--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা  তেতিয়া ৯ বাজিছিল। পূৰ্বা, কৃতি আৰু উৰ্ভিয়ে কেদাৰনাথ মন্দিৰৰ সন্মুখত ফটো তোলাত ব্যস্ত আছিল। তেওঁলোক তিনিওজন গুজৰাটৰ ভাৱনগৰৰ বাসিন্দা। ১৪ অক্টোবৰত ভাৱনগৰৰ পৰা তেওঁলোক তিনিওগৰাকীয়ে  উত্তৰাখণ্ড ভ্ৰমণলৈ গৈছিল। তিনিজনৰ ভিতৰত, কৃতি আৰু উৰ্বি দুজন সম্পৰ্কীয় ভাই-ভনী। কিন্তু এক দুৰ্ঘটনাই চিৰ দিনৰ বাবে জীৱন বন্তি নুমুৱাই দিলে তেওঁলোক তিনিওৰে।

দুৰ্ঘটনাটোত গুজৰাটৰ তিনিগৰাকী যুৱতীয়েই নিহত হয়।পূৰৱাই মন্দিৰৰ সন্মুখত মৃত্যুৰ কেই ঘণ্টামান পূৰ্বে ছেলফি উঠিছিল। তেওঁ সেই ছেলফি  সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছিল। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে সেয়াই  তেওঁৰ শেষ ছেলফি হ’ব।  

পূৰ্বাৰ খুৰাক মলয় ৰামানুজাই কৈছিল, "পূৰ্বা কেইমাহমানৰ ভিতৰত কানাডালৈ যোৱাৰ কথা আছিল। কিন্তু কানাডালৈ যোৱাৰ আগতে তেওঁ এবাৰ কেদাৰনাথ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। পুৱা ১১.৩৫ বজাত পূৰ্বাই তেওঁৰ ভায়েকলৈ ফোন কৰিছিল আৰু কৈছিল যে তেওঁ বুধবাৰে ঘৰলৈ ঘূৰি আহিব। কিন্তু তেওঁ ঘূৰি আহিব নোৱাৰিলে। তেওঁলোকে  পুৱা ১১.৩৪ বজাত কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ এখন হেলিকপ্টাৰত উঠিছিল। উৰামৰাৰ দুই মিনিটমানৰ পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত পূৰ্বা, কৃতি আৰু উৰ্বিৰ মৃত্যু হয়। পাইলট জন আৰু আন তিনিজন লোকো এই দুৰ্ঘটনাত  নিহত হৈছে। 

কৃতিৰ পৰিয়ালে কয় যে দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ জন্মদিন উপলক্ষে উত্তৰাখণ্ড ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ উপৰি যিদিনা দুৰ্ঘটনাটো সংঘটিত হৈছিল সেইদিনাই  অৰ্থাৎ ১৮ অক্টোবৰ আছিল কৃতিৰ জন্মদিন। দুয়োগৰাকী ভগ্নীয়ে জন্মদিন উদযাপন কৰাৰ বহু পৰিকল্পনা কৰিছিল। কিন্তু তাৰ আগতে সকলো শেষ হৈ গ’ল ।

কৃতিৰ দেউতাক কমলেশ বৰদে  সংবাদ সংস্থাক কয় , "কৃতি মোৰ একমাত্ৰ সন্তান আছিল। মঙলবাৰে তেওঁৰ জন্মদিন আছিল। পুৱা ৯ বজাত মই তেওঁক এটা ভিডিঅ' কল কৰিছিলো আৰু তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছিলো। তেওঁ আমাক এটা ভিডিঅ' কলত কেদাৰনাথ মন্দিৰ আৰু ইয়াৰ চাৰিওফালৰ দৃশ্য দেখুৱাইছিল।  "










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক