--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজক প্ৰৱৰ্তন সঞ্চালকালয়ে (Enforcement Directorate) মাতি পঠিয়াইছে। বৃহস্পতিবাৰে দুপৰীয়া নোৰা ফাতেহী প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হয়। প্ৰৱৰ্তন সঞ্চালকালয়ে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজকো একেটা অভিযোগৰ ভিত্তিত পুনৰবাৰ মাতি পঠিয়াইছে। প্ৰৱৰ্তন সঞ্চালকালয়ে ইয়ৰ পূৰ্বে দুয়োকে মাতি পঠিয়াইছিল। ২৬ ছেপ্টেম্বৰত প্ৰৱৰ্তন সঞ্চালকালে চমন প্ৰেৰণ কৰা স্বত্বেও উপস্থিত হোৱা নাছিল জেকলিন ফাৰ্ণাণ্ডেজ।

সুকেশ চন্দ্ৰশেখৰ আৰু লীনা পালৰ বিৰুদ্ধে প্ৰাক্তন ৰেনবেক্সি মালিক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালক ২০০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দুই অভিযুক্ত বৰ্তমান দিল্লীৰ ৰোহিণী কাৰাগাৰত বন্দী হৈ আছে। কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ মতে, জেকলিন আৰু নোৰা ফাতেহী অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ আৰু লীনা পালৰ সৈতে পোনপটীয়াকৈ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীৰ বিত্তীয় অপৰাধ শাখাই সুকেশ চন্দ্ৰশেখৰ আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে প্ৰৱঞ্চনা, ষড়যন্ত্ৰ আৰু ২০০ কোটি টকা আত্মসাৎ কৰাৰ বাবে এটা অভিযোগ পঞ্জীয়ন কৰিছিল।

তদন্তৰ সময়ছোৱাত ৮২ লাখ টকাৰ এটা ঘৰ আৰু কেইবাখনো বিলাসী গাড়ী আৰু নগদ ধন জব্দ কৰা হয়। ঘটনাটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নামো সাঙোৰ খাই পৰিছে। তেতিয়াই অনুসন্ধান সংস্থাটোৱে প্ৰকাশ কৰিছিল যে, শ্ৰীলংকাত থাকোতে জেকলিনৰে সুকেশৰ আছিল সু-সম্পৰ্ক । জেকলিনৰ সৈতে সুকেশ চন্দ্ৰশেখৰৰ আছিল সঘন যোগাযোগ। কাৰাগাৰত থকা সময়ছোৱাতো জেকলিনে সাক্ষাত্‍ কৰিছিল সুকেশ চন্দ্ৰশেখৰক। শেহতীয়াকৈ নোৰা ফাতেহীৰ নামো জড়িত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ