--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শীতকালত উপলব্ধ এইবিধ ফল হাড়ৰ বাবে ছুপাৰফুড হিচাপে কাম কৰে। ই কেৱল সোৱাদতে সুস্বাদু নহয়, স্বাস্থ্যৰ বাবেও বহুতো উপকাৰী গুণেৰে ভৰপূৰ। ইয়াৰ সেৱনে শৰীৰে বহু ধৰণৰ পুষ্টিকৰ উপাদান, যেনে-আঁহ, ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট লাভ কৰে। বিশেষকৈ শীতকালত যেতিয়া শৰীৰক অতিৰিক্ত শক্তি আৰু পুষ্টিৰ প্ৰয়োজন হয়, তেতিয়াই এইবিধ ফল উত্তম বিকল্প হ’ব পাৰে। ইয়াৰ নিয়মীয়া সেৱনৰ সুফলসমূহ জানো আহক।

১. শিঙৰিত অধিক পৰিমাণৰ আঁহ থাকে, যাৰ ফলত হজম প্ৰক্ৰিয়া উন্নত হয়। ই অন্ত্ৰত ভাল বেক্টেৰিয়াক প্ৰসাৰিত কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে। ইয়াৰ উপৰি ই অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে, যাৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়।

২. ইয়াত অতি কম কেলৰি থাকে, যাৰ বাবে ই ওজন হ্ৰাসৰ বাবে এক উৎকৃষ্ট খাদ্য। ইয়াত থকা আঁহে দীৰ্ঘ সময়ৰ বাবে পেট ভৰপূৰ কৰি ৰাখে, যাৰ বাবে অধিক খাদ্য খোৱাৰ ইচ্ছা নাথাকে আৰু ওজন নিয়ন্ত্ৰণত থাকে।

৩. শিঙৰিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ই শৰীৰত পানীৰ অভাৱ পূৰণ কৰে আৰু স্বাভাৱিক ৰক্তচাপ বজাই ৰাখে। ইয়াৰ নিয়মীয়া সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

৪. শিঙৰিত কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থ থাকে, যিবোৰ হাড়ৰ শক্তিৰ বাবে অপৰিহাৰ্য। ই হাড়ৰ ঘনত্ব বজাই ৰাখে আৰু অষ্টিঅ’পৰ’ছিছৰ দৰে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

৫. শিঙৰি হৈছে প্ৰাকৃতিক এন্টিঅক্সিডেন্ট, যিয়ে শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰোৱাৰ কাম কৰে। ই শৰীৰক বিষমুক্ত কৰি তেজ বিশুদ্ধ কৰাত সহায় কৰে, যাৰ ফলত ছালৰ উন্নতি কৰাৰ উপৰি শৰীৰ সতেজ কৰি ৰাখে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক