--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ শাসকীয় দল তেলেগু দেশম পাৰ্টি তথা মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰি ৫০০ কোটি টকাৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। তেলেগু দেশম পাৰ্টিৰ তথ্য অনুসৰি এই ৰাজপ্ৰসাদত ২৬ লাখ টকাৰ বাথটাব স্থাপন কৰা হৈছে। বাথৰুমতো লগাইছে এচি। 

এই ৰাজপ্ৰসাদৰ নাম ৰুশিকোন্দ প্ৰাসাদ বুলি কোৱা হয়। তেলেগু দেশম পাৰ্টিয়ে কয় যে ইয়াত ইটালীৰ মাৰ্বল আছে। টিডিপিৰ মতে, এজন মধ্যবিত্তীয় ব্যক্তিয়ে ইটালীৰ মাৰ্বলৰ এক ফুটত এটা সৰু এপাৰ্টমেণ্ট কিনিব পাৰে।

এই সন্দৰ্ভত টিডিপিয়ে(তেলেগু দেশম পাৰ্টি) বহু টুইট কৰিছে। টিডিপিৰ অভিযোগ যে এই ৰাজপ্ৰসাদটো অতি গোপনে বিশাখাপট্টনমৰ পাহাৰত ৰাজহুৱা ধনেৰে নিৰ্মাণ কৰা হৈছে।

টিডিপিৰ মতে, “যেতিয়া জগন মোহন ৰেড্ডীৰ পত্নীয়ে তেওঁক ছি ভিউ পেলেচ কিনিবলৈ কৈছিল, তেতিয়া তেওঁ সকলো নিয়ম ভংগ কৰিছিল, কেইবাশ কোটি ৰাজহুৱা ধন অপচয় কৰিছিল আৰু এতিয়া আহি কাহিনী কয়? এই বাথৰুমৰ ছবিবোৰে কি কয়, ইমান ডাঙৰ। আপোনাৰ পৰিকল্পনা কি আছিল, কাৰ বাবে এইটো বনাইছিল?

আনহাতে, জগন মোহন ৰেড্ডীৰ দলৰ ৱাই এছ আৰ চি পিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী জি. অমৰনাথে কয় যে টিডিপিয়ে ৰাইজৰ মাজত ভুল ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয়, ‘আমি দেখিছো যে ৰাজ্যখনৰ জনসাধাৰণৰ মন সলনি কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে...ৰুচিকোণ্ডাৰ অট্টালিকাসমূহ চৰকাৰী। সেয়া ব্যক্তিগত সম্পত্তি নহয়। ই কাৰো সম্পত্তি নহয়। এই অট্টালিকাসমূহ বিশাখাপট্টনমক দিয়া অগ্ৰাধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰশীল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু