--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ কম্পিউটাৰ জগতৰ প্ৰতি দুঃখবৰ। ইণ্টেল কৰ্পৰেশ্যনৰ সহ-প্ৰতিষ্ঠাপক গৰ্ডন মূৰৰ মৃত্যু হৈছে। শুকুৰবাৰে ৯৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। এই কথা মূৰৰ কোম্পানীটোৰ সূত্ৰই প্ৰকাশ কৰিছে।

মূৰ এজন অতি কম পৰিচিত কম্পিউটাৰ অভিযন্তা আছিল। তাৰপাছত অত্যাধুনিক প্ৰযুক্তিৰ জগতখনৰ শাসকলৈ উন্নীত হয়। তেওঁৰ মৃত্যুৰ লগে লগে ইলেক্ট্ৰনিক প্ৰযুক্তিৰ এটা যুগৰ অন্ত পৰিল।

১৯৬৮ চনত যেতিয়া মূৰে ৰবাৰ্ট নয়ছৰ সৈতে মিলি ইণ্টেল কৰ্পৰেশ্যন গঠন কৰে, তেতিয়া তেওঁলোক কম পৰিচিত আছিল। কিন্তু কিছুদিনৰ ভিতৰতে ইণ্টেল সেই পৃথিৱীৰ অন্যতম তাৰকা হৈ পৰিল। কাৰণ, দিনবোৰ বাগৰি যোৱাৰ লগে লগে কোম্পানীটোৱে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল। এটা সময়ত মূৰৰ কোম্পানীয়ে নিৰ্মিত অৰ্ধপৰিবাহী চিপ বিশ্বৰ ৮০ শতাংশ ব্যক্তিগত কম্পিউটাৰত ব্যৱহাৰ কৰা হৈছিল।

মূৰে এক লেখাত কয় যে নতুনকৈ উদ্ভাৱন কৰা ইন্টিগ্ৰেটেড চিপত ট্ৰেঞ্জিষ্টৰৰ ব্যৱহাৰ প্ৰতি বছৰে প্ৰায় দুগুণ হ’ব। তেওঁৰ এই পৰ্যবেক্ষণ ‘মূৰৰ নীতি’ নামেৰে জনাজাত হৈ পৰিছিল। মূৰৰ গৱেষণা পত্ৰখন প্ৰকাশ পোৱাৰ পিছত মেম’ৰী চিপ প্ৰযুক্তিগতভাৱে অধিক উন্নত হৈ পৰে। ইয়াৰ উপৰিও ইয়াৰ দামও যথেষ্ট হ্ৰাস পাই থাকে।

মূৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ৩ জানুৱাৰীত, কেলিফৰ্ণিয়াত। ১৯৫০ চনত তেওঁ বেট্টী মূৰক বিয়া পাতে। তেওঁলোকৰ দুজন সন্তানো আছে। মূৰে ফেয়াৰচাইল্ড ছেমিকণ্ডাক্টৰ লেবৰেটৰীত পি এইচ ডি কৰিছিল। ইয়াৰ পিছত ১৯৬৮ চনত মূৰে নয়েজৰ সৈতে মিলি ইণ্টেল সাম্ৰাজ্য গঢ়ি তুলিছিল। মৃত্যুৰ সময়লৈকে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে সাত বিলিয়ন ডলাৰ।

মূৰক হেৰুৱাৰ পিছত ইণ্টেল কৰ্পৰেশ্যনে টুইট কৰি কয় যে আমি এজন দূৰদৰ্শীক হেৰুৱাইছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন