--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰা ভাৰতৰ, কইনা পাকিস্তানৰ। কিন্তু বিবাহ সম্পন্ন কৰিবলৈ পাকিস্তানৰ কইনাই নাপালে ভিছা। ভাৰতলৈ আহিবলৈ তেওঁ কিছুদিন পূৰ্বে ভিছাৰ বাবে আবেদন জনাইছিল যদিও  ভিছা মঞ্জুৰ কৰা হোৱা নাই। ভিছা কেতিয়া উপলব্ধ হ'ব তাৰ উত্তৰ কাৰো ওচৰত নাই। এনে পৰিস্থিতিত পাকিস্তানৰ  কইনা আৰু ভাৰতীয় দৰাই অনলাইনতে বিবাহপাশত আৱদ্ধ হৈছে । দম্পতীহালে  অনলাইনত বিবাহপাশত আৱদ্ধ হোৱাৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে। 

দুয়োটা পৰিয়ালৰ আত্মীয়সকলে বিবাহ অনুষ্ঠানটোৰ সময়ত  পৰ্দাত সকলো ধৰ্মীয় ৰাতি-নীতি পালন কৰে। শেহতীয়াকৈ পাকিস্তানৰ আমিনাৰ নিকাহ যোধপুৰৰ বাসিন্দা আৰবাজৰ সৈতে ঠিক কৰা হৈছিল। কিন্তু আবেদন কৰা স্বত্বেও আমিনাই ভিছা নাপালে। ফলস্বৰূপে বিবাহ অনুষ্ঠানকলৈ  অনিশ্চয়তাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত দুয়োৱে  অনলাইনতে বিয়াত বহাৰ সিদ্ধান্ত লয়।

আৰবাজ আৰু আমিনাই  ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিবাহ সম্পন্ন কৰে।বিবাহ অনুষ্ঠানত  দুয়োখন দেশৰ কাজি উপস্থিত আছিল। তেওঁলোকেই সকলো নিয়ম অনুসৰি বিবাহ অনুষ্ঠান সম্পাদন কৰে। বিয়াখনত দুয়োপক্ষৰ আত্মীয় আৰু বন্ধুবৰ্গ উপস্থিত আছিল।

কিন্তু এনে সিদ্ধান্ত কিয়? নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা আৰবাজে কয়, "বৰ্তমান দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অতি বেয়া। গতিকে আবেদন কৰিলেও ভিছা পোৱাত কিমান পলম হ'ব সেয়া কোনেও নাজানে। গতিকে মই অনলাইনত বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিলো।’’

আৰবাজৰ পৰিয়ালে কয়  যে যদি বিবাহখন পাকিস্তানৰ মাটিত হ'লহেঁতেন, ভাৰতত সেই বিবাহ আইনী নহ'লহেঁতেন। অৱশ্যে আৰবাজে আশা কৰে যে যদি তেওঁ বিবাহনিকাহনামা অনলাইনত দেখুৱাই আবেদন কৰে, তেন্তে তেওঁ সোনকালেই ভিছা পাব পাৰে। আৰবাজৰ পৰিয়ালে বৰ্তমান আমিনাক তেওঁৰ পৰিয়ালৰ সৈতে ভাৰতলৈ স্বাগতম জনোৱাৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস