--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ শাসকীয় দল তেলেগু দেশম পাৰ্টি তথা মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰি ৫০০ কোটি টকাৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। তেলেগু দেশম পাৰ্টিৰ তথ্য অনুসৰি এই ৰাজপ্ৰসাদত ২৬ লাখ টকাৰ বাথটাব স্থাপন কৰা হৈছে। বাথৰুমতো লগাইছে এচি। 

এই ৰাজপ্ৰসাদৰ নাম ৰুশিকোন্দ প্ৰাসাদ বুলি কোৱা হয়। তেলেগু দেশম পাৰ্টিয়ে কয় যে ইয়াত ইটালীৰ মাৰ্বল আছে। টিডিপিৰ মতে, এজন মধ্যবিত্তীয় ব্যক্তিয়ে ইটালীৰ মাৰ্বলৰ এক ফুটত এটা সৰু এপাৰ্টমেণ্ট কিনিব পাৰে।

এই সন্দৰ্ভত টিডিপিয়ে(তেলেগু দেশম পাৰ্টি) বহু টুইট কৰিছে। টিডিপিৰ অভিযোগ যে এই ৰাজপ্ৰসাদটো অতি গোপনে বিশাখাপট্টনমৰ পাহাৰত ৰাজহুৱা ধনেৰে নিৰ্মাণ কৰা হৈছে।

টিডিপিৰ মতে, “যেতিয়া জগন মোহন ৰেড্ডীৰ পত্নীয়ে তেওঁক ছি ভিউ পেলেচ কিনিবলৈ কৈছিল, তেতিয়া তেওঁ সকলো নিয়ম ভংগ কৰিছিল, কেইবাশ কোটি ৰাজহুৱা ধন অপচয় কৰিছিল আৰু এতিয়া আহি কাহিনী কয়? এই বাথৰুমৰ ছবিবোৰে কি কয়, ইমান ডাঙৰ। আপোনাৰ পৰিকল্পনা কি আছিল, কাৰ বাবে এইটো বনাইছিল?

আনহাতে, জগন মোহন ৰেড্ডীৰ দলৰ ৱাই এছ আৰ চি পিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী জি. অমৰনাথে কয় যে টিডিপিয়ে ৰাইজৰ মাজত ভুল ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয়, ‘আমি দেখিছো যে ৰাজ্যখনৰ জনসাধাৰণৰ মন সলনি কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে...ৰুচিকোণ্ডাৰ অট্টালিকাসমূহ চৰকাৰী। সেয়া ব্যক্তিগত সম্পত্তি নহয়। ই কাৰো সম্পত্তি নহয়। এই অট্টালিকাসমূহ বিশাখাপট্টনমক দিয়া অগ্ৰাধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব সেয়া চৰকাৰৰ ওপৰত নিৰ্ভৰশীল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ