--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময়ে মানুহক ক’ৰ পৰা ক’লৈ লৈ যায় সেয়া কোনেও ক’ব নোৱাৰে। যি আজি আকাশ স্পৰ্শ কৰিছে তেওঁ হয়তো কোনোবা দিনা মাটিত থেকেচা খায়ো পৰিব পাৰে। সকলো সময়ৰে খেল। সময়ৰ হাতত বন্দী আমাৰ জীৱন। হলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ বৰ্তমানৰ অৱস্থাই মানুহক ভবাই তুলিছে সঁচাই এই জীৱন কি? জীৱনৰ ৰং কেতিয়া সলনি হয় সেয়া কোনেও নাজানে। 
Amanda Bynes Hospitalized for 72 Hours After Psychotic Episode
হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আমাণ্ডা বাইনছৰ অৱস্থাই স্তম্ভিত কৰি তুলিছে অনুৰাগীক। ৰাজপথত উলংগ হৈ ঘূৰি ফুৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীক, তাৰ পিছত তেওঁক মানসিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল। আমাণ্ডা বাইপোলাৰ ডিছঅৰ্ডাৰত আক্ৰান্ত। যোৱা কেইবছৰমানৰ পৰা তেওঁৰ মানসিক অৱস্থা সুস্থিৰ হৈ থকা নাই।

আমাণ্ডা বাইনছৰ জীৱন যোৱা কেইবছৰমানৰ পৰা অতি বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ আহিছে। শেহতীয়াকৈ আমাণ্ডাক লছ এঞ্জেলছৰ ৰাজপথত উলংগ হৈ ঘূৰি ফুৰা দেখা গৈছিল। মাজ ৰাস্তাত গাড়ী এখন ৰখাই তেওঁ ড্ৰাইভাৰক নিজৰ কথা কৈছিল। হঠাতে তেওঁৰ হুঁচ আহে যে তেওঁ ৰাস্তাত নগ্ন হৈ ঘূৰি ফুৰিছে তেতিয়া তেওঁ নিজেই ৯১১ নম্বৰৰ মহিলা হেল্পলাইনলৈ ফোন কৰে।
Amanda Bynes says she's retiring from acting
লগে লগে আমাণ্ডাক থানালৈ লৈ যোৱা হয়। য’ত তাৎক্ষণিকভাৱে তেওঁক ৭২ ঘণ্টাৰ বাবে মানসিক চিকিৎসকৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি আমাণ্ডাই কিছুদিন ধৰি ঔষধ সেৱন কৰা নাছিল। বৰ্তমান আমাণ্ডা চিকিৎসালয়ত ভৰ্তি হৈ আছে। তাত কেইদিনমান তেওঁক ৰখা হ’ব আৰু চিকিৎসা কৰা হ’ব। 

পৰিয়ালৰ সৈতেও কোনো সম্পৰ্ক নাই আমাণ্ডা বাইনছৰ। অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন প্ৰেমিক পল মাইকেলে কৈছিল যে আমাণ্ডাই সময়মতে ঔষধ নাখায়, প্ৰায়ে জংঘলীৰ দৰে আচৰণ কৰে আমাণ্ডাই। আমাণ্ডা আৰু পলক শেষবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত একেলগে দেখা গৈছিল। দুয়োৰে বিচ্ছেদ হোৱাৰ পাছত আমাণ্ডাৰ মানসিক অৱস্থাৰ অৱনতি ঘটাৰ খবৰটো চৰ্চালৈ আহিছিল। অভিনেত্ৰীগৰাকীৰ মাতৃয়ে কৈছিল যে আমাণ্ডা ২০১৩ চনৰ পৰা বাইপোলাৰ ডিছঅৰ্ডাৰত আক্ৰান্ত।
Amanda Bynes Plans to Move into L.A. Rental with Fiancé Paul Michael
আমাণ্ডাৰ বৰ্তমান বয়স ৩৬ বছৰ। মাজতে এক সাক্ষাৎকাৰত আমাণ্ডাই কৈছিল যে ''মই ড্ৰাগছৰ প্ৰতি আসক্ত। ইয়াৰ বাবেই মোৰ জীৱনটো ধ্বংস হৈ পৰিল। আগতে ভাবিছিলোঁ এই পৃথিৱীখন মোৰ বাবে নহয়। সকলো ফালে যেন কেৱল দুখ আৰু অন্ধকাৰ। ইয়াক অতিক্ৰম কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিছো। মোৰ বহুত কৰিবলগীয়া কাম আছে। জীৱনটোক নতুনকৈ চাবলৈ বিচাৰো।'' 

‘ৱাট এ গাৰ্ল ৱাণ্টছ’ আৰু ‘ৰবটছ’ৰ দৰে সফল ছবি উপহাৰ দিয়া আমাণ্ডা বাইনছৰ জীৱনটো পুনৰ যেন সুন্দৰ হৈ পৰে তাৰে কামনা কৰিছে তেওঁৰ অনুৰাগীসকলে। ইমান এগৰাকী প্ৰতিভাশালী অভিনেত্ৰীৰ এই দুৰাৱস্থাই সকলোকে দুখ দিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা