--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা শিশু মাতৃৰ হাততে আটাইতকৈ সুৰক্ষিত। মাতৃয়ে মৰমেৰে ডাঙৰ-দীঘল কৰে, আদৰ কৰে আৰু প্ৰতিটো দুৰ্যোগৰ পৰা সন্তানক ৰক্ষা কৰে। কিন্তু এগৰাকী মাতৃয়ে এনেকুৱা এটা কাম কৰিছে যিটো কথা শুনিলে খং নুঠা মানুহৰো প্ৰচণ্ড খং উঠিব। আমেৰিকাৰ কেলিফৰ্ণিয়াত এগৰাকী মাতৃয়ে নিজৰ ডেৰ মাহ বয়সীয়া সন্তানটোৰ কান্দোন বন্ধ কৰিবলৈ এক বিপদজনক কাণ্ড কৰে।

খবৰ অনুসৰি আমেৰিকাৰ কেলিফৰ্ণিয়াত এগৰাকী মাতৃয়ে নিজৰ কেঁচুৱাটোক চুপ ৰাখিবলৈ গাখীৰৰ বটলত মদ ভৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। হনেষ্টী ডি লা টৰে নামৰ এগৰাকী ৩৭ বছৰীয়া মহিলাৰ বিৰুদ্ধে নিজৰ সন্তানৰ জীৱন বিপন্ন কৰাৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ লছ এঞ্জেলছৰ পৰা ৫৫ মাইল পূবে ৰিয়াল্ট’ৰ সমীপত সংঘটিত হয় এই ঘটনা।

মাতৃগৰাকীয়ে গাড়ী চলাই আহি আছিল। তেনেতে তেওঁৰ ডেৰ মহীয়া সন্তানটোৱে জোৰেৰে কান্দিবলৈ ধৰিলে। কান্দি থকা শিশুটিক শান্ত কৰিবলৈ মাকে গাড়ীখন ৰখাই গাখীৰৰ বটলটোত মদ ভৰাই দি সন্তানটিক খাবলৈ দিয়ে। সেয়া পান কৰাৰ লগে লগে শিশুটিৰ অৱস্থা বেয়া হৈ পৰে। ইয়াৰ পাছত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান শিশুটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অভিযুক্ত মাতৃগৰাকীক ৬০ হাজাৰ ডলাৰৰ জৰিমনাৰে ৱেষ্ট ভেলী ডিটেনচন চেণ্টাৰত ৰখা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন