--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যিসকল লোকৰ খোৱাৰ পিছত পেট ফুলা, গেছ বা পেট গধুৰ অনুভৱ হোৱাৰ সমস্যা থাকে, তেওঁলোকৰ বাবে খালী পেটত জিৰা পানী খোৱাটো সৰ্বোত্তম বিকল্প।

ডিজিটেল ডেস্ক: ভাৰতীয় পাকঘৰত পোৱা দ্ৰব্যসমূহক সদায় স্বাস্থ্যৰ ভাণ্ডাৰ বুলি গণ্য কৰা হয়। আজিৰ যুগত বহুতে পুৱাৰ আৰম্ভণি জিৰা, আজৱাইন বা মেথিৰ পানীৰ দৰে ঘৰুৱা উপায়ৰে কৰে, যিবোৰ ছ'চিয়েল মিডিয়াত ওজন হ্ৰাস আৰু ডিটক্স ড্ৰিংক হিচাপে প্ৰচাৰ কৰা হয়। কিন্তু বিশেষজ্ঞসকলৰ মতে, এই ড্ৰিংকবোৰ কোনো যাদুকৰী ঔষধ নহয় আৰু সকলোৰে বাবে একেদৰে কাম নকৰে।


স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰহি চিকিৎসকৰ মতে কোনটো ড্ৰিংক কাৰ বাবে লাভদায়ক, তলত আলোচনা কৰা হ'ল:


জিৰা পানী কেতিয়া সৰ্বশ্ৰেষ্ঠ?


বেংগালুৰুৰ KIMS হাস্পতালৰ ছিনিয়ৰ গেষ্ট্ৰ'এণ্টেৰ'লজিষ্ট ড° বালাজীৰ মতে, পাচন ক্ৰিয়াৰ (Digestion) বাবে জিৰাৰ পানী আটাইতকৈ নিৰাপদ আৰু কাৰ্যকৰী।


উপকাৰিতা: ই পেটত পাচক ৰসৰ নিঃসৰণ বৃদ্ধি কৰে, যাৰ ফলত খোৱা বস্তু সহজে হজম হয়।


কাৰ বাবে ভাল: যিসকল লোকৰ খোৱাৰ পিছত পেট ফুলা, গেছ বা পেট গধুৰ অনুভৱ হোৱাৰ সমস্যা থাকে, তেওঁলোকৰ বাবে খালী পেটত জিৰা পানী খোৱাটো সৰ্বোত্তম বিকল্প।


পদ্ধতি: এচামুচ জিৰা ৰাতিটো পানীত তিয়াই থৈ পুৱা চেকি খাব লাগে।


আজৱাইনৰ পানী কেতিয়া ভাল?


ডক্টৰৰ মতে, আজৱাইনত থায়মোল (Thymol) নামৰ সক্ৰিয় যৌগ থাকে যিয়ে পেটৰ বিষ, পাকস্থলীৰ মোচৰণি আৰু হঠাতে হোৱা বদহজমৰ পৰা তৎক্ষণাত সকাহ দিয়ে।


সৰ্বোচ্চ সাৱধানতা: আজৱাইনৰ পানী অতি শক্তিশালী হয়। যিসকল লোকৰ এচিড ৰিফ্লাউক্স, বুকুত জ্বলা-পোৰা বা গেষ্ট্ৰাইটিছৰ পুৰণি সমস্যা আছে, তেওঁলোকে ইয়াক নিতৌ ব্যৱহাৰ কৰা উচিত নহয়, কিয়নো ই এচিডিটি বৃদ্ধি কৰিব পাৰে।


গৰ্ভৱতী মহিলাৰ বাবে নিষেধ: গৰ্ভৱতী মহিলাসকলেও আজৱাইনৰ পানীৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থকা উচিত, কিয়নো ই গৰ্ভাশয়ৰ সংকোচন (Uterine contractions) ঘটাব পাৰে। ইয়াক কেৱল কেতিয়াবা ঔষধৰ দৰেহে ব্যৱহাৰ কৰিব লাগে।


কাৰ বাবে মেথিৰ পানী লাভদায়ক?


মেথিৰ পানীয়ে মেটাবলিজম আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত আটাইতকৈ সক্ৰিয় ভূমিকা পালন কৰে।


উপকাৰিতা: মেথিৰ গুটিত দ্ৰৱণীয় ফাইবাৰ (Soluble fiber) থাকে যিয়ে অন্ত্ৰত কাৰ্বহাইড্ৰেটৰ শোষণ লেহেমীয়া কৰে।


কাৰ বাবে ভাল: প্ৰী-ডায়েবেটিছ আৰু টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে ই অতি উপকাৰী। ইয়াৰ উপৰি দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য আৰু লেহেমীয়া পাচন ক্ৰিয়া থকা লোকৰ বাবেও ই সৰ্বশ্ৰেষ্ঠ।


সাৱধানতা: ইয়াৰ প্ৰকৃতি গৰম আৰু সোৱাদ তিতা। অতিমাত্ৰা খালে Loose motion হ'ব পাৰে, গতিকে ডায়েবেটিছৰ ঔষধ খোৱা ৰোগীয়ে ডাক্তৰৰ পৰামৰ্শ লৈহে ইয়াক আৰম্ভ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত