--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰা ভাৰতৰ, কইনা পাকিস্তানৰ। কিন্তু বিবাহ সম্পন্ন কৰিবলৈ পাকিস্তানৰ কইনাই নাপালে ভিছা। ভাৰতলৈ আহিবলৈ তেওঁ কিছুদিন পূৰ্বে ভিছাৰ বাবে আবেদন জনাইছিল যদিও  ভিছা মঞ্জুৰ কৰা হোৱা নাই। ভিছা কেতিয়া উপলব্ধ হ'ব তাৰ উত্তৰ কাৰো ওচৰত নাই। এনে পৰিস্থিতিত পাকিস্তানৰ  কইনা আৰু ভাৰতীয় দৰাই অনলাইনতে বিবাহপাশত আৱদ্ধ হৈছে । দম্পতীহালে  অনলাইনত বিবাহপাশত আৱদ্ধ হোৱাৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে। 

দুয়োটা পৰিয়ালৰ আত্মীয়সকলে বিবাহ অনুষ্ঠানটোৰ সময়ত  পৰ্দাত সকলো ধৰ্মীয় ৰাতি-নীতি পালন কৰে। শেহতীয়াকৈ পাকিস্তানৰ আমিনাৰ নিকাহ যোধপুৰৰ বাসিন্দা আৰবাজৰ সৈতে ঠিক কৰা হৈছিল। কিন্তু আবেদন কৰা স্বত্বেও আমিনাই ভিছা নাপালে। ফলস্বৰূপে বিবাহ অনুষ্ঠানকলৈ  অনিশ্চয়তাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত দুয়োৱে  অনলাইনতে বিয়াত বহাৰ সিদ্ধান্ত লয়।

আৰবাজ আৰু আমিনাই  ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিবাহ সম্পন্ন কৰে।বিবাহ অনুষ্ঠানত  দুয়োখন দেশৰ কাজি উপস্থিত আছিল। তেওঁলোকেই সকলো নিয়ম অনুসৰি বিবাহ অনুষ্ঠান সম্পাদন কৰে। বিয়াখনত দুয়োপক্ষৰ আত্মীয় আৰু বন্ধুবৰ্গ উপস্থিত আছিল।

কিন্তু এনে সিদ্ধান্ত কিয়? নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা আৰবাজে কয়, "বৰ্তমান দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অতি বেয়া। গতিকে আবেদন কৰিলেও ভিছা পোৱাত কিমান পলম হ'ব সেয়া কোনেও নাজানে। গতিকে মই অনলাইনত বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিলো।’’

আৰবাজৰ পৰিয়ালে কয়  যে যদি বিবাহখন পাকিস্তানৰ মাটিত হ'লহেঁতেন, ভাৰতত সেই বিবাহ আইনী নহ'লহেঁতেন। অৱশ্যে আৰবাজে আশা কৰে যে যদি তেওঁ বিবাহনিকাহনামা অনলাইনত দেখুৱাই আবেদন কৰে, তেন্তে তেওঁ সোনকালেই ভিছা পাব পাৰে। আৰবাজৰ পৰিয়ালে বৰ্তমান আমিনাক তেওঁৰ পৰিয়ালৰ সৈতে ভাৰতলৈ স্বাগতম জনোৱাৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়