--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাওবাদী অধ্যুষিত ৰাজ্য ঝাৰখণ্ডত পুনৰ সক্ৰিয় হৈ পৰিছে  মাওবাদী।  শুক্ৰবাৰে মাওবাদীয়ে দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছিল। এনে আহ্বানৰ মাজতে   মাওবাদীয়ে  ঝাৰখণ্ডৰ চক্ৰধৰপুৰত ৰে’লপথ উৰুৱাই দিছে।   ফলত হাওৰা-মুম্বাই শাখাত ৰে'ল সেৱা ব্যাহত  হৈ পৰিছে।

জানিব পৰা মতে  মাওবাদীয়ে  বৃহস্পতিবাৰে নিশাই চক্ৰধৰপুৰ শাখাৰ গোইলকেৰা আৰু পচাইটা ষ্টেচনৰ মাজৰ ৰে'লপথৰ এটা অংশ বোমাৰে উৰুৱাই দিয়ে। অঞ্চলটোত  মাওবাদীয়ে ব্যাপক হাৰত  পোষ্টাৰো লগোৱা দেখা গৈছে।  ১৮০৩০ চনৰ শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছখন অলপ সময়ৰ পিছতে সেই লাইনেৰে পাৰ হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতে বিষয়টো চালক আৰু কাষৰ  লাইনেৰে পাৰ হৈ যোৱা মালবাহী ৰে’ল এখনৰ গাৰ্ডে লক্ষ্য কৰে। লগে লগে তেওঁলোকে গোইলকেৰা আৰু পচাইটা ষ্টেচন মাষ্টাৰসকলক জনোৱা হয়। 
খবৰ পোৱাৰ লগে লগে শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছ গোইলকেৰা ষ্টেচনত ৰখাই দিয়া হয়। ইয়াৰ পিছতে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। নিশাই ৰে’ল লাইনৰ মেৰামতি আৰম্ভ কৰা হয় যদিও  শুক্ৰবাৰে দিনৰ ভাগলৈ  লাইনৰ  মেৰামতি সম্পূৰ্ণ  হৈ উঠা নাই। এতিয়াও  চক্ৰধৰপুৰ শাখাত ৰে’ল চলাচল ব্যাহত হৈ আছে। শালিমাৰ-মুম্বাই শাখাৰ কেইবাখনো ৰে’ল বাতিল কৰা হৈছে।

কেইদিনমান আগতে, মাওবাদীয়ে ছত্তীশগড়ৰ চুকমা জিলাৰ জাগৰগুণ্ডা অঞ্চলত ধ্বংসযজ্ঞ চলাইছিল। নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চিআৰপিএফৰ এজন উপ-পৰিদৰ্শক নিহত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক