--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ কাৰাবাসৰ ম্যাদ। বৃহস্পতিবাৰৰ দিনটোতে তেওঁৰ জামিনৰ ৰায় নিদিলে মু্ম্বাইৰ সত্ৰ আদালতে। বুধবাৰৰে পৰা আৰিয়ানৰ জামিনৰ আৱেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল যদিও বৃহস্পতিবাৰেও এই সন্দৰ্ভত কোনো ৰায় নিদিলে আদালতে। তেওঁ জামিন প্ৰদান কৰা-নকৰা সন্দৰ্ভত ২০ অক্টোবৰতহে ৰায় প্ৰদান কৰিব আদালতে। অৰ্থাৎ ২০ অক্টোবৰলৈ তেওঁ মুম্বাই আৰ্থাৰ ৰোড কাৰাগাৰতে কটাব লাগিব। ৮ অক্টোবৰৰপৰা আৰিয়ান আছে মুম্বাইৰ কাৰাগাৰতে। তেওঁক ক’ভিডৰ শংকাৰ বাবে বিশেষ আইছ’লেচন কক্ষত ৰখা হৈছিল যদিও আজি তেওঁৰ ক’ভিড পৰীক্ষাৰ ফল নিগেটিভ হোৱাৰ পাছত তেওঁক সাধাৰণ কয়দী কক্ষলৈ স্থানান্তৰ কৰা হৈছে।


এতিয়াৰে পৰা আন কয়দীসকলৰ সৈতে একেলগে কাৰাবাসৰ শাস্তি ভুগিব লাগিব বাদশ্বাহ তনয়ে। অৱশ্যে, আইছ’লেচন কক্ষৰপৰা ওলালেও কাৰাগাৰত আৰিয়ান আৰু আন ড্ৰাগছ কাণ্ডৰ অভিযুক্তকেইজনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পৃথক বেৰেকত ৰখাৰ কথা কাৰাগাৰৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। চৰম উদ্বিগ্নতা, অস্থিৰতা আৰু অসহজ অৱস্থাত আৰিয়ানে কাৰাগাৰত দিন কটাইছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে। তেওঁ জে’লৰ পোছাক পৰিধান কৰিব নালাগে যদিও জে’লৰ খাদ্যই গ্ৰহণ কৰিবলগীয়া হৈছে আন সাধাৰণ কয়দীৰ জীৱনেই কটাবলগীয়া হৈছে। তেওঁক ঘৰৰ পৰা অনা খাদ্য যোগানৰ অনুমতি দিয়া নাই। তাৰ সলনি মনী অৰ্ডাৰৰ জৰিয়তে তেওঁৰ নামত জমা কৰা ধন খৰচ কৰি জে’লৰ কেণ্টিনৰ পৰা তেওঁৰ বাবে আহাৰ ক্ৰয় কৰা হৈছে। জে’লৰ নিয়ম মানি পুৱা ৬বজাতে উঠিবলগীয়া হৈছে আৰিয়ান খানো। পুৱা ৭ বজাত পুৱাৰ আহাৰ যোগান ধৰা হয় আৰু দিনৰ ১১বজাত দিয়া হয় দিনৰ আহাৰ। সন্ধিয়া ৬ বজাতে বন্ধ হৈ পৰে বেৰেকৰ দুৱাৰ। তাৰ পূৰ্বে নিশাৰ আহাৰ যোগান ধৰা হয়। কাৰাগাৰ কৰ্তৃপক্ষই প্ৰতি মুহূৰ্ততে আৰিয়ানৰ নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰি আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।


উল্লখ্য যে, এনচিবিক আদালতত প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল অনিল সিঙে ভালেমান গুৰুতৰ অভিযোগ আনিছে আৰিয়ানৰ বিৰুদ্ধে। এনচিবি-এ আদালতত প্ৰকাশ কৰে যে, বলীউডৰ বাদশ্বাহৰ পুত্ৰ ড্ৰাগছৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত আছিল। তেওঁ ড্ৰাগছ ক্ৰয় কৰা আৰু বিতৰণত জড়িত আছিল। তেওঁৰ হোৱাটছ্এপ চাটৰ পৰা এই তথ্য এনচিবি-এ লাভ কৰিছে বুলি আদালতত সদৰি কৰিছে। ইফালে, আৰিয়ানৰ অধিবক্তাই তেওঁৰ নিৰ্দোষিতাৰ দাবী কৰিছে যদিও তেওঁক জামিন দিবলৈ এতিয়ালৈ সক্ষম হোৱা নাই।


উল্লেখ্য যে, আৰিয়ানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে সম্পৰ্কত আছিল বুলিও বিস্ফোৰক অভিযোগ অনা হৈছে আদালতত। এনচিবিৰ অভিযোগ অনুসৰি তেওঁ হোৱাটছএপৰ পৰা লাভ কৰা তথ্যৰপৰা এইকথা জানিব পৰা গৈছে যে তেওঁ বৃহৎ পৰিমাণৰ ‘হাৰ্ড ড্ৰাগছ’ লাভৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰবৰাহকাৰীৰে যোগাযোগ কৰিছিল। অৱশ্যে, এই ষড়যন্ত্ৰত তেওঁৰ কি ভূমিকা আছিল সেয়া স্পষ্ট কৰিবলৈ তদন্ত প্ৰক্ৰিয়া বাকী থকা বুলিও এজেন্সিটোৱে সদৰি কৰে। ২ অক্টোবৰত এনচিবিৰ জালত পৰা আঠোজনেই ইজনে-সিজনৰ সৈতে সম্পৰ্কিত আছিল আৰু তেওঁলোকৰ এজনক সকলোৰে পৰা পৃথক বুলি মানি ল’ব নোৱাৰি বুলি এজেন্সিটোৱে আদালতক জনাইছিল। দুয়োপক্ষৰ এনে যু্ক্তিযুদ্ধৰ পাছত সত্ৰ আদালতখনে জামিন আৱেদনৰ ৰায় পিছুৱাই দিয়ে অহা বুধবাৰলৈ। অৰ্থাৎ তেওঁ পুনৰ ৬টা দিন কাৰাগাৰতে কটাব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ