--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ ঘৰ আৰু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান হ’ল পাকঘৰ। য’ত মা অন্নপূৰ্ণা বাস কৰে। পাকঘৰৰ যত্ন লোৱা আৰু তাত প্ৰৱেশ কৰাৰ বাবে বাস্তুশাস্ত্ৰত বহুতো গুৰুত্বপূৰ্ণ নিয়মৰ কথা উল্লেখ আছে, যিবোৰ আমি সকলোৱে মানি চলা উচিত। জানো আহক এই নিয়মবোৰৰ বিষয়ে।

 ১. পাকঘৰত ভুলতো খাদ্য নাখাব-

পাকঘৰৰ লগত জড়িত বাস্তুশাস্ত্ৰৰ প্ৰথম নিয়মটো হ’ল-পাকঘৰত কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। বিশ্বাস অনুসৰি যদি কোনো লোকে পাকঘৰতে খাদ্য গ্ৰহণ কৰে, তেতিয়া ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত পৰিয়ালত দৰিদ্ৰতা আহিবলৈ আৰম্ভ কৰে আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

 ২. পাকঘৰত জোতা পিন্ধি প্ৰৱেশ নকৰিব-

বাস্তুশাস্ত্ৰৰ মতে মাতৃ অন্নপূৰ্ণা বাস কৰা ঘৰত নিৰ্মিত মন্দিৰৰ পাছত পাকঘৰটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাৰণ হ’ল জোতা পিন্ধি পাকঘৰলৈ যোৱাৰ ফলত আপোনাৰ খাদ্য আৰু পানীত ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে। গতিকে পাকঘৰত ভুলতো জোতা পিন্ধি প্ৰৱেশ নকৰিব। নহ’লে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।

 ৩. পাকঘৰত কেতিয়াও লেতেৰা বাচন-বৰ্তন নথ’ব -

খাদ্য খোৱাৰ পাছত কেতিয়াও পাকঘৰত লেতেৰা বাচন-বৰ্তন ৰাখিব নালাগে। তেনে কৰা মানে মা অন্নপূৰ্ণাক অপমান কৰা। সেয়ে খাদ্য খোৱাৰ পাছত লগে লগে বাচন-বৰ্তন ধুই পেলাব লাগে। বিশেষকৈ নিশা আহাৰ খোৱাৰ পাছত বাচন-বৰ্তন আৰু পাকঘৰ চাফা কৰিহে শুব লাগে। এনে কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰৱেশ ঘটি আৰ্থিক সমস্যা দূৰ হয়।

 ৪. পাকঘৰৰ সন্মুখত বাথৰুম হ’ব নালাগে-

 বহুতে ঘৰত নতুন ডিজাইনৰ নামত পাকঘৰৰ সন্মুখত বাথৰুম বনায়। যদি আপুনিও এনেকৈ ভাবিছে তেন্তে সিদ্ধান্ত সলনি কৰক। আচলতে বাস্তুশাস্ত্ৰৰ মতে পাকঘৰ আৰু বাথৰুম কেতিয়াও মুখামুখিকৈ হ’ব নালাগে। এনে কৰিলে ঘৰত ৰোগক নিমন্ত্ৰণ কৰাৰ লগতে মানসিক অশান্তিৰ সৃষ্টি হয়।

৫. পাকঘৰত মন্দিৰ স্থাপন নকৰিব-

বাস্তুশাস্ত্ৰৰ মতে ঘৰত মন্দিৰ নিৰ্মাণ কৰিবলৈ এখন পৰিষ্কাৰ আৰু বিশেষ স্থান থাকিব লাগে। কিন্তু ভুলতো পাকঘৰত মন্দিৰ স্থাপন কৰিব নালাগে। ইয়াৰ কাৰণ হ’ল-পাকঘৰত খাদ্য সম্পৰ্কীয় সামগ্ৰী ইফালে-সিফালে হৈ পৰে আৰু লেতেৰা বাচন-বৰ্তনো ৰখা হয়, যাৰ ফলত ঋণাত্মক শক্তি প্ৰৱেশ ঘটে আৰু আৰ্থিক সমস্যাই দেখা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী