--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল হাৰিয়ানাত৷ আৰক্ষীয়ে জনোৱা মতে, হাৰিয়ানাৰ আম্বালাত এখন বিলাসী গাড়ীয়ে খুন্দা মৰাৰ ফলত এজন ২৮ বছৰীয়া প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হয়।দেওবাৰে সন্ধিয়া আম্বালা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। পথৰ দাঁতিত নিতীশ কুমাৰ আৰু তেওঁৰ ভাতৃয়ে এখন বাহনৰ বাবে অপেক্ষা কৰি আছিল।

আৰক্ষীৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি বিহাৰৰ সমস্তিপুৰ নিবাসী কুমাৰে ঘাইপথত অৱস্থিত এটা কাৰখানাত কাম কৰিছিল।কুমাৰৰ ভাতৃয়ে দাখিল কৰা এজাহাৰত চণ্ডীগড়ৰ পঞ্জীয়ন নম্বৰ থকা বুলি সন্দেহ কৰা এখন অ’ডি গাড়ীয়ে চাহাবাদৰ ফালৰ পৰা আহি ভুক্তভোগীক খুন্দা মাৰে।

চালকজনে কেইমিটাৰমান ব্যক্তিজনক টানি লৈ যায়, যাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। অভিযোগকাৰীয়ে জনোৱা মতে, ঘটনাৰ পিছতে চালকজনে পলায়ন কৰে। এই কাণ্ড সংঘটিত হোৱাৰ বাবে কুমাৰৰ ভাতৃয়ে আহত কুমাৰক চিকিৎসালয়লৈ লৈ যাবলৈ কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা লাভ কৰিব পৰা নাছিল৷ততাতৈয়াকৈ আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ কুমাৰক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়, য’ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়৷

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি মৃতকৰ পৰিয়ালক গতাই দিয়ে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।তদুপৰি অচিনাকি গাড়ী চালকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ