--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মহান আৰু প্ৰতিভাশালী গায়ক মহম্মদ ৰফিৰ(Mohammed Rafi)আজি মৃত্যু দিৱস। ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় নেপথ্য গায়ক মহম্মদ ৰফিৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৪ ডিচেম্বৰ তাৰিখে পঞ্জাৱৰ কোটলা চুলতান সিঙত। ৰফি চাহাব তেওঁৰ কণ্ঠস্বৰৰ বহুমুখীতাৰ বাবে পৰিচিত আছিল। 

মহম্মদী ৰফি চাহাবে বহু চিৰসেউজ গীতত কণ্ঠ দিছে, যিবোৰ এতিয়াও মানুহৰ মাজত অতি জনপ্ৰিয়। মহম্মদ ৰফিয়ে গোটেই জীৱনটো গানতেই উচৰ্গা কৰিছিল, আনকি জীৱনৰ শেষ দিনটোতো ৰফি চাহাব গান ৰেকৰ্ডিং কৰাত ব্যস্ত আছিল। ১৯৮০ চনৰ ৩১ জুলাইত মহম্মদ ৰফীয়ে বিশ্বক চিৰবিদায় জনাইছিল আৰু ভাৰতে সেইদিনা হেৰুৱাই পেলাইছিল এক অমূল্য হীৰা। মহম্মদ ৰফি চাহাব কেৱল গান গোৱাৰ বাবেই নহয়, সৰলতাৰ বাবেও পৰিচিত আছিল। 

পঞ্জাৱৰ কোটলা চুলতান সিং গাঁৱত হাজী আলী মহম্মদৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মহম্মদ ৰফীয়ে। ছয়জন ভাই-ভনীৰ ভিতৰত দ্বিতীয় সন্তান আছিল ৰফি চাহাব। মহম্মদ ৰফীয়ে ৰাস্তাত ফকীৰে গান গোৱা শুনিয়েই গান গাবলৈ আৰম্ভ কৰিছিল। সংগীতৰ প্ৰতি থকা তেওঁৰ সমৰ্পণৰ বাবেই তেওঁ আজি এই পৃথিৱীত নথকা সত্ত্বেও সংগীতৰ আকাশত তৰা হৈ জিলিকি আছে ।

মহম্মদ ৰফি যদিও এজন বিখ্যাত গায়ক আছিল তথাপিও তেওঁ পাব্লিচিটি একেবাৰে ভালপোৱা নাছিল। তেওঁ যেতিয়া কাৰোবাৰ বিয়ালৈ গৈছিল তেতিয়াই ড্ৰাইভাৰক ৰৈ থাকিবলৈ কৈছিল। ইয়াৰ পিছত ৰফি চাহাবে পোনপটীয়াকৈ বিবাহিত দম্পতীৰ ওচৰলৈ গৈ বিয়াৰ শুভকামনা জনাই উপহাৰ দিছিল আৰু তাৰপিছতে তেওঁৰ গাড়ীত আহি বহিছিল। অলপ সময়ো তেওঁ বিবাহ অনুষ্ঠানত থকা নাছিল।

গান গোৱাৰ সমান্তৰালকৈ বেডমিণ্টন খেলা আৰু চিলা উৰোৱাতো তেওঁৰ বৰ আকৰ্ষণ আছিল। মহম্মদ ৰফীয়ে মাত্ৰ ১৯ বছৰ বয়সতে ১৩ বছৰীয়া বিলকিছ বানোৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছিল ৭টিকৈ সন্তান।

ৰফিয়ে গোৱা শেষ গানটো আছিল আস-পাছ(Aas paas) চলচ্চিত্ৰৰ বাবে। কোৱা হয় যে, "শাম ফিৰ কিউ উদাস হে দোষ্ট / তু কহি আস পাছ হে দোষ্ট", শীৰ্ষক গীততি তেওঁৰ মৃত্যুৰ কেইঘণ্টামান আগতে ৰেকৰ্ড কৰা হৈছিল। ৰফি চাহাবে প্ৰযোজকক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰেকৰ্ডিং আৰম্ভ কৰিলে। তেওঁ বুকুৰ বিষ অনুভৱ কৰি আছিল যদিও ৰফি চাহাবে সেই বিষয়ে কাকো কোৱা নাছিল আৰু গীতটো ৰেকৰ্ডিং কৰাত ব্যস্ত আছিল। ইয়াৰ পিছত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। ভাৰতীয় সংগীত জগতে হেৰুৱালে এক কিংবদন্তি। যিটো পূৰণ কৰাটো অসম্ভৱ। 

সংগীত জগতলৈ আগবঢ়োৱা সন্মানৰ বাবে ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। মহম্মদ ৰফিয়ে ছবাৰ ফিল্মফেয়াৰ বঁটা আৰু এবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এইগৰাকী মহান শিল্পীৰ মৃত্যু দিৱসত প্ৰাগ নিউজৰ ফালৰ পৰা যাচিলোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু