--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল হাৰিয়ানাত৷ আৰক্ষীয়ে জনোৱা মতে, হাৰিয়ানাৰ আম্বালাত এখন বিলাসী গাড়ীয়ে খুন্দা মৰাৰ ফলত এজন ২৮ বছৰীয়া প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হয়।দেওবাৰে সন্ধিয়া আম্বালা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। পথৰ দাঁতিত নিতীশ কুমাৰ আৰু তেওঁৰ ভাতৃয়ে এখন বাহনৰ বাবে অপেক্ষা কৰি আছিল।

আৰক্ষীৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি বিহাৰৰ সমস্তিপুৰ নিবাসী কুমাৰে ঘাইপথত অৱস্থিত এটা কাৰখানাত কাম কৰিছিল।কুমাৰৰ ভাতৃয়ে দাখিল কৰা এজাহাৰত চণ্ডীগড়ৰ পঞ্জীয়ন নম্বৰ থকা বুলি সন্দেহ কৰা এখন অ’ডি গাড়ীয়ে চাহাবাদৰ ফালৰ পৰা আহি ভুক্তভোগীক খুন্দা মাৰে।

চালকজনে কেইমিটাৰমান ব্যক্তিজনক টানি লৈ যায়, যাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। অভিযোগকাৰীয়ে জনোৱা মতে, ঘটনাৰ পিছতে চালকজনে পলায়ন কৰে। এই কাণ্ড সংঘটিত হোৱাৰ বাবে কুমাৰৰ ভাতৃয়ে আহত কুমাৰক চিকিৎসালয়লৈ লৈ যাবলৈ কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা লাভ কৰিব পৰা নাছিল৷ততাতৈয়াকৈ আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ কুমাৰক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়, য’ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়৷

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি মৃতকৰ পৰিয়ালক গতাই দিয়ে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।তদুপৰি অচিনাকি গাড়ী চালকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস