--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত এটা  ভিডিঅ’ প্ৰকাশ পাইছে, য’ত দেখা গৈছে যে ব্ৰাজিলৰ এজন লোকে নিজৰ ১১ বছৰীয়া শিশুটিক নিজৰ ব্যক্তিগত বিমান উৰুৱাবলৈ দিয়াৰ সময়ত মদ্যপান কৰি থকা দেখা গৈছে। এক্সপ্ৰেছ ডট কমৰ তথ্য অনুসৰি, পিতৃ-পুত্ৰৰ যুটিটোৰ দুৰ্ঘটনাত কৰুণ মৃত্যুৰ কিছু মুহূৰ্তৰ পূৰ্বেই ভিডিঅ’টো শ্বুট কৰা বুলি জানিব পৰা গৈছে।

২৯ জুলাইত গৱেষক গেৰন মাইয়া (৪২) আৰু তেওঁৰ পুত্ৰ ফ্ৰান্সিস্কো মাইয়াৰ টুইন ইঞ্জিনযুক্ত বিচক্ৰাফ্ট বেৰন ৫৮খনে অৰণ্যত খুন্দা মৰাৰ ফলত দুয়োৰে মৃত্যু হয়। ঘটনাৰ তদন্ত অব্যাহত আছে আৰু এই ভিডিঅ’টো দুৰ্ঘটনাৰ পূৰ্বে শ্বুট কৰা হৈছিল নেকি সেই বিষয়ে জানিবলৈ কৰ্তৃপক্ষই কাম কৰি আছে।

ভিডিঅ’টোত মিষ্টাৰ মাইয়াই নিজৰ ১১ বছৰীয়া পুত্ৰক নিজৰ ব্যক্তিগত বিমানখনৰ নিয়ন্ত্ৰণ ল’বলৈ দিয়াৰ সময়তে বিয়েৰৰ বটল এটা চুপি থকা দেখা গৈছে। তেওঁ পুত্ৰক বিমানখন কেনেকৈ চলাব লাগে তাৰ নিৰ্দেশনা দিয়াৰ লগতে বিমানখনৰ নিয়ন্ত্ৰণৰ বিষয়েও শিকোৱা দেখা যায়।

মাইয়াই কেতিয়া ভিডিঅ’টো লৈছিল সেয়া স্পষ্ট নহয় যদিও তদন্তকাৰীয়ে কয় যে ইয়াত যি দেখা গৈছে সেয়া প্ৰতিফলিত হৈছে যে তেওঁ নিজৰ আৰু তেওঁৰ পুত্ৰৰ নিৰাপত্তাৰ প্ৰতি কিমান গুৰুত্ব দিছিল। লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত তেওঁৰ পুত্ৰই উৰুৱাইছিল নেকি সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

ব্ৰাজিলৰ স্থানীয় এটা আউটলেটৰ প্ৰতিবেদন অনুসৰি মাইয়াই ৰণ্ডোনিয়া চহৰ নোভা কনকিষ্টাৰ এখন পৰিয়ালৰ ফাৰ্মৰ পৰা উৰা মাৰিছিল আৰু তাৰ পিছত ভিলহেনাৰ এটা বিমানবন্দৰত ইন্ধন ভৰোৱাৰ বাবে ৰৈছিল। তেওঁ নিজৰ পুত্ৰক কেম্পো গ্ৰেণ্ডে, মাটো গ্ৰ’ছ’ ডু চুললৈ ঘূৰাই অনাৰ মনস্থ কৰিছিল, য’ত তেওঁ মাকৰ সৈতে থাকে আৰু স্কুলত পঢ়ে।

উল্লেখ্য যে ব্ৰাজিলৰ আইন অনুসৰি হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাত পঞ্জীয়ন কৰা ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলকহে বিমান উৰুৱাবলৈ অনুমতি দিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন