--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা শিশু মাতৃৰ হাততে আটাইতকৈ সুৰক্ষিত। মাতৃয়ে মৰমেৰে ডাঙৰ-দীঘল কৰে, আদৰ কৰে আৰু প্ৰতিটো দুৰ্যোগৰ পৰা সন্তানক ৰক্ষা কৰে। কিন্তু এগৰাকী মাতৃয়ে এনেকুৱা এটা কাম কৰিছে যিটো কথা শুনিলে খং নুঠা মানুহৰো প্ৰচণ্ড খং উঠিব। আমেৰিকাৰ কেলিফৰ্ণিয়াত এগৰাকী মাতৃয়ে নিজৰ ডেৰ মাহ বয়সীয়া সন্তানটোৰ কান্দোন বন্ধ কৰিবলৈ এক বিপদজনক কাণ্ড কৰে।

খবৰ অনুসৰি আমেৰিকাৰ কেলিফৰ্ণিয়াত এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাটোক চুপ ৰাখিবলৈ গাখীৰৰ বটলত মদ ভৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। হনেষ্টী ডি লা টৰে নামৰ এগৰাকী ৩৭ বছৰীয়া মহিলাৰ বিৰুদ্ধে নিজৰ সন্তানৰ জীৱন বিপন্ন কৰাৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ লছ এঞ্জেলছৰ পৰা ৫৫ মাইল পূবে ৰিয়াল্ট’ৰ সমীপত সংঘটিত হয় এই ঘটনা।

মাতৃগৰাকীয়ে গাড়ী চলাই আহি আছিল। তেনেতে তেওঁৰ ডেৰ মহীয়া সন্তানটোৱে জোৰেৰে কান্দিবলৈ ধৰিলে। কান্দি থকা শিশুটিক শান্ত কৰিবলৈ মাকে গাড়ীখন ৰখাই গাখীৰৰ বটলটোত মদ ভৰাই দি সন্তানটিক খাবলৈ দিয়ে। সেয়া পান কৰাৰ লগে লগে শিশুটিৰ অৱস্থা বেয়া হৈ পৰে। ইয়াৰ পাছত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান শিশুটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অভিযুক্ত মাতৃগৰাকীক ৬০ হাজাৰ ডলাৰৰ জৰিমনাৰে ৱেষ্ট ভেলী ডিটেনচন চেণ্টাৰত ৰখা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস