--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন নাটৰ সামৰণি মাৰিলে 'গণকণ্ঠ’ গাড্ডাৰে। তেলেংগানাৰ লোকশিল্পী, কবি তথা প্ৰাক্তন নক্সাল এক্টিভিষ্টগৰাকী ৭৭ বছৰ বয়সত মৃত্যু হয়। গাড্ডাৰ হিচাপে পৰিচিত হ’লেও তেওঁৰ প্ৰকৃত নাম আছিল-  গুমাদ্দি বিত্তল ৰাও।

তেওঁ হৃদৰোগত আক্ৰান্ত আছিল। যোৱা ২০ জুলাইত হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বাইপাছ অস্ত্ৰোপচাৰ কৰা হয়। দেওবাৰে তেওঁ শেষ উশাহ লয়।

গাদ্দাৰ ‘গণকণ্ঠ’ হিচাপে পৰিচিত আছিল। তেওঁ দীৰ্ঘদিন ধৰি নক্সালবাদী সমৰ্থক আন্দোলনৰ সৈতে জড়িত আছিল। কিন্তু ২০১০ চনৰ পৰা তেওঁৰ লগত দূৰত্ব গঢ় লৈ উঠিবলৈ ধৰিলে। সুকীয়া তেলেংগানা ৰাজ্যৰ আন্দোলনতো তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই আন্দোলনৰ অন্যতম মুখ হৈ পৰিল তেওঁ।

গাদ্দাৰৰ জন্ম হৈছিল বৰ্তমানৰ তেলেংগানাৰ মেডক জিলাৰ টুপ্ৰানত। সৰুৰে পৰা তেওঁ বিভিন্ন গণ আন্দোলন আৰু পিছলৈ নক্সাল আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অতি সোনকালেই তেওঁ বিপ্লৱী গীতৰ বাবে বিখ্যাত হৈ পৰে। আশীৰ দশকত গাদ্দাৰে চিপিআইএমএল জন ৱাৰ্ড গোটত কাম কৰিছিল। পিছলৈ এই গোটটো নতুন সংগঠন চিপিআই (মাওবাদী)ত একত্ৰিত হয়। তেওঁ বিপ্লৱৰ বাবে এছোৱা সময় অৰণ্যতো আত্মগোপন কৰিছিল।

গাদ্দাৰৰ খ্যাতি অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ বাহিৰেও দেশজুৰি বিয়পি পৰিছিল। শেহতীয়াকৈ খাম্মামত তেলেংগানা কংগ্ৰেছৰ এখন বৈঠকত তেওঁক দেখা গৈছিল। সেই বৈঠকত ৰাহুল গান্ধীও উপস্থিত আছিল। সভাত ৰাহুলে গাদ্দাৰক সাৱটি ধৰিছিল। গাদ্দাৰে কেইমাহমান পূৰ্বে নতুন দল গঠনৰ কথা ঘোষণা কৰিছিল। কিন্তু তাৰ আগতেই তেওঁৰ মৃত্যু হয়।

গাড্ডাৰৰ মৃ্ত্যুত ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, প্ৰিয়ংকা গান্ধীকে ধৰি কেইবাজনো ৰাজনৈতিক নেতাই শোকপ্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস