--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ বৃক্ক শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ, যিয়ে তেজ ফিল্টাৰ কৰি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। গতিকে বৃক্ক সুস্থ কৰি ৰখাটো আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় যদিও আমাৰ দৈনন্দিন কিছুমান অভ্যাসে (Harmful Daily Habits) বৃক্কৰ ক্ষতি কৰি বৃক্কৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বহু সময়ত আমি এই অভ্যাসবোৰৰ প্ৰতি গুৰুত্ব নিদিওঁ আৰু লাহে লাহে কিডনীৰ ক্ষতি হ’বলৈ ধৰে। ইয়াত আমি এই বিষয়ে ক’বলৈ ওলাইছো। কোনবোৰ অভ্যাসে (Kidney Protection Tips) বৃক্কৰ ক্ষতিৰ আশংকা বৃদ্ধি কৰে জানি লওক।

১) পানী কমকৈ খোৱা- শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ। ই বৃক্কক বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। কম পানী খালে বৃক্কৰ ওপৰত বোজা বাঢ়ি যায় আৰু বৃক্কত পাথৰ হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২) অত্যধিক নিমখ সেৱন কৰা- অত্যধিক নিমখ সেৱনে ৰক্তচাপ বৃদ্ধি কৰে আৰু বৃক্কত চাপ বৃদ্ধি কৰে। প্ৰচেছড ফুড, জাংক ফুড আৰু নিমখীয়া জলপানত অধিক পৰিমাণৰ নিমখ থাকে।

৩) উচ্চ প্ৰটিন গ্ৰহণ কৰা- অত্যধিক পৰিমাণৰ প্ৰ’টিন খোৱাৰ ফলত বৃক্কই অধিক কাম কৰে। মাংস, কণী আৰু দুগ্ধজাত সামগ্ৰীত প্ৰটিনৰ পৰিমাণ বেছি।

৪) মদ খোৱা- মদ্যপানে বৃক্কৰ ক্ষতি কৰে আৰু বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। 

৫) ধূমপান কৰা- ধূমপানে ৰক্তচাপ বৃদ্ধি কৰে আৰু ৰক্তবাহী নলী সংকুচিত কৰে। ইয়াৰ ফলত বৃক্কৰ ক্ষতি হয়।

৬) পেইনকিলাৰৰ অত্যধিক সেৱন- অত্যধিক পৰিমাণে পেইনকিলাৰ ঔষধ সেৱন কৰিলে বৃক্কৰ ক্ষতি হ’ব পাৰে।

৭) অনিয়ন্ত্ৰিত ডায়েবেটিছ- ডায়েবেটিছ নিয়ন্ত্ৰিত নহ’লে বৃক্কৰ ক্ষতি হয় আৰু বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তেজত চেনিৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে ক্ৰমান্বয়ে বৃক্কৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে আৰু বৃক্কৰ ক্ষতি হয়।

৮) মেদবহুলতা- মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত বৃক্কৰ ৰোগ হ’ব পাৰে।

কিডনী সুস্থ কৰি ৰাখিবলৈ কি কৰিব?
প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
নিমখৰ পৰিমাণ কমাব।
প্ৰচেছড ফুড আৰু জাংক ফুড পৰিহাৰ কৰক।
ফলমূল আৰু শাক-পাচলি খাব।
নিয়মিতভাৱে ব্যায়াম কৰক।
আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখক।
ধূমপান নকৰিব।
মদ্যপান নকৰিব।
যদি আপুনি কিবা সমস্যা অনুভৱ কৰে তেন্তে চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক