--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰত আৰু আমেৰিকাত চলিব পাৰে ভয়ংকৰ চাইবাৰ আক্ৰমণ। তুৰস্কৰ সহায় পাকিস্তানে চলাব পাৰে এনে আক্ৰমণ। শেহতীয়া এক প্ৰতিবেদনত তেনে তথ্যই পোহৰলৈ আহিছে।সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগত ইতিমধ্যে ৰাষ্ট্ৰসংঘত ইছলামাবাদৰ কাষত থিয় দিছিল তুৰস্কই। এতিয়া পাকিস্তানৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সেই সহযোগিতাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছে।

 অভিযোগ উত্থাপিত হৈছে যে তুৰ্কীৰ চৰকাৰে ভাৰতৰ বিৰুদ্ধে চাইবাৰ আক্ৰমণ চলাবলৈ পাকিস্তানক সহায় কৰি আছে। এজন সামৰিক  বিশেষজ্ঞই দাবী কৰিছে যে তুৰ্কীয়ে দক্ষিণ-পূব এছিয়াৰ মুছলমানসকলৰ সকলৰ সুৰক্ষাৰ বাবে ভাৰত আৰু আমেৰিকাৰ বিৰুদ্ধে অভিযান চলাবলৈ পাকিস্তানক "চাইবাৰ সেনা" গঠন কৰাত সহায় কৰিছে।

 প্ৰতিবেদন অনুসৰি যেতিয়া ইমৰান খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল, তেতিয়া তুৰ্কীৰ অভ্যন্তৰীণ মন্ত্ৰী চয়লুৰ তেওঁৰ চৰকাৰৰ সৈতে হোৱা আলোচনাত চাইবাৰ সহযোগিতাৰ বিষয়ত সিদ্ধান্ত লোৱা হৈছিল।  ২০১৮ চনৰ ১৭ ডিচেম্বৰত পাকিস্তানৰ তদানীন্তন গৃহ ৰাজ্যিক মন্ত্ৰী শ্বেহৰিয়াৰ খান আফ্ৰিদিৰ সৈতে ছুলেইমানৰ আলোচনাৰ সময়ত ভাৰত  আৰু আমেৰিকা বিৰোধী চাইবাৰ গোট গঠনৰ সিদ্ধান্ত লোৱা হয়।

প্ৰতিবেদন খনত দাবী কৰা হৈছে যে ইছলামাবাদ-আঙ্কাৰাই এই সন্দৰ্ভত চূড়ান্ত চুক্তিত উপনীত হৈছে। ২০১৯ চনত ইমৰান খান প্ৰধানমন্ত্ৰী হৈ থাকোতে পাকিস্তান আৰু তুৰস্কৰ মাজত এক প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰিত হৈছিল। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্ডোগানে ৰাষ্ট্ৰীয় যুদ্ধজাহাজ প্ৰকল্প 'মিলি জেমি প্ৰজেচি' (মিলজেম)ৰ অধীনত পাকিস্তানৰ বাবে এখন অত্যাধুনিক যুদ্ধ জাহাজ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা