--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা  তেতিয়া ৯ বাজিছিল। পূৰ্বা, কৃতি আৰু উৰ্ভিয়ে কেদাৰনাথ মন্দিৰৰ সন্মুখত ফটো তোলাত ব্যস্ত আছিল। তেওঁলোক তিনিওজন গুজৰাটৰ ভাৱনগৰৰ বাসিন্দা। ১৪ অক্টোবৰত ভাৱনগৰৰ পৰা তেওঁলোক তিনিওগৰাকীয়ে  উত্তৰাখণ্ড ভ্ৰমণলৈ গৈছিল। তিনিজনৰ ভিতৰত, কৃতি আৰু উৰ্বি দুজন সম্পৰ্কীয় ভাই-ভনী। কিন্তু এক দুৰ্ঘটনাই চিৰ দিনৰ বাবে জীৱন বন্তি নুমুৱাই দিলে তেওঁলোক তিনিওৰে।

দুৰ্ঘটনাটোত গুজৰাটৰ তিনিগৰাকী যুৱতীয়েই নিহত হয়।পূৰৱাই মন্দিৰৰ সন্মুখত মৃত্যুৰ কেই ঘণ্টামান পূৰ্বে ছেলফি উঠিছিল। তেওঁ সেই ছেলফি  সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছিল। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে সেয়াই  তেওঁৰ শেষ ছেলফি হ’ব।  

পূৰ্বাৰ খুৰাক মলয় ৰামানুজাই কৈছিল, "পূৰ্বা কেইমাহমানৰ ভিতৰত কানাডালৈ যোৱাৰ কথা আছিল। কিন্তু কানাডালৈ যোৱাৰ আগতে তেওঁ এবাৰ কেদাৰনাথ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। পুৱা ১১.৩৫ বজাত পূৰ্বাই তেওঁৰ ভায়েকলৈ ফোন কৰিছিল আৰু কৈছিল যে তেওঁ বুধবাৰে ঘৰলৈ ঘূৰি আহিব। কিন্তু তেওঁ ঘূৰি আহিব নোৱাৰিলে। তেওঁলোকে  পুৱা ১১.৩৪ বজাত কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ এখন হেলিকপ্টাৰত উঠিছিল। উৰামৰাৰ দুই মিনিটমানৰ পিছতে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত পূৰ্বা, কৃতি আৰু উৰ্বিৰ মৃত্যু হয়। পাইলট জন আৰু আন তিনিজন লোকো এই দুৰ্ঘটনাত  নিহত হৈছে। 

কৃতিৰ পৰিয়ালে কয় যে দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ জন্মদিন উপলক্ষে উত্তৰাখণ্ড ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ উপৰি যিদিনা দুৰ্ঘটনাটো সংঘটিত হৈছিল সেইদিনাই  অৰ্থাৎ ১৮ অক্টোবৰ আছিল কৃতিৰ জন্মদিন। দুয়োগৰাকী ভগ্নীয়ে জন্মদিন উদযাপন কৰাৰ বহু পৰিকল্পনা কৰিছিল। কিন্তু তাৰ আগতে সকলো শেষ হৈ গ’ল ।

কৃতিৰ দেউতাক কমলেশ বৰদে  সংবাদ সংস্থাক কয় , "কৃতি মোৰ একমাত্ৰ সন্তান আছিল। মঙলবাৰে তেওঁৰ জন্মদিন আছিল। পুৱা ৯ বজাত মই তেওঁক এটা ভিডিঅ' কল কৰিছিলো আৰু তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছিলো। তেওঁ আমাক এটা ভিডিঅ' কলত কেদাৰনাথ মন্দিৰ আৰু ইয়াৰ চাৰিওফালৰ দৃশ্য দেখুৱাইছিল।  "










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু