--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ধৰ্মান্তৰকৰণৰ এটা ৰেকেট উন্মোচন কৰিছে৷ য’ত কিশোৰ-কিশোৰীক অনলাইন গেমিং এপ্লিকেচনৰ জৰিয়তে লক্ষ্য কৰি ধৰ্মান্তৰিত কৰিবলৈ প্ৰলোভিত কৰা বুলি গেঙটোৰ বিৰুদ্ধে দাবী উত্থাপন হৈছে৷

‘ফৰ্টনাইট’ নামৰ অনলাইন গেমিং এপটো ধৰ্মান্তৰকৰণৰ বাবে সৰু আৰু আৱেগিক শিশুক লক্ষ্য কৰি লোৱাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। মহাৰাষ্ট্ৰৰ থানেৰ দ্বিতীয়জন অভিযুক্ত পলাতক আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

গাজিয়াবাদ (চহৰ)ৰ উপ-আৰক্ষী আয়ুক্ত নিপুন আগৰৱালে কয় যে অভিযুক্ত শ্বাহনৱাজ খানৰ ডিজিটেল নাম ‘বড্ডো’৷ ‘ফৰ্টনাইট’ত খেলি থকা শিশুসকলক দেখা পাইছিল।পূৰ্বে অভিযুক্তসকলে অনলাইন গেমিং এপৰ ডিচকৰ্ড চেটিং প্লেটফৰ্মত লক্ষ্য কৰি লোৱা শিশুসকলৰ সৈতে যোগাযোগ ৰাখিছিল, য’ত তেওঁলোকক জাকিৰ নাইক আৰু তাৰিক জমিলকে ধৰি কঠোৰ প্ৰচাৰকৰ ভিডিঅ’ দেখুওৱা বুলি অভিযোগ উঠিছে।

তদন্তৰ সময়ত দেখা গ’ল যে উক্ত চেটিং ইঞ্জিনটোত আগতে ইউৰোপৰ বিভিন্ন প্ৰান্তৰ আন শিশু আছিল, ইয়াৰ পৰা বুজা যায় যে এই মোডাছ অপাৰেণ্ডিৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ আছে। এই শিশুসকল প্ৰথমে খ্ৰীষ্টান আছিল যদিও পিছলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে।গাজিয়াবাদত ধৰ্মান্তৰিত হোৱা হিন্দু নাবালক এজনে কয় যে তেওঁ আগতে পাকিস্তানস্থিত ইউটিউব চেনেল দ্য ইউথ ক্লাব চাইছিল, য’ত ইছলাম সম্পৰ্কীয় উত্তেজক ভিডিঅ’ আছিল।

গাজিয়াবাদ আৰক্ষীয়ে অধিক তদন্তৰ বাবে চণ্ডীগড় আৰু ফৰিদাবাদত তদন্ত কৰি আছে। এই মোডাছ অপাৰেণ্ডীৰ কথিত মাষ্টাৰমাইণ্ড শ্বাহনৱাজ খান ওৰফে বড্ডোক গ্ৰেপ্তাৰ কৰিবলৈ মহাৰাষ্ট্ৰলৈ আৰক্ষীৰ এটা দলক ইতিমধ্যে দায়িত্ব প্ৰদান কৰা হৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ