--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মহান আৰু প্ৰতিভাশালী গায়ক মহম্মদ ৰফিৰ(Mohammed Rafi)আজি মৃত্যু দিৱস। ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় নেপথ্য গায়ক মহম্মদ ৰফিৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৪ ডিচেম্বৰ তাৰিখে পঞ্জাৱৰ কোটলা চুলতান সিঙত। ৰফি চাহাব তেওঁৰ কণ্ঠস্বৰৰ বহুমুখীতাৰ বাবে পৰিচিত আছিল 

মহম্মদী ৰফি চাহাবে বহু চিৰসেউজ গীতত কণ্ঠ দিছে, যিবোৰ এতিয়াও মানুহৰ মাজত অতি জনপ্ৰিয়। মহম্মদ ৰফিয়ে গোটেই জীৱনটো গানতেই উচৰ্গা কৰিছিল, আনকি জীৱনৰ শেষ দিনটোতো ৰফি চাহাব গান ৰেকৰ্ডিং কৰাত ব্যস্ত আছিল। ১৯৮০ চনৰ ৩১ জুলাইত মহম্মদ ৰফীয়ে বিশ্বক চিৰবিদায় জনাইছিল আৰু ভাৰতে সেইদিনা হেৰুৱাই পেলাইছিল এক অমূল্য হীৰা। মহম্মদ ৰফি চাহাব কেৱল গান গোৱাৰ বাবেই নহয়, সৰলতাৰ বাবেও পৰিচিত আছিল। 

পঞ্জাৱৰ কোটলা চুলতান সিং গাঁৱত হাজী আলী মহম্মদৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মহম্মদ ৰফীয়ে। ছয়জন ভাই-ভনীৰ ভিতৰত দ্বিতীয় সন্তান আছিল ৰফি চাহাব। মহম্মদ ৰফীয়ে ৰাস্তাত ফকীৰে গান গোৱা শুনিয়েই গান গাবলৈ আৰম্ভ কৰিছিল। সংগীতৰ প্ৰতি থকা তেওঁৰ সমৰ্পণৰ বাবেই তেওঁ আজি এই পৃথিৱীত নথকা সত্ত্বেও সংগীতৰ আকাশত তৰা হৈ জিলিকি আছে ।

মহম্মদ ৰফি যদিও এজন বিখ্যাত গায়ক আছিল তথাপিও তেওঁ পাব্লিচিটি একেবাৰে ভালপোৱা নাছিল। তেওঁ যেতিয়া কাৰোবাৰ বিয়ালৈ গৈছিল তেতিয়াই ড্ৰাইভাৰক ৰৈ থাকিবলৈ কৈছিল। ইয়াৰ পিছত ৰফি চাহাবে পোনপটীয়াকৈ বিবাহিত দম্পতীৰ ওচৰলৈ গৈ বিয়াৰ শুভকামনা জনাই উপহাৰ দিছিল আৰু তাৰপিছতে তেওঁৰ গাড়ীত আহি বহিছিল। অলপ সময়ো তেওঁ বিবাহ অনুষ্ঠানত থকা নাছিল।

গান গোৱাৰ সমান্তৰালকৈ বেডমিণ্টন খেলা আৰু চিলা উৰোৱাতো তেওঁৰ বৰ আকৰ্ষণ আছিল। মহম্মদ ৰফীয়ে মাত্ৰ ১৯ বছৰ বয়সতে ১৩ বছৰীয়া বিলকিছ বানোৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছিল ৭টিকৈ সন্তান।

ৰফিয়ে গোৱা শেষ গানটো আছিল আস-পাছ(Aas paas) চলচ্চিত্ৰৰ বাবে। কোৱা হয় যে, "শাম ফিৰ কিউ উদাস হে দোষ্ট / তু কহি আস পাছ হে দোষ্ট", শীৰ্ষক গীততি তেওঁৰ মৃত্যুৰ কেইঘণ্টামান আগতে ৰেকৰ্ড কৰা হৈছিল। ৰফি চাহাবে প্ৰযোজকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰেকৰ্ডিং আৰম্ভ কৰিলে। তেওঁ বুকুৰ বিষ অনুভৱ কৰি আছিল যদিও ৰফি চাহাবে সেই বিষয়ে কাকো কোৱা নাছিল আৰু গীতটো ৰেকৰ্ডিং কৰাত ব্যস্ত আছিল। ইয়াৰ পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। ভাৰতীয় সংগীত জগতে হেৰুৱালে এক কিংবদন্তি। যিটো পূৰণ কৰাটো অসম্ভৱ। 

সংগীত জগতলৈ আগবঢ়োৱা সন্মানৰ বাবে ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। মহম্মদ ৰফিয়ে ছবাৰ ফিল্মফেয়াৰ বঁটা আৰু এবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এইগৰাকী মহান শিল্পীৰ মৃত্যু দিৱসত প্ৰাগ নিউজৰ ফালৰ পৰা যাচিলোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ