--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ কম্পিউটাৰ জগতৰ প্ৰতি দুঃখবৰ। ইণ্টেল কৰ্পৰেশ্যনৰ সহ-প্ৰতিষ্ঠাপক গৰ্ডন মূৰৰ মৃত্যু হৈছে। শুকুৰবাৰে ৯৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। এই কথা মূৰৰ কোম্পানীটোৰ সূত্ৰই প্ৰকাশ কৰিছে।

মূৰ এজন অতি কম পৰিচিত কম্পিউটাৰ অভিযন্তা আছিল। তাৰপাছত অত্যাধুনিক প্ৰযুক্তিৰ জগতখনৰ শাসকলৈ উন্নীত হয়। তেওঁৰ মৃত্যুৰ লগে লগে ইলেক্ট্ৰনিক প্ৰযুক্তিৰ এটা যুগৰ অন্ত পৰিল।

১৯৬৮ চনত যেতিয়া মূৰে ৰবাৰ্ট নয়ছৰ সৈতে মিলি ইণ্টেল কৰ্পৰেশ্যন গঠন কৰে, তেতিয়া তেওঁলোক কম পৰিচিত আছিল। কিন্তু কিছুদিনৰ ভিতৰতে ইণ্টেল সেই পৃথিৱীৰ অন্যতম তাৰকা হৈ পৰিল। কাৰণ, দিনবোৰ বাগৰি যোৱাৰ লগে লগে কোম্পানীটোৱে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল। এটা সময়ত মূৰৰ কোম্পানীয়ে নিৰ্মিত অৰ্ধপৰিবাহী চিপ বিশ্বৰ ৮০ শতাংশ ব্যক্তিগত কম্পিউটাৰত ব্যৱহাৰ কৰা হৈছিল।

মূৰে এক লেখাত কয় যে নতুনকৈ উদ্ভাৱন কৰা ইন্টিগ্ৰেটেড চিপত ট্ৰেঞ্জিষ্টৰৰ ব্যৱহাৰ প্ৰতি বছৰে প্ৰায় দুগুণ হ’ব। তেওঁৰ এই পৰ্যবেক্ষণ ‘মূৰৰ নীতি’ নামেৰে জনাজাত হৈ পৰিছিল। মূৰৰ গৱেষণা পত্ৰখন প্ৰকাশ পোৱাৰ পিছত মেম’ৰী চিপ প্ৰযুক্তিগতভাৱে অধিক উন্নত হৈ পৰে। ইয়াৰ উপৰিও ইয়াৰ দামও যথেষ্ট হ্ৰাস পাই থাকে।

মূৰৰ জন্ম হৈছিল ১৯২৯ চনৰ ৩ জানুৱাৰীত, কেলিফৰ্ণিয়াত। ১৯৫০ চনত তেওঁ বেট্টী মূৰক বিয়া পাতে। তেওঁলোকৰ দুজন সন্তানো আছে। মূৰে ফেয়াৰচাইল্ড ছেমিকণ্ডাক্টৰ লেবৰেটৰীত পি এইচ ডি কৰিছিল। ইয়াৰ পিছত ১৯৬৮ চনত মূৰে নয়েজৰ সৈতে মিলি ইণ্টেল সাম্ৰাজ্য গঢ়ি তুলিছিল। মৃত্যুৰ সময়লৈকে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে সাত বিলিয়ন ডলাৰ।

মূৰক হেৰুৱাৰ পিছত ইণ্টেল কৰ্পৰেশ্যনে টুইট কৰি কয় যে আমি এজন দূৰদৰ্শীক হেৰুৱাইছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা