--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰত আৰু আমেৰিকাত চলিব পাৰে ভয়ংকৰ চাইবাৰ আক্ৰমণ। তুৰস্কৰ সহায় পাকিস্তানে চলাব পাৰে এনে আক্ৰমণ। শেহতীয়া এক প্ৰতিবেদনত তেনে তথ্যই পোহৰলৈ আহিছে।সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগত ইতিমধ্যে ৰাষ্ট্ৰসংঘত ইছলামাবাদৰ কাষত থিয় দিছিল তুৰস্কই। এতিয়া পাকিস্তানৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সেই সহযোগিতাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছে।

 অভিযোগ উত্থাপিত হৈছে যে তুৰ্কীৰ চৰকাৰে ভাৰতৰ বিৰুদ্ধে চাইবাৰ আক্ৰমণ চলাবলৈ পাকিস্তানক সহায় কৰি আছে। এজন সামৰিক  বিশেষজ্ঞই দাবী কৰিছে যে তুৰ্কীয়ে দক্ষিণ-পূব এছিয়াৰ মুছলমানসকলৰ সকলৰ সুৰক্ষাৰ বাবে ভাৰত আৰু আমেৰিকাৰ বিৰুদ্ধে অভিযান চলাবলৈ পাকিস্তানক "চাইবাৰ সেনা" গঠন কৰাত সহায় কৰিছে।

 প্ৰতিবেদন অনুসৰি যেতিয়া ইমৰান খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল, তেতিয়া তুৰ্কীৰ অভ্যন্তৰীণ মন্ত্ৰী চয়লুৰ তেওঁৰ চৰকাৰৰ সৈতে হোৱা আলোচনাত চাইবাৰ সহযোগিতাৰ বিষয়ত সিদ্ধান্ত লোৱা হৈছিল।  ২০১৮ চনৰ ১৭ ডিচেম্বৰত পাকিস্তানৰ তদানীন্তন গৃহ ৰাজ্যিক মন্ত্ৰী শ্বেহৰিয়াৰ খান আফ্ৰিদিৰ সৈতে ছুলেইমানৰ আলোচনাৰ সময়ত ভাৰত  আৰু আমেৰিকা বিৰোধী চাইবাৰ গোট গঠনৰ সিদ্ধান্ত লোৱা হয়।

প্ৰতিবেদন খনত দাবী কৰা হৈছে যে ইছলামাবাদ-আঙ্কাৰাই এই সন্দৰ্ভত চূড়ান্ত চুক্তিত উপনীত হৈছে। ২০১৯ চনত ইমৰান খান প্ৰধানমন্ত্ৰী হৈ থাকোতে পাকিস্তান আৰু তুৰস্কৰ মাজত এক প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰিত হৈছিল। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্ডোগানে ৰাষ্ট্ৰীয় যুদ্ধজাহাজ প্ৰকল্প 'মিলি জেমি প্ৰজেচি' (মিলজেম)ৰ অধীনত পাকিস্তানৰ বাবে এখন অত্যাধুনিক যুদ্ধ জাহাজ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক