--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজক প্ৰৱৰ্তন সঞ্চালকালয়ে (Enforcement Directorate) মাতি পঠিয়াইছে। বৃহস্পতিবাৰে দুপৰীয়া নোৰা ফাতেহী প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হয়। প্ৰৱৰ্তন সঞ্চালকালয়ে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজকো একেটা অভিযোগৰ ভিত্তিত পুনৰবাৰ মাতি পঠিয়াইছে। প্ৰৱৰ্তন সঞ্চালকালয়ে ইয়ৰ পূৰ্বে দুয়োকে মাতি পঠিয়াইছিল। ২৬ ছেপ্টেম্বৰত প্ৰৱৰ্তন সঞ্চালকালে চমন প্ৰেৰণ কৰা স্বত্বেও উপস্থিত হোৱা নাছিল জেকলিন ফাৰ্ণাণ্ডেজ।

সুকেশ চন্দ্ৰশেখৰ আৰু লীনা পালৰ বিৰুদ্ধে প্ৰাক্তন ৰেনবেক্সি মালিক শিবেন্দ্ৰ সিং আৰু মালবেন্দ্ৰ সিঙৰ পৰিয়ালক ২০০ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দুই অভিযুক্ত বৰ্তমান দিল্লীৰ ৰোহিণী কাৰাগাৰত বন্দী হৈ আছে। কেন্দ্ৰীয় চোৰাংচোৱা বিভাগৰ মতে, জেকলিন আৰু নোৰা ফাতেহী অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ আৰু লীনা পালৰ সৈতে পোনপটীয়াকৈ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীৰ বিত্তীয় অপৰাধ শাখাই সুকেশ চন্দ্ৰশেখৰ আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে প্ৰৱঞ্চনা, ষড়যন্ত্ৰ আৰু ২০০ কোটি টকা আত্মসাৎ কৰাৰ বাবে এটা অভিযোগ পঞ্জীয়ন কৰিছিল।

তদন্তৰ সময়ছোৱাত ৮২ লাখ টকাৰ এটা ঘৰ আৰু কেইবাখনো বিলাসী গাড়ী আৰু নগদ ধন জব্দ কৰা হয়। ঘটনাটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নামো সাঙোৰ খাই পৰিছে। তেতিয়াই অনুসন্ধান সংস্থাটোৱে প্ৰকাশ কৰিছিল যে, শ্ৰীলংকাত থাকোতে জেকলিনৰে সুকেশৰ আছিল সু-সম্পৰ্ক । জেকলিনৰ সৈতে সুকেশ চন্দ্ৰশেখৰৰ আছিল সঘন যোগাযোগ। কাৰাগাৰত থকা সময়ছোৱাতো জেকলিনে সাক্ষাত্‍ কৰিছিল সুকেশ চন্দ্ৰশেখৰক। শেহতীয়াকৈ নোৰা ফাতেহীৰ নামো জড়িত হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু