--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলিউডৰ জনপ্ৰিয় তাৰকা দিশা-টাইগাৰৰ বিচ্ছেদৰ খবৰটো বৰ্তমান সকলোতে চৰ্চাত আছে। আনহাতে শেহতীয়াকৈ তেওঁলোক দুয়োয়ে  ইজনে সিজনক প্ৰশংসা কৰা দেখা যায়। এক ভিলেইন ৰিটাৰ্ণছৰ প্ৰমোচনৰ সময়ত যেতিয়া দিশাক প্ৰশ্ন কৰিছিল যে টাইগাৰ, জন আব্ৰাহাম আৰু অৰ্জুন কাপুৰে যদি  ইউনিভাৰ্ছ ২০২২ত অংশগ্ৰহণ কৰে, তেন্তে বিজয়ী কোন হ’ব। এই প্ৰশ্নৰ উত্তৰত দিশাই চিন্তা নকৰাকৈয়ে টাইগাৰৰ নাম লৈছিল।

দিশা পাটানি আৰু টাইগাৰ শ্ৰফে কেতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাছিল। ইয়াৰ পাছতো দিশা-টাইগাৰক বলীউডৰ অন্যতম জনপ্ৰিয় যুটি হিচাপে গণ্য কৰা হয়। দুয়োকে প্ৰায়ে একেলগে দেখা যায় । দিশা-টাইগাৰৰ ঘনিষ্ঠতাৰ কাহিনীবোৰে সদায় বহু বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ বহুকেইটা বাতৰিত দাবী কৰা হৈছে যে একেলগে থকা দম্পতীহাল এতিয়া একেলগে নাই। কিন্তু হয়তো এইটো সঁচা নহয়। অন্ততঃ এই কথা টাইগাৰৰ এটা নতুন পোষ্টে প্ৰমাণ কৰিছে।

দিশা পাটানী আৰু টাইগাৰ শ্ৰফৰ বিচ্ছেদৰ খবৰটোৱে সকলোকে স্তম্ভিত কৰিছে। অৱশ্যে দিশা বা টাইগাৰেও এই সন্দৰ্ভত এতিয়ালৈকে একো কোৱা নাই। কিন্তু দুয়োৰে মাজত যেন সকলো ঠিকেই আছে। টাইগাৰ শ্ৰফৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টে দিছে ইয়াৰ সাক্ষ্য। দৰাচলতে এক ভিলেইন ৰিটাৰ্ণছৰ বাবে দিশাক প্ৰশংসা কৰিছে ‘হিৰোপন্টি’ অভিনেতা গৰাকীয়ে।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক ভিলেইন ৰিটাৰ্ণছৰ পোষ্টাৰ পোষ্ট কৰাৰ সময়তে টাইগাৰ শ্ৰফে লিখিছে – কি এক মহান ছবি আৰু সমগ্ৰ অভিনেতা-অভিনেত্ৰীয়ে এক সুন্দৰ কাম কৰিছে। অভিনন্দন বন্ধুসকল। ইয়াৰ লগতে টাইগাৰে এটা হাৰ্ট আৰু ফায়াৰ ইমোজিও শ্বেয়াৰ কৰিছে। ব্ৰেকআপৰ খবৰৰ মাজতে দিশা পাটনীৰ ছবিখনৰ বাবে টাইগাৰৰ পোষ্টটো সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে।

ব্ৰেকআপৰ খবৰৰ মাজতে এনেকৈ দুয়োয়ে দুয়োক কৰা প্ৰশংসাৰ পৰা এয়া স্পষ্ট যে দিশা-টাইগাৰ একেলগে আছে। এতিয়া বন্ধুত্বই হওক বা প্ৰেমৰ সম্পৰ্কই হওক,  দিশা আৰু টাইগাৰৰ সম্পৰ্ক সঁচা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু