--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাওবাদী অধ্যুষিত ৰাজ্য ঝাৰখণ্ডত পুনৰ সক্ৰিয় হৈ পৰিছে  মাওবাদী।  শুক্ৰবাৰে মাওবাদীয়ে দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছিল। এনে আহ্বানৰ মাজতে   মাওবাদীয়ে  ঝাৰখণ্ডৰ চক্ৰধৰপুৰত ৰে’লপথ উৰুৱাই দিছে।   ফলত হাওৰা-মুম্বাই শাখাত ৰে'ল সেৱা ব্যাহত  হৈ পৰিছে।

জানিব পৰা মতে  মাওবাদীয়ে  বৃহস্পতিবাৰে নিশাই চক্ৰধৰপুৰ শাখাৰ গোইলকেৰা আৰু পচাইটা ষ্টেচনৰ মাজৰ ৰে'লপথৰ এটা অংশ বোমাৰে উৰুৱাই দিয়ে। অঞ্চলটোত  মাওবাদীয়ে ব্যাপক হাৰত  পোষ্টাৰো লগোৱা দেখা গৈছে।  ১৮০৩০ চনৰ শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছখন অলপ সময়ৰ পিছতে সেই লাইনেৰে পাৰ হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতে বিষয়টো চালক আৰু কাষৰ  লাইনেৰে পাৰ হৈ যোৱা মালবাহী ৰে’ল এখনৰ গাৰ্ডে লক্ষ্য কৰে। লগে লগে তেওঁলোকে গোইলকেৰা আৰু পচাইটা ষ্টেচন মাষ্টাৰসকলক জনোৱা হয়। 
খবৰ পোৱাৰ লগে লগে শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছ গোইলকেৰা ষ্টেচনত ৰখাই দিয়া হয়। ইয়াৰ পিছতে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। নিশাই ৰে’ল লাইনৰ মেৰামতি আৰম্ভ কৰা হয় যদিও  শুক্ৰবাৰে দিনৰ ভাগলৈ  লাইনৰ  মেৰামতি সম্পূৰ্ণ  হৈ উঠা নাই। এতিয়াও  চক্ৰধৰপুৰ শাখাত ৰে’ল চলাচল ব্যাহত হৈ আছে। শালিমাৰ-মুম্বাই শাখাৰ কেইবাখনো ৰে’ল বাতিল কৰা হৈছে।

কেইদিনমান আগতে, মাওবাদীয়ে ছত্তীশগড়ৰ চুকমা জিলাৰ জাগৰগুণ্ডা অঞ্চলত ধ্বংসযজ্ঞ চলাইছিল। নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চিআৰপিএফৰ এজন উপ-পৰিদৰ্শক নিহত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক