--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া কোনো এখন দেশৰ চৰকাৰতকৈ সামৰিক বাহিনী অধিক শক্তিশালী হৈ উঠে, তেতিয়া সামৰিক বাহিনীয়ে নিৰ্বাচিত চৰকাৰখনক বলপূৰ্বকভাৱে আঁতৰাই ক্ষমতা দখল কৰাৰ চেষ্টা কৰে। তাক সামৰিক অভ্যুত্থান বোলে।

বিশ্ব বেংকৰ তথ্য অনুসৰি মানৱ উন্নয়ন সূচকাংক (HDI) অতি কম থকা দেশসমূহত সামৰিক অভ্যুত্থানৰ সম্ভাৱনা বেছি। যদি দেশত দৰিদ্ৰতা বৃদ্ধি পায়, ক্ষুধা, মুদ্ৰাস্ফীতি, অৰাজকতাই প্ৰাধান্য পায়, এইচ ডি আই কমি যায়।

সামৰিক অভ্যুত্থানৰ বহু উদাহৰণ আন্তঃৰাষ্ট্ৰীয় ইতিহাসৰ পৃষ্ঠাত সিঁচৰতি হৈ আছে। পাকিস্তানৰ পৰা আৰম্ভ কৰি ম্যানমাৰলৈকে ভাৰতৰ চুবুৰীয়া দেশসমূহত বাৰে বাৰে এনে সামৰিক অভ্যুত্থান ঘটিছে।

১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত জন্ম হোৱা পাকিস্তানত বাৰম্বাৰ সামৰিক অভ্যুত্থান হৈছে। ১৯৫৮ চনৰ পৰা ১৯৭১ চন, ১৯৭৭ চনৰ পৰা ১৯৮৮ চন আৰু ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈকে পাকিস্তানত তিনিটা সময় সামৰিক শাসন চলিছিল।

ভাৰতৰ আন এখন চুবুৰীয়া দেশ ম্যানমাৰ ১৯৬২ চনৰ পৰা ২০১১ চনলৈ একেৰাহে ৪৯ বছৰ সামৰি সামৰিক শাসনৰ অধীনত আছিল। ২০২১ চনৰ পৰা পুনৰ দেশখন সামৰিক বাহিনীৰ শাসনৰ অধীনলৈ আহিছে।

দক্ষিণ আমেৰিকাৰ এখন দেশত সামৰিক অভ্যুত্থানৰ নজিৰ সৰ্বাধিক। স্বাধীনতাৰ পিছৰে পৰা সেনাই চৰকাৰক উৎখাত কৰি সেই দেশৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে প্ৰায় ২০০ বাৰ।

দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বলিভিয়া অৱস্থিত। ১৮২৫ চনলৈকে দেশখন স্পেইনৰ অধীনত আছিল। সেই বছৰৰ আগষ্ট মাহত বলিভিয়া স্বাধীন হয়।

তেতিয়াৰ পৰা বলিভিয়াৰ ৰাজনীতিত বহু পৰিৱৰ্তন ঘটিছে। এই দেশত ১৯০টা সামৰিক অভ্যুত্থান হৈছে। সেনাই শেষবাৰৰ বাবে ২০১৯ চনত বলিভিয়াত ক্ষমতা দখল কৰিছিল।

২০১৯ চনৰ সামৰিক অভ্যুত্থান ৰক্তাক্ত নাছিল। কাৰণ, যেতিয়া সেনাই আক্ৰমণ কৰে, তেতিয়া বলিভিয়া চৰকাৰে নিজেই পৰাজয় স্বীকাৰ কৰে। প্ৰেচিডেণ্টে পদত্যাগ কৰে। তেতিয়াৰ পৰাই দেশত সামৰিক শাসন চলি আহিছে।

বলিভিয়াত সামৰিক অভ্যুত্থানৰ কাৰণ দৰিদ্ৰতা নহয়। এই দেশত বৃহৎ পৰিমাণৰ কফি উৎপাদন হয়। কফিৰ গুটিক লৈ এই দেশত আৰম্ভ হৈছিল অশান্তি। বলিভিয়া বিশ্বৰ তৃতীয় বৃহত্তম কফি উৎপাদনকাৰী দেশ। কলম্বিয়া আৰু পেৰুৰ পিছতে ইয়াৰ স্থান। এই কফিৰ প্ৰতি বহিঃৰাজ্যৰ মনোযোগ বহুদিনৰ পৰাই আছে। অভিযোগ কৰা হৈছে যে বাহিৰৰ পৰা বলিভিয়াৰ ৰাজনীতিত প্ৰভাৱ পেলাই দেশখনত অশান্তিৰ পৰিৱেশৰ সৃষ্টি হয়।

সামৰিক শাসনে জুৰুলা কৰা বলিভিয়াত শান্তি ঘূৰাই আনিব বিচাৰিছে নাগৰিকসকলে। দেশৰ সমস্যা সমাধানৰ পথ বিচাৰিছে ৰাইজে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন