--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত এটা  ভিডিঅ’ প্ৰকাশ পাইছে, য’ত দেখা গৈছে যে ব্ৰাজিলৰ এজন লোকে নিজৰ ১১ বছৰীয়া শিশুটিক নিজৰ ব্যক্তিগত বিমান উৰুৱাবলৈ দিয়াৰ সময়ত মদ্যপান কৰি থকা দেখা গৈছে। এক্সপ্ৰেছ ডট কমৰ তথ্য অনুসৰি, পিতৃ-পুত্ৰৰ যুটিটোৰ দুৰ্ঘটনাত কৰুণ মৃত্যুৰ কিছু মুহূৰ্তৰ পূৰ্বেই ভিডিঅ’টো শ্বুট কৰা বুলি জানিব পৰা গৈছে।

২৯ জুলাইত গৱেষক গেৰন মাইয়া (৪২) আৰু তেওঁৰ পুত্ৰ ফ্ৰান্সিস্কো মাইয়াৰ টুইন ইঞ্জিনযুক্ত বিচক্ৰাফ্ট বেৰন ৫৮খনে অৰণ্যত খুন্দা মৰাৰ ফলত দুয়োৰে মৃত্যু হয়। ঘটনাৰ তদন্ত অব্যাহত আছে আৰু এই ভিডিঅ’টো দুৰ্ঘটনাৰ পূৰ্বে শ্বুট কৰা হৈছিল নেকি সেই বিষয়ে জানিবলৈ কৰ্তৃপক্ষই কাম কৰি আছে।

ভিডিঅ’টোত মিষ্টাৰ মাইয়াই নিজৰ ১১ বছৰীয়া পুত্ৰক নিজৰ ব্যক্তিগত বিমানখনৰ নিয়ন্ত্ৰণ ল’বলৈ দিয়াৰ সময়তে বিয়েৰৰ বটল এটা চুপি থকা দেখা গৈছে। তেওঁ পুত্ৰক বিমানখন কেনেকৈ চলাব লাগে তাৰ নিৰ্দেশনা দিয়াৰ লগতে বিমানখনৰ নিয়ন্ত্ৰণৰ বিষয়েও শিকোৱা দেখা যায়।

মাইয়াই কেতিয়া ভিডিঅ’টো লৈছিল সেয়া স্পষ্ট নহয় যদিও তদন্তকাৰীয়ে কয় যে ইয়াত যি দেখা গৈছে সেয়া প্ৰতিফলিত হৈছে যে তেওঁ নিজৰ আৰু তেওঁৰ পুত্ৰৰ নিৰাপত্তাৰ প্ৰতি কিমান গুৰুত্ব দিছিল। লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তেওঁৰ পুত্ৰই উৰুৱাইছিল নেকি সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

ব্ৰাজিলৰ স্থানীয় এটা আউটলেটৰ প্ৰতিবেদন অনুসৰি মাইয়াই ৰণ্ডোনিয়া চহৰ নোভা কনকিষ্টাৰ এখন পৰিয়ালৰ ফাৰ্মৰ পৰা উৰা মাৰিছিল আৰু তাৰ পিছত ভিলহেনাৰ এটা বিমানবন্দৰত ইন্ধন ভৰোৱাৰ বাবে ৰৈছিল। তেওঁ নিজৰ পুত্ৰক কেম্পো গ্ৰেণ্ডে, মাটো গ্ৰ’ছ’ ডু চুললৈ ঘূৰাই অনাৰ মনস্থ কৰিছিল, য’ত তেওঁ মাকৰ সৈতে থাকে আৰু স্কুলত পঢ়ে।

উল্লেখ্য যে ব্ৰাজিলৰ আইন অনুসৰি হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাত পঞ্জীয়ন কৰা ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলকহে বিমান উৰুৱাবলৈ অনুমতি দিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস