--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলিউডৰ জনপ্ৰিয় তাৰকা দিশা-টাইগাৰৰ বিচ্ছেদৰ খবৰটো বৰ্তমান সকলোতে চৰ্চাত আছে। আনহাতে শেহতীয়াকৈ তেওঁলোক দুয়োয়ে  ইজনে সিজনক প্ৰশংসা কৰা দেখা যায়। এক ভিলেইন ৰিটাৰ্ণছৰ প্ৰমোচনৰ সময়ত যেতিয়া দিশাক প্ৰশ্ন কৰিছিল যে টাইগাৰ, জন আব্ৰাহাম আৰু অৰ্জুন কাপুৰে যদি  ইউনিভাৰ্ছ ২০২২ত অংশগ্ৰহণ কৰে, তেন্তে বিজয়ী কোন হ’ব। এই প্ৰশ্নৰ উত্তৰত দিশাই চিন্তা নকৰাকৈয়ে টাইগাৰৰ নাম লৈছিল।

দিশা পাটানি আৰু টাইগাৰ শ্ৰফে কেতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাছিল। ইয়াৰ পাছতো দিশা-টাইগাৰক বলীউডৰ অন্যতম জনপ্ৰিয় যুটি হিচাপে গণ্য কৰা হয়। দুয়োকে প্ৰায়ে একেলগে দেখা যায় । দিশা-টাইগাৰৰ ঘনিষ্ঠতাৰ কাহিনীবোৰে সদায় বহু বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ বহুকেইটা বাতৰিত দাবী কৰা হৈছে যে একেলগে থকা দম্পতীহাল এতিয়া একেলগে নাই। কিন্তু হয়তো এইটো সঁচা নহয়। অন্ততঃ এই কথা টাইগাৰৰ এটা নতুন পোষ্টে প্ৰমাণ কৰিছে।

দিশা পাটানী আৰু টাইগাৰ শ্ৰফৰ বিচ্ছেদৰ খবৰটোৱে সকলোকে স্তম্ভিত কৰিছে। অৱশ্যে দিশা বা টাইগাৰেও এই সন্দৰ্ভত এতিয়ালৈকে একো কোৱা নাই। কিন্তু দুয়োৰে মাজত যেন সকলো ঠিকেই আছে। টাইগাৰ শ্ৰফৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টে দিছে ইয়াৰ সাক্ষ্য। দৰাচলতে এক ভিলেইন ৰিটাৰ্ণছৰ বাবে দিশাক প্ৰশংসা কৰিছে ‘হিৰোপন্টি’ অভিনেতা গৰাকীয়ে।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক ভিলেইন ৰিটাৰ্ণছৰ পোষ্টাৰ পোষ্ট কৰাৰ সময়তে টাইগাৰ শ্ৰফে লিখিছে – কি এক মহান ছবি আৰু সমগ্ৰ অভিনেতা-অভিনেত্ৰীয়ে এক সুন্দৰ কাম কৰিছে। অভিনন্দন বন্ধুসকল। ইয়াৰ লগতে টাইগাৰে এটা হাৰ্ট আৰু ফায়াৰ ইমোজিও শ্বেয়াৰ কৰিছে। ব্ৰেকআপৰ খবৰৰ মাজতে দিশা পাটনীৰ ছবিখনৰ বাবে টাইগাৰৰ পোষ্টটো সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে।

ব্ৰেকআপৰ খবৰৰ মাজতে এনেকৈ দুয়োয়ে দুয়োক কৰা প্ৰশংসাৰ পৰা এয়া স্পষ্ট যে দিশা-টাইগাৰ একেলগে আছে। এতিয়া বন্ধুত্বই হওক বা প্ৰেমৰ সম্পৰ্কই হওক,  দিশা আৰু টাইগাৰৰ সম্পৰ্ক সঁচা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ