--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ ঘৰ আৰু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান হ’ল পাকঘৰ। য’ত মা অন্নপূৰ্ণা বাস কৰে। পাকঘৰৰ যত্ন লোৱা আৰু তাত প্ৰৱেশ কৰাৰ বাবে বাস্তুশাস্ত্ৰত বহুতো গুৰুত্বপূৰ্ণ নিয়মৰ কথা উল্লেখ আছে, যিবোৰ আমি সকলোৱে মানি চলা উচিত। জানো আহক এই নিয়মবোৰৰ বিষয়ে।

 ১. পাকঘৰত ভুলতো খাদ্য নাখাব-

পাকঘৰৰ লগত জড়িত বাস্তুশাস্ত্ৰৰ প্ৰথম নিয়মটো হ’ল-পাকঘৰত কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে। বিশ্বাস অনুসৰি যদি কোনো লোকে পাকঘৰতে খাদ্য গ্ৰহণ কৰে, তেতিয়া ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত পৰিয়ালত দৰিদ্ৰতা আহিবলৈ আৰম্ভ কৰে আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

 ২. পাকঘৰত জোতা পিন্ধি প্ৰৱেশ নকৰিব-

বাস্তুশাস্ত্ৰৰ মতে মাতৃ অন্নপূৰ্ণা বাস কৰা ঘৰত নিৰ্মিত মন্দিৰৰ পাছত পাকঘৰটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান। দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাৰণ হ’ল জোতা পিন্ধি পাকঘৰলৈ যোৱাৰ ফলত আপোনাৰ খাদ্য আৰু পানীত ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে। গতিকে পাকঘৰত ভুলতো জোতা পিন্ধি প্ৰৱেশ নকৰিব। নহ’লে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।

 ৩. পাকঘৰত কেতিয়াও লেতেৰা বাচন-বৰ্তন নথ’ব -

খাদ্য খোৱাৰ পাছত কেতিয়াও পাকঘৰত লেতেৰা বাচন-বৰ্তন ৰাখিব নালাগে। তেনে কৰা মানে মা অন্নপূৰ্ণাক অপমান কৰা। সেয়ে খাদ্য খোৱাৰ পাছত লগে লগে বাচন-বৰ্তন ধুই পেলাব লাগে। বিশেষকৈ নিশা আহাৰ খোৱাৰ পাছত বাচন-বৰ্তন আৰু পাকঘৰ চাফা কৰিহে শুব লাগে। এনে কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰৱেশ ঘটি আৰ্থিক সমস্যা দূৰ হয়।

 ৪. পাকঘৰৰ সন্মুখত বাথৰুম হ’ব নালাগে-

 বহুতে ঘৰত নতুন ডিজাইনৰ নামত পাকঘৰৰ সন্মুখত বাথৰুম বনায়। যদি আপুনিও এনেকৈ ভাবিছে তেন্তে সিদ্ধান্ত সলনি কৰক। আচলতে বাস্তুশাস্ত্ৰৰ মতে পাকঘৰ আৰু বাথৰুম কেতিয়াও মুখামুখিকৈ হ’ব নালাগে। এনে কৰিলে ঘৰত ৰোগক নিমন্ত্ৰণ কৰাৰ লগতে মানসিক অশান্তিৰ সৃষ্টি হয়।

৫. পাকঘৰত মন্দিৰ স্থাপন নকৰিব-

বাস্তুশাস্ত্ৰৰ মতে ঘৰত মন্দিৰ নিৰ্মাণ কৰিবলৈ এখন পৰিষ্কাৰ আৰু বিশেষ স্থান থাকিব লাগে। কিন্তু ভুলতো পাকঘৰত মন্দিৰ স্থাপন কৰিব নালাগে। ইয়াৰ কাৰণ হ’ল-পাকঘৰত খাদ্য সম্পৰ্কীয় সামগ্ৰী ইফালে-সিফালে হৈ পৰে আৰু লেতেৰা বাচন-বৰ্তনো ৰখা হয়, যাৰ ফলত ঋণাত্মক শক্তি প্ৰৱেশ ঘটে আৰু আৰ্থিক সমস্যাই দেখা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু