--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঈদ-উল-ফিটৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ ডাঙৰ ধৰ্মীয় উৎসৱ। দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিমসকলে এই দিনটোত ধৰ্মীয় কৰ্তব্যসমূহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।

ৰমজান মাহৰ এমাহ ব্যাপী কঠোৰ ৰোজাব্ৰত বা উপবাসৰ অন্তত কাইলৈ ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব ঈদ-উল-ফিটৰ। ছৌদি আৰৱত দেখা গ’ল ঈদৰ জোন।

আৰু ইয়াৰ পিছতেই কাইলৈ অৰ্থাৎ শনিবাৰে সমগ্ৰ দেশতেই পালন কৰা হ’ব ঈদ। আজি ছৌদি আৰৱত পালন কৰা হ’ব ঈদ-উল-ফিটৰ। ঈদ-উল-ফিটৰক লৈ ব্যাপক আয়োজন কৰা হৈছে ছৌদি আৰৱত।

ঈদৰ বাবে ছৌদি আৰৱত ২১ হাজাৰ মছজিদত একেলগে নামাজ আদায় কৰিছে ইছলাম ধৰ্মী লোকসকলে। 

উল্লেখ্য যে চন্দ্ৰ পঞ্জিকাৰ ওপৰত ভিত্তি কৰি ঈদৰ দিন ধাৰ্য কৰা হয়। এটা শুক্ল প্ৰতিপদৰ পৰা তাৰ পিছৰ অমাৱস্যালৈকে সময়ছোৱাই হ'ল চন্দ্ৰ মাহ। এই হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। 

মুছলমানসকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ'ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালন কৰিলে শুভ হয় বুলি বিশ্বাস কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে