--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ সত্ৰ আদালতে বুধবাৰে শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান ৰ জামিনৰ ওপৰত ৰায় দিব। ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ পাছত আৰিয়ানৰ লগতে আন সতীৰ্থ কেইজনো বৰ্তমান ন্যায়িক জিম্মাত আছে। আনহাতে, বলীউডৰ কিং খানে আৰিয়ানৰ জামিনৰ বাবে উঠি পৰি লাগিছে। এই সংকটৰ সময়ত বলীউড একাংশ শুভাকংক্ষীয়ে শ্বাহৰূখৰ কাষত থিয় দিছে যদিও সান্ত্বনা বাণীয়ে গলাব পৰা নাই বাদশ্বাহৰ মন। শ্বাহৰূখৰ বন্ধু আৰু বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আৰু তেওঁৰ পিতৃ চিত্ৰনাট্যকাৰ ছেলিম খান কালি বাদশ্বাহ প্ৰাসাদলৈ গৈছিল। বলীউড প্ৰযোজক কৰণ জোহৰ আৰু ফাৰাহ খানেও শ্বাহৰূখৰ ঘৰলৈ গৈ প্ৰিয় শ্বাহৰূখক সান্ত্বনা দিছে।

আৰিয়ান
আৰিয়ান


ষ্টাৰকিড হোৱাৰ পাছতো সাদাৰণ কয়দীৰ দৰে কাৰাগাৰত আছে আৰিয়ান।তাকে লৈ খৰ্গহস্ত শ্বাহৰূখ। কত যোৱা নাই শ্বাহৰূখে…কি কৰা নাই। এইবাৰ আৰু এখোপ আগুৱাই শ্বাহৰূখে কৰিলে বিকল্প পথৰ সন্ধান। শ্বাহৰূখে আৰিয়ানৰ জামিনৰ বাবে দেশৰ প্ৰখ্যাত আইনী পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ বিচাৰিছে। শ্বাহৰূখ আৰু গৌৰীয়ে নিয়মীয়াকৈ কাৰাগাৰৰ ছুপাৰৰ পৰা আৰিয়ানৰ খবৰ লৈ আছে। উল্লেখ্য যে, জামিনৰ আবেদন দুবাৰ খাৰিজ কৰাৰ পাছত শ্বাহৰূখে এইবাৰ লৈছে বিকল্প ব্যৱস্থা। শ্বাহৰূখ পুত্ৰ আৰিয়ানৰ জামিনৰ বাবে অধিবক্তা সলনি কৰিছে কিং খানে । মুম্বাইৰ অধিবক্তা সতীশ মানশিন্দে ইমান দিন ধৰি শ্বাহৰূখৰ পুত্ৰৰ জামিনৰ বাবে যুঁজ দি আছিল। কিং খানে এতিয়া তেওঁৰ সলনি প্ৰসিদ্ধ অধিবক্তা অমিত দেশাইক লৈছে।

আৰিয়ান

ছলমান খানৰ 'কাৰ-ড্ৰাইভিং' গোচৰত যুঁজ দিছিল অমিত দেশাই-এ।অমিত দেশাইৰ বলিষ্ঠ যুক্তিৰ বলতে ২০০২ চনত গোচৰটোৰ পৰা মুক্তি পাইছিল ভাইজানে। গতিকে, অমিত দেশাইৰ ওপৰতে এতিয়া ন্যস্ত আছে আৰিয়ানৰ ভাগ্যদশা! মুকলি আকাশলৈ আহিব পাৰিব নে আৰিয়ানে ? হয় বেল নহয় জেল' …সেয়া বুধবাৰে সত্ৰ ন্যায়ধীশৰ আদালততে স্পষ্ট হৈ পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ