ডিজিটেল ডেস্কঃ কাশ্মীৰত দেখা দিছে আন এক সমস্যাই। ভয়ানকভাবে ড্ৰাগছৰ কবলত পৰিছে অঞ্চলটোৰ যুৱপ্ৰজন্ম। কাশ্মীৰৰ একমাত্ৰ চৰকাৰী ড্ৰাগছ পুনৰ্বাসন কেন্দ্ৰ ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সেছ (IMHANS)ৰ পৰা চিকিৎসা ল’বলৈ অপেক্ষা কৰি ৰাতিপুৱাই ড্ৰাগছ আসক্ত লোকসকলে গোট খাবলৈ আৰম্ভ কৰে। ড্ৰাগছৰ আসক্তি হ্ৰাস কৰাৰ লগতে সংক্ৰামক ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁলোকক সহায়ৰ প্ৰয়োজন।
দশক দশক ধৰি কাশ্মীৰত বিভিন্ন ধৰণৰ সংঘাত আৰু অশান্তিয়ে বিৰাজ কৰি আহিছে। ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজত আবদ্ধ হৈ পৰা ইয়াৰ যুৱ সমাজখন প্ৰায় বিধ্বস্ত হৈ পৰিছে। এইবাৰ ড্ৰাগছৰ আসক্তিয় ধ্বংসৰ মুখলৈ ঠেলি দিছে অঞ্চলটোৰ হাজাৰ হাজা লোকক।
কাশ্মীৰত ড্ৰাগছৰ আসক্তি চিন্তাৰ বিষয় হৈ পৰিছে বুলি প্ৰশাসনৰ বিষয়াসকলে প্ৰকাশ কৰিছে। আঞ্চলিক সমীক্ষাত দেখা গৈছে যে হেৰ’ইনৰ দৰে ভয়ানক ড্ৰাগছ সেৱনৰ হাৰো বৃদ্ধি পাইছে অঞ্চলটোত। মাৰ্চ মাহত এগৰাকী মন্ত্ৰীয়ে সংসদত জনাইছিল যে জম্মু-কাশ্মীৰৰ প্ৰায় এক মিলিয়ন লোকে, অৰ্থাৎ অঞ্চলটোৰ জনসংখ্যাৰ প্ৰায় ৮ শতাংশই গাঞ্জা, অপিঅ’ইড বা শান্তকাৰী ঔষধকে ধৰি সকলো ধৰণৰ বিপজ্জনক ড্ৰাগছ ব্যৱহাৰ কৰে। চিকিৎসক সকলেও প্ৰশ কৰিছে যে কাশ্মীৰত নিচাসক্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
‘এটা দশকৰ আগলৈকে আমি আমাৰ চিকিৎসালয়ত প্ৰতিদিনে ১০-১৫টা ড্ৰাগছ আসক্ত ৰোগী দেখিবলৈ পাইছিলোঁ। কিন্তু এতিয়া আমি প্ৰতিদিনে প্ৰায় ১৫০ৰ পৰা ২০০ গৰাকী ড্ৰাগছ আসক্ত ৰোগী দেখিবলৈ পাওঁ। – ইমহান্সৰ এজন মনোৰোগ বিশেষজ্ঞ আৰু অধ্যাপকে এইদৰে কয়।
বিশেষজ্ঞসকলে কয় যে কাশ্মীৰৰ যুৱ সমাজ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ আঁৰত দুটা মূল কাৰণ আছে, এটা হ’ল চাকৰিৰ অভাৱ আৰু আনটো হ’ল যুদ্ধক্ষেত্ৰত বাস কৰাৰ ফলত হোৱা মানসিক স্বাস্থ্যৰ অৱনতি।
আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে বিপুল পৰিমাণৰ নিষিদ্ধ মাদকদ দ্ৰব্য উদ্ধাৰ সম্পৰ্কত আলোকপাত কৰি কয় যে তেওঁলোকে এই ঔষধৰ আগমনৰ আঁৰত পাকিস্তানৰ সৈতে সম্পৰ্ক বিচাৰি পাইছে। তেওঁলোকে অভিযোগ কৰে যে পাকিস্তানে কাশ্মীৰত ড্ৰাগছ সৰবৰাহ কৰি উগ্ৰপন্থীৰ বাবে পুঁজি সংগ্ৰহৰ চেষ্টা চলাইছে।
অৱশ্যে পাকিস্তান চৰকাৰে এই অভিযোগৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে একাংশ ড্ৰাগছ বেপাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে পঞ্জাৱ আৰু ৰাজধানী দিল্লীকে ধৰি ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰাও সামগ্ৰী লাভ কৰে।
‘ড্ৰাগছ সেৱন অঞ্চলটোত নতুন সমস্যা নহয়। কিন্তু আগতে মানুহে ভাং বা আন ঔষধ ব্যৱহাৰ কৰিছিল। হেৰ’ইনৰ ইমান ব্যৱহাৰ নাছিল। এতিয়া হেৰ’ইনৰ ব্যৱহাৰ বৃদ্ধি পাইছে”, ডা. ইয়াছিৰ ৰাথেৰে কয়।
জম্মু-কাশ্মীৰ প্ৰশাসনে যোৱা বছৰ কৰা এক সমীক্ষা অনুসৰি কাশ্মীৰৰ বাৱন্ন হাজাৰতকৈ অধিক লোকে হেৰ’ইন ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে। সমীক্ষাটোৰ মতে এজন নিচাসক্তই ড্ৰাগছ সেৱন কৰিবৰ বাবে মাহে প্ৰায় ৮৮ হাজাৰ টকা খৰচ কৰে।
উল্লেখ্য যে কাশ্মীৰত মাত্ৰ দুটা চৰকাৰী ড্ৰাগছ মুক্তি কেন্দ্ৰ আছে আৰু দুয়োটা কেৱল শ্ৰীনগৰত অৱস্থিত। আনহাতে ব্যক্তিগতখণ্ডৰ নিচা মুক্তি কেন্দ্ৰসমূহত খৰচৰ পৰিমাণ বেছি হোৱাৰ বাবে নিচাসক্তই চিকিৎসা বাব সহায় লাভৰ পৰা বঞ্চিত হৈ ৰয়।
আৰক্ষীৰ তথ্য অনুসৰি ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত ড্ৰাগছ বিৰোধী আইনৰ অধীনত কাশ্মীৰত ৫ হাজাৰৰো অধিক গোচৰ ৰুজু হৈছে। আৰক্ষীৰ মতে, ড্ৰাগছ সেৱনৰ সৈতে মোকাবিলা কৰাটো কেৱল আৰক্ষীৰ কাম নহয়। সমাজেও আগবাঢ়ি আহিব লাগে।
উল্লেখ্য যে এই ড্ৰাগছ আসক্তিৰ বাবে আন এক সামাজিক সমস্যাই কাশ্মীৰত গা কৰি উঠিছে। সেয়া হ’ল চুৰি আৰু ডকাইতিৰ দৰে ঘটনা। ড্ৰাগছ আসক্তিৰ বাবে প্ৰয়োজনীয় বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰাৰ ক্ষমতা সাধাৰণ মানুহৰ নাই। ফলত মানুহে চুৰি কৰি বা আন অপৰাধত লিপ্ত হৈ ড্ৰাগছ সেৱনৰ বাবে ধন সংগ্ৰহ কৰিব বিচাৰে।