--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ কাৰাবাসৰ ম্যাদ। বৃহস্পতিবাৰৰ দিনটোতে তেওঁৰ জামিনৰ ৰায় নিদিলে মু্ম্বাইৰ সত্ৰ আদালতে। বুধবাৰৰে পৰা আৰিয়ানৰ জামিনৰ আৱেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল যদিও বৃহস্পতিবাৰেও এই সন্দৰ্ভত কোনো ৰায় নিদিলে আদালতে। তেওঁ জামিন প্ৰদান কৰা-নকৰা সন্দৰ্ভত ২০ অক্টোবৰতহে ৰায় প্ৰদান কৰিব আদালতে। অৰ্থাৎ ২০ অক্টোবৰলৈ তেওঁ মুম্বাই আৰ্থাৰ ৰোড কাৰাগাৰতে কটাব লাগিব। ৮ অক্টোবৰৰপৰা আৰিয়ান আছে মুম্বাইৰ কাৰাগাৰতে। তেওঁক ক’ভিডৰ শংকাৰ বাবে বিশেষ আইছ’লেচন কক্ষত ৰখা হৈছিল যদিও আজি তেওঁৰ ক’ভিড পৰীক্ষাৰ ফল নিগেটিভ হোৱাৰ পাছত তেওঁক সাধাৰণ কয়দী কক্ষলৈ স্থানান্তৰ কৰা হৈছে।


এতিয়াৰে পৰা আন কয়দীসকলৰ সৈতে একেলগে কাৰাবাসৰ শাস্তি ভুগিব লাগিব বাদশ্বাহ তনয়ে। অৱশ্যে, আইছ’লেচন কক্ষৰপৰা ওলালেও কাৰাগাৰত আৰিয়ান আৰু আন ড্ৰাগছ কাণ্ডৰ অভিযুক্তকেইজনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পৃথক বেৰেকত ৰখাৰ কথা কাৰাগাৰৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। চৰম উদ্বিগ্নতা, অস্থিৰতা আৰু অসহজ অৱস্থাত আৰিয়ানে কাৰাগাৰত দিন কটাইছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে। তেওঁ জে’লৰ পোছাক পৰিধান কৰিব নালাগে যদিও জে’লৰ খাদ্যই গ্ৰহণ কৰিবলগীয়া হৈছে আন সাধাৰণ কয়দীৰ জীৱনেই কটাবলগীয়া হৈছে। তেওঁক ঘৰৰ পৰা অনা খাদ্য যোগানৰ অনুমতি দিয়া নাই। তাৰ সলনি মনী অৰ্ডাৰৰ জৰিয়তে তেওঁৰ নামত জমা কৰা ধন খৰচ কৰি জে’লৰ কেণ্টিনৰ পৰা তেওঁৰ বাবে আহাৰ ক্ৰয় কৰা হৈছে। জে’লৰ নিয়ম মানি পুৱা ৬বজাতে উঠিবলগীয়া হৈছে আৰিয়ান খানো। পুৱা ৭ বজাত পুৱাৰ আহাৰ যোগান ধৰা হয় আৰু দিনৰ ১১বজাত দিয়া হয় দিনৰ আহাৰ। সন্ধিয়া ৬ বজাতে বন্ধ হৈ পৰে বেৰেকৰ দুৱাৰ। তাৰ পূৰ্বে নিশাৰ আহাৰ যোগান ধৰা হয়। কাৰাগাৰ কৰ্তৃপক্ষই প্ৰতি মুহূৰ্ততে আৰিয়ানৰ নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰি আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।


উল্লখ্য যে, এনচিবিক আদালতত প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল অনিল সিঙে ভালেমান গুৰুতৰ অভিযোগ আনিছে আৰিয়ানৰ বিৰুদ্ধে। এনচিবি-এ আদালতত প্ৰকাশ কৰে যে, বলীউডৰ বাদশ্বাহৰ পুত্ৰ ড্ৰাগছৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত আছিল। তেওঁ ড্ৰাগছ ক্ৰয় কৰা আৰু বিতৰণত জড়িত আছিল। তেওঁৰ হোৱাটছ্এপ চাটৰ পৰা এই তথ্য এনচিবি-এ লাভ কৰিছে বুলি আদালতত সদৰি কৰিছে। ইফালে, আৰিয়ানৰ অধিবক্তাই তেওঁৰ নিৰ্দোষিতাৰ দাবী কৰিছে যদিও তেওঁক জামিন দিবলৈ এতিয়ালৈ সক্ষম হোৱা নাই।


উল্লেখ্য যে, আৰিয়ানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্কত আছিল বুলিও বিস্ফোৰক অভিযোগ অনা হৈছে আদালতত। এনচিবিৰ অভিযোগ অনুসৰি তেওঁ হোৱাটছএপৰ পৰা লাভ কৰা তথ্যৰপৰা এইকথা জানিব পৰা গৈছে যে তেওঁ বৃহৎ পৰিমাণৰ ‘হাৰ্ড ড্ৰাগছ’ লাভৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰবৰাহকাৰীৰে যোগাযোগ কৰিছিল। অৱশ্যে, এই ষড়যন্ত্ৰত তেওঁৰ কি ভূমিকা আছিল সেয়া স্পষ্ট কৰিবলৈ তদন্ত প্ৰক্ৰিয়া বাকী থকা বুলিও এজেন্সিটোৱে সদৰি কৰে। ২ অক্টোবৰত এনচিবিৰ জালত পৰা আঠোজনেই ইজনে-সিজনৰ সৈতে সম্পৰ্কিত আছিল আৰু তেওঁলোকৰ এজনক সকলোৰে পৰা পৃথক বুলি মানি ল’ব নোৱাৰি বুলি এজেন্সিটোৱে আদালতক জনাইছিল। দুয়োপক্ষৰ এনে যু্ক্তিযুদ্ধৰ পাছত সত্ৰ আদালতখনে জামিন আৱেদনৰ ৰায় পিছুৱাই দিয়ে অহা বুধবাৰলৈ। অৰ্থাৎ তেওঁ পুনৰ ৬টা দিন কাৰাগাৰতে কটাব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু