--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন নাটৰ সামৰণি মাৰিলে 'গণকণ্ঠ’ গাড্ডাৰে। তেলেংগানাৰ লোকশিল্পী, কবি তথা প্ৰাক্তন নক্সাল এক্টিভিষ্টগৰাকী ৭৭ বছৰ বয়সত মৃত্যু হয়। গাড্ডাৰ হিচাপে পৰিচিত হ’লেও তেওঁৰ প্ৰকৃত নাম আছিল-  গুমাদ্দি বিত্তল ৰাও।

তেওঁ হৃদৰোগত আক্ৰান্ত আছিল। যোৱা ২০ জুলাইত হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বাইপাছ অস্ত্ৰোপচাৰ কৰা হয়। দেওবাৰে তেওঁ শেষ উশাহ লয়।

গাদ্দাৰ ‘গণকণ্ঠ’ হিচাপে পৰিচিত আছিল। তেওঁ দীৰ্ঘদিন ধৰি নক্সালবাদী সমৰ্থক আন্দোলনৰ সৈতে জড়িত আছিল। কিন্তু ২০১০ চনৰ পৰা তেওঁৰ লগত দূৰত্ব গঢ় লৈ উঠিবলৈ ধৰিলে। সুকীয়া তেলেংগানা ৰাজ্যৰ আন্দোলনতো তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই আন্দোলনৰ অন্যতম মুখ হৈ পৰিল তেওঁ।

গাদ্দাৰৰ জন্ম হৈছিল বৰ্তমানৰ তেলেংগানাৰ মেডক জিলাৰ টুপ্ৰানত। সৰুৰে পৰা তেওঁ বিভিন্ন গণ আন্দোলন আৰু পিছলৈ নক্সাল আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অতি সোনকালেই তেওঁ বিপ্লৱী গীতৰ বাবে বিখ্যাত হৈ পৰে। আশীৰ দশকত গাদ্দাৰে চিপিআইএমএল জন ৱাৰ্ড গোটত কাম কৰিছিল। পিছলৈ এই গোটটো নতুন সংগঠন চিপিআই (মাওবাদী)ত একত্ৰিত হয়। তেওঁ বিপ্লৱৰ বাবে এছোৱা সময় অৰণ্যতো আত্মগোপন কৰিছিল।

গাদ্দাৰৰ খ্যাতি অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ বাহিৰেও দেশজুৰি বিয়পি পৰিছিল। শেহতীয়াকৈ খাম্মামত তেলেংগানা কংগ্ৰেছৰ এখন বৈঠকত তেওঁক দেখা গৈছিল। সেই বৈঠকত ৰাহুল গান্ধীও উপস্থিত আছিল। সভাত ৰাহুলে গাদ্দাৰক সাৱটি ধৰিছিল। গাদ্দাৰে কেইমাহমান পূৰ্বে নতুন দল গঠনৰ কথা ঘোষণা কৰিছিল। কিন্তু তাৰ আগতেই তেওঁৰ মৃত্যু হয়।

গাড্ডাৰৰ মৃ্ত্যুত ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, প্ৰিয়ংকা গান্ধীকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাই শোকপ্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়