়ে এটা চকুৰে দেখা নাপায় আৰু সেই চকুৰ মনিটো বগা। লিজিৰ এই শাৰীৰিক বিসংগতিৰ বাবে তাইক দেখি সকলোৱে ভয় কৰিছিল। কিছুমানে কৰিছিল ঠাট্টা। লিজিৰ বয়স যেতিয়া ১৭ বছৰ আছিল তেতিয়া লিজিৰ লগৰীয়াসকলে লিজিৰ ওপৰত এটা ভিডিঅ' নিৰ্মাণ কৰিছিল আৰু সেই ভিডিঅ'টো লগৰীয়াসকলে ইউটিউৱত মুকলি কৰিছিল। লাখ লাখ মানুহে ভিডিঅ'টো চাইছিল আৰু নানা বিৰূপ মন্তব্যৰে ভৰি পৰিছিল কমেণ্ট বক্স।

মানুহবোৰে কৈছিল ''এইজনী ছোৱালী পৃথিৱীৰ ভিতৰতে কুন্ধছ,'' ''এইটো চেহেৰা লৈ তই কেনেকৈ জীয়াই আছ লিজি, মৰি যা, আত্মহত্যা কৰ৷'' ''তই ডাইনী হয়, ভূত হয়'', ''তোক মা-দেউতাই কিয় জীয়াই ৰাখিছে'' আদি নানা কটূ মন্তব্যৰে লিজিক থকাসৰকা কৰিছিল মানুহবোৰে। লিজিয়ে সকলোৰে মন্তব্যবোৰ পঢ়ি খুব কান্দিছিল। জীয়াই থকাৰ মোহ হেৰুৱাই পেলাইছিল কিন্তু সেই সময়তে লিজিৰ মনলৈ আহিছিল মাক-দেউতাকৰ মুখখন কাৰণ লিজিক বহুত মৰম কৰিছিল পিতৃ-মাতৃৱে। লিজি শাৰীৰিকভাবে দূৰ্বল আছিল যদিও মানসিকভাবে যথেষ্ট সবল আৰু শক্তিশালী আছিল।

লিজিয়ে ভিডিঅ'টো দেখাৰ পিছত জীৱনৰ বাবে চাৰিটা প্ৰতিজ্ঞা লৈছিল। সেই প্ৰতিজ্ঞা কেইটা হ'ল জীৱনত নিজকে এজন সুবক্তা হিচাপে সমাজত প্ৰতিপন্ন কৰিব। নিজকে এগৰাকী ভাল লেখিকা হিচাপে প্ৰতিষ্ঠা কৰিব। কলেজৰ পৰা স্নাতক ডিগ্রিলাভ কৰিব আৰু নিজৰ এটা সুন্দৰ পৰিয়াল গঢ়ি তুলিব। লিজিয়ে সেইদিনাই মনক দৃঢ় কৰি ভাবিছিল কোনোবাই মোক মোৰ বাহিৰৰ ৰূপ দেখি ঠাট্টা কৰিব আৰু সেইটোকে ভাবি মই দুখতে বহি থাকিম সেইটো হ'ব নোৱাৰে। মই মোৰ জীৱনক মোৰ মতে সজাই তুলিম। মই অন্তৰৰ পৰা ধুনীয়া সেই কথা মই প্ৰমাণ কৰি দেখুৱাম।

নিজৰ মনোবল অটুট ৰাখি টেক্সাছ ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে লিজিয়ে। নিজক দিনক দিনে ভালপাবলৈ শিকি ২০১০ চনত লিজিয়ে লিখিলে প্ৰথমখন আত্মজীৱনীমূলক কিতাপ ‘Lizzie Beautiful’ , ২০১২ চনত তেওঁৰ দ্বিতীয়খন কিতাপ ‘Be Beautiful, Be You’ প্ৰকাশ পোৱাৰ লগে লগেই গোটেই বিশ্বত সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ ২০১৪ চনত লিখে ‘Choosing Happiness’ আৰু ২০১৭ চনত লিখে ‘Dare to Be Kind’। গ্ৰন্থ প্ৰকাশৰ লগে লগে লিজিয়ে নিজৰ কথা কোৱাৰ শৈলীৰে লাহে লাহে শ্ৰোতাৰ মন মুহিবলৈ ধৰিলে।

নিৰাশাত ভুগি থকাজনে লিজিৰ বক্তৃতা শুনি আশাবাদী হ’বলৈ শিকিলে। বৰ্তমান লিজি ভেলাচকুৱেজ বিশ্বৰ ভিতৰতে এগৰাকী প্ৰতিষ্ঠিত সুবক্তা আৰু লেখিকা। যাৰ বক্তৃতা শুনিবলৈ মানুহৰ লানি নিছিগা সোঁত বয়। তেওঁৰ প্ৰতিটো কথাই মানুহক দিয়ে সাহস আৰু অনুপ্ৰেৰণা। দেখুৱাই পোহৰৰ বাট। লিজিৰ জীৱনৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে যাৰ নাম হ'ল 'A Brave Heart: The Lizzie Velasquez Story'। এতিয়া সমগ্ৰ বিশ্বই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে লিজি তুমি সঁচাই ধুনীয়া। ‘ৰূপে কি কৰে গুণেহে সংসাৰ তৰে’ৰ উৎকৃষ্ট উদাহৰণ লিজি ভেলাচকুৱেজ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ