--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছু দিনৰ পূৰ্বে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হৈছে৷ দেওবাৰে এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি পাকিস্তান তেহৰিক-ই-ইনছাফৰ ভাইচ চেয়াৰমেন শ্বাহ মাহমুদ কুৰেশ্বীয়ে দাবী কৰিছে যে পিটিআইৰ মুৰব্বী ইমৰাণ খানৰ জীৱন বিপদত পৰিছে আৰু জেল কৰ্তৃপক্ষই তেওঁক খাদ্যৰ ব্যৱস্থাও কৰা নাই।তেওঁ লগতে কয় যে আই জি ইছলামবাদক এই নিৰ্দেশ দিয়াৰ লগে লগে লাহোৰ আৰক্ষীয়ে পিটিআইৰ মুৰব্বীজনক গ্ৰেপ্তাৰ কৰিবলৈ জামান পাৰ্কৰ বাসগৃহত উপস্থিত হয়।আদালতে সংশ্লিষ্ট কৰ্তৃপক্ষক পিটিআইৰ মুৰব্বীজনক আদিয়ালা জেলত ৰাখিবলৈ নিৰ্দেশ দিছিল যদিও তেওঁক এটক জেললৈ স্থানান্তৰ কৰা হয়। তেওঁ লগতে কয় যে এটক জেলত য'ত "বি ক্লাছ"ৰ সুবিধা প্ৰদান কৰা নহয়, তেনে সুবিধাৰ অভাৱ বুলি এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে।

এজন প্ৰাক্তন প্ৰধানমন্ত্ৰীক "চি ক্লাছ" কাৰাগাৰৰ কোঠাত বন্দী কৰা বুলি দাবী কৰি কুৰেশ্বীয়ে কয় যে অধিবক্তাসকলক জেলত ইমৰাণ খানৰ ওচৰলৈ যোৱাৰ সুবিধা দিয়া হোৱা নাছিল। তেওঁ লগতে কয় যে পাৱাৰ অৱ এটৰ্নীত তেওঁৰ স্বাক্ষৰ নোহোৱাকৈ তেওঁলোকে পিটিআইৰ মুৰব্বীগৰাকীৰ মুক্তিৰ বাবে আবেদন দাখিল কৰিব নোৱাৰে।কুৰেশ্বীয়ে লগতে সমালোচনা কৰে যে পিটিআইৰ মুৰব্বীগৰাকীক তেওঁৰ চিকিৎসা পৰীক্ষাৰ বাবে পলি ক্লিনিকৰ মেডিকেল ব’ৰ্ডলৈ লৈ যোৱা হোৱা নাছিল যিটো প্ৰতিজন কয়দীৰ বাধ্যতামূলক অধিকাৰ আৰু জেল প্ৰশাসনৰ দায়িত্ব৷

উল্লেখ্য যে শনিবাৰে পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ অধ্যক্ষক টোছখানা গোচৰত “দুৰ্নীতি”ৰ দোষী সাব্যস্ত হোৱাৰ কিছু সময়ৰ পাছতে লাহোৰৰ জামান পাৰ্ক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি তিনি বছৰৰ কাৰাদণ্ড বিহা হয়।এ আৰ ৱাই নিউজে প্ৰকাশ কৰা অনুসৰি টোছাখানা গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষক এটক জেললৈ স্থানান্তৰ কৰা হয়।

লগতে আদালতে পিটিআইৰ দোষী সাব্যস্ত হোৱা মুৰব্বীগৰাকীক এক লাখ পিকেআৰ জৰিমনা বিহে। আনহাতে আদালতে প্রাক্তন প্রধানমন্ত্রীগৰাকীক পাঁচ বছৰ ৰাজহুৱা পদত অধিষ্ঠিত কৰাৰ অযোগ্য ঘোষণা কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস