--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া কোনো এখন দেশৰ চৰকাৰতকৈ সামৰিক বাহিনী অধিক শক্তিশালী হৈ উঠে, তেতিয়া সামৰিক বাহিনীয়ে নিৰ্বাচিত চৰকাৰখনক বলপূৰ্বকভাৱে আঁতৰাই ক্ষমতা দখল কৰাৰ চেষ্টা কৰে। তাক সামৰিক অভ্যুত্থান বোলে।

বিশ্ব বেংকৰ তথ্য অনুসৰি মানৱ উন্নয়ন সূচকাংক (HDI) অতি কম থকা দেশসমূহত সামৰিক অভ্যুত্থানৰ সম্ভাৱনা বেছি। যদি দেশত দৰিদ্ৰতা বৃদ্ধি পায়, ক্ষুধা, মুদ্ৰাস্ফীতি, অৰাজকতাই প্ৰাধান্য পায়, এইচ ডি আই কমি যায়।

সামৰিক অভ্যুত্থানৰ বহু উদাহৰণ আন্তঃৰাষ্ট্ৰীয় ইতিহাসৰ পৃষ্ঠাত সিঁচৰতি হৈ আছে। পাকিস্তানৰ পৰা আৰম্ভ কৰি ম্যানমাৰলৈকে ভাৰতৰ চুবুৰীয়া দেশসমূহত বাৰে বাৰে এনে সামৰিক অভ্যুত্থান ঘটিছে।

১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত জন্ম হোৱা পাকিস্তানত বাৰম্বাৰ সামৰিক অভ্যুত্থান হৈছে। ১৯৫৮ চনৰ পৰা ১৯৭১ চন, ১৯৭৭ চনৰ পৰা ১৯৮৮ চন আৰু ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈকে পাকিস্তানত তিনিটা সময় সামৰিক শাসন চলিছিল।

ভাৰতৰ আন এখন চুবুৰীয়া দেশ ম্যানমাৰ ১৯৬২ চনৰ পৰা ২০১১ চনলৈ একেৰাহে ৪৯ বছৰ সামৰি সামৰিক শাসনৰ অধীনত আছিল। ২০২১ চনৰ পৰা পুনৰ দেশখন সামৰিক বাহিনীৰ শাসনৰ অধীনলৈ আহিছে।

দক্ষিণ আমেৰিকাৰ এখন দেশত সামৰিক অভ্যুত্থানৰ নজিৰ সৰ্বাধিক। স্বাধীনতাৰ পিছৰে পৰা সেনাই চৰকাৰক উৎখাত কৰি সেই দেশৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে প্ৰায় ২০০ বাৰ।

দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বলিভিয়া অৱস্থিত। ১৮২৫ চনলৈকে দেশখন স্পেইনৰ অধীনত আছিল। সেই বছৰৰ আগষ্ট মাহত বলিভিয়া স্বাধীন হয়।

তেতিয়াৰ পৰা বলিভিয়াৰ ৰাজনীতিত বহু পৰিৱৰ্তন ঘটিছে। এই দেশত ১৯০টা সামৰিক অভ্যুত্থান হৈছে। সেনাই শেষবাৰৰ বাবে ২০১৯ চনত বলিভিয়াত ক্ষমতা দখল কৰিছিল।

২০১৯ চনৰ সামৰিক অভ্যুত্থান ৰক্তাক্ত নাছিল। কাৰণ, যেতিয়া সেনাই আক্ৰমণ কৰে, তেতিয়া বলিভিয়া চৰকাৰে নিজেই পৰাজয় স্বীকাৰ কৰে। প্ৰেচিডেণ্টে পদত্যাগ কৰে। তেতিয়াৰ পৰাই দেশত সামৰিক শাসন চলি আহিছে।

বলিভিয়াত সামৰিক অভ্যুত্থানৰ কাৰণ দৰিদ্ৰতা নহয়। এই দেশত বৃহৎ পৰিমাণৰ কফি উৎপাদন হয়। কফিৰ গুটিক লৈ এই দেশত আৰম্ভ হৈছিল অশান্তি। বলিভিয়া বিশ্বৰ তৃতীয় বৃহত্তম কফি উৎপাদনকাৰী দেশ। কলম্বিয়া আৰু পেৰুৰ পিছতে ইয়াৰ স্থান। এই কফিৰ প্ৰতি বহিঃৰাজ্যৰ মনোযোগ বহুদিনৰ পৰাই আছে। অভিযোগ কৰা হৈছে যে বাহিৰৰ পৰা বলিভিয়াৰ ৰাজনীতিত প্ৰভাৱ পেলাই দেশখনত অশান্তিৰ পৰিৱেশৰ সৃষ্টি হয়।

সামৰিক শাসনে জুৰুলা কৰা বলিভিয়াত শান্তি ঘূৰাই আনিব বিচাৰিছে নাগৰিকসকলে। দেশৰ সমস্যা সমাধানৰ পথ বিচাৰিছে ৰাইজে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ