--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবকাৰী দুৰ্নীতিৰ গোচৰত জামিন মঞ্জুৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ছুটীৰ ন্যায়াধীশ ন্যায় বিন্দুৱে বৃহস্পতিবাৰে তেওঁক জামিন প্ৰদান কৰে। শুকুৰবাৰে তিহাৰ জেলৰ পৰা মুক্তি পাব তেওঁ। তাত জামিনৰ নিৰ্দেশ পোৱাৰ পিছত প্ৰক্ৰিয়া আৰম্ভ হ’ব। তাৰ আগতে কেজৰিয়ে জামিন বণ্ড হিচাপে দিব লাগিব এক লাখ টকা। আদালতৰ ৰায়ৰ পিছত কেজৰিৰ চৰকাৰী বাসগৃহৰ সন্মুখত সমবেত হয় আপৰ কৰ্মী-সমৰ্থক। 

কেজৰিৰ অধিবক্তাই আদালতত দাবী কৰে যে আবকাৰী দুৰ্নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ইডিৰ হাতত কোনো প্ৰমাণ নাই। এই গোচৰত ৰাজকীয় সাক্ষী হোৱা সকলৰ বক্তব্যৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে। বলবৎকাৰী সঞ্চালকালয়ে নিম্ন ন্যায়ালয়ৰ ৰায়ক লৈ ৪৮ ঘণ্টীয়া স্থগিতাদেশ বিচাৰিছিল। অৱশ্যে ন্যায়াধীশে এই আবেদন নাকচ কৰে। আপৰ বিধায়ক দিলীপ পাণ্ডেই কয়, ‘এয়া সত্যৰ জয়। প্ৰথম দিনাৰ পৰাই আমি কৈ আহিছো যে গোটেই গোচৰটো ভুৱা।’’

যোৱা ২১ মাৰ্চত ‘আবকাৰী দুৰ্নীতিৰ গোচৰ’ত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰীক। দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰিলে। ইয়াৰ ফলত তেওঁ দেশৰ ইতিহাসত কাৰ্যকালত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। কেজৰিয়ে জেলত বহি দিল্লীৰ চৰকাৰ চলাইছিল। কিছুদিন পূৰ্বে তেওঁক উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে জামিন প্ৰদান কৰিছিল। ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন আছিল সেয়া।

ইয়াৰ পিছত আদালতৰ নিৰ্দেশ অনুসৰি ২ জুনত পুনৰ তিহাৰ কাৰাগাৰলৈ উভতি আহে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অসুস্থতাৰ কাৰণে জামিনৰ সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে। এইবাৰ দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁক জামিন প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ