--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ধৰ্মান্তৰকৰণৰ এটা ৰেকেট উন্মোচন কৰিছে৷ য’ত কিশোৰ-কিশোৰীক অনলাইন গেমিং এপ্লিকেচনৰ জৰিয়তে লক্ষ্য কৰি ধৰ্মান্তৰিত কৰিবলৈ প্ৰলোভিত কৰা বুলি গেঙটোৰ বিৰুদ্ধে দাবী উত্থাপন হৈছে৷

‘ফৰ্টনাইট’ নামৰ অনলাইন গেমিং এপটো ধৰ্মান্তৰকৰণৰ বাবে সৰু আৰু আৱেগিক শিশুক লক্ষ্য কৰি লোৱাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানেৰ দ্বিতীয়জন অভিযুক্ত পলাতক আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

গাজিয়াবাদ (চহৰ)ৰ উপ-আৰক্ষী আয়ুক্ত নিপুন আগৰৱালে কয় যে অভিযুক্ত শ্বাহনৱাজ খানৰ ডিজিটেল নাম ‘বড্ডো’৷ ‘ফৰ্টনাইট’ত খেলি থকা শিশুসকলক দেখা পাইছিল।পূৰ্বে অভিযুক্তসকলে অনলাইন গেমিং এপৰ ডিচকৰ্ড চেটিং প্লেটফৰ্মত লক্ষ্য কৰি লোৱা শিশুসকলৰ সৈতে যোগাযোগ ৰাখিছিল, য’ত তেওঁলোকক জাকিৰ নাইক আৰু তাৰিক জমিলকে ধৰি কঠোৰ প্ৰচাৰকৰ ভিডিঅ’ দেখুওৱা বুলি অভিযোগ উঠিছে।

তদন্তৰ সময়ত দেখা গ’ল যে উক্ত চেটিং ইঞ্জিনটোত আগতে ইউৰোপৰ বিভিন্ন প্ৰান্তৰ আন শিশু আছিল, ইয়াৰ পৰা বুজা যায় যে এই মোডাছ অপাৰেণ্ডিৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ আছে। এই শিশুসকল প্ৰথমে খ্ৰীষ্টান আছিল যদিও পিছলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে।গাজিয়াবাদত ধৰ্মান্তৰিত হোৱা হিন্দু নাবালক এজনে কয় যে তেওঁ আগতে পাকিস্তানস্থিত ইউটিউব চেনেল দ্য ইউথ ক্লাব চাইছিল, য’ত ইছলাম সম্পৰ্কীয় উত্তেজক ভিডিঅ’ আছিল।

গাজিয়াবাদ আৰক্ষীয়ে অধিক তদন্তৰ বাবে চণ্ডীগড় আৰু ফৰিদাবাদত তদন্ত কৰি আছে। এই মোডাছ অপাৰেণ্ডীৰ কথিত মাষ্টাৰমাইণ্ড শ্বাহনৱাজ খান ওৰফে বড্ডোক গ্ৰেপ্তাৰ কৰিবলৈ মহাৰাষ্ট্ৰলৈ আৰক্ষীৰ এটা দলক ইতিমধ্যে দায়িত্ব প্ৰদান কৰা হৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক