--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবকাৰী দুৰ্নীতিৰ গোচৰত জামিন মঞ্জুৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ছুটীৰ ন্যায়াধীশ ন্যায় বিন্দুৱে বৃহস্পতিবাৰে তেওঁক জামিন প্ৰদান কৰে। শুকুৰবাৰে তিহাৰ জেলৰ পৰা মুক্তি পাব তেওঁ। তাত জামিনৰ নিৰ্দেশ পোৱাৰ পিছত প্ৰক্ৰিয়া আৰম্ভ হ’ব। তাৰ আগতে কেজৰিয়ে জামিন বণ্ড হিচাপে দিব লাগিব এক লাখ টকা। আদালতৰ ৰায়ৰ পিছত কেজৰিৰ চৰকাৰী বাসগৃহৰ সন্মুখত সমবেত হয় আপৰ কৰ্মী-সমৰ্থক। 

কেজৰিৰ অধিবক্তাই আদালতত দাবী কৰে যে আবকাৰী দুৰ্নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ইডিৰ হাতত কোনো প্ৰমাণ নাই। এই গোচৰত ৰাজকীয় সাক্ষী হোৱা সকলৰ বক্তব্যৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে। বলবৎকাৰী সঞ্চালকালয়ে নিম্ন ন্যায়ালয়ৰ ৰায়ক লৈ ৪৮ ঘণ্টীয়া স্থগিতাদেশ বিচাৰিছিল। অৱশ্যে ন্যায়াধীশে এই আবেদন নাকচ কৰে। আপৰ বিধায়ক দিলীপ পাণ্ডেই কয়, ‘এয়া সত্যৰ জয়। প্ৰথম দিনাৰ পৰাই আমি কৈ আহিছো যে গোটেই গোচৰটো ভুৱা।’’

যোৱা ২১ মাৰ্চত ‘আবকাৰী দুৰ্নীতিৰ গোচৰ’ত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰীক। দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰিলে। ইয়াৰ ফলত তেওঁ দেশৰ ইতিহাসত কাৰ্যকালত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। কেজৰিয়ে জেলত বহি দিল্লীৰ চৰকাৰ চলাইছিল। কিছুদিন পূৰ্বে তেওঁক উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে জামিন প্ৰদান কৰিছিল। ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন আছিল সেয়া।

ইয়াৰ পিছত আদালতৰ নিৰ্দেশ অনুসৰি ২ জুনত পুনৰ তিহাৰ কাৰাগাৰলৈ উভতি আহে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অসুস্থতাৰ কাৰণে জামিনৰ সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে। এইবাৰ দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁক জামিন প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু