--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল দেশবাসীৰ হৃদয়তে নহয়, সমগ্ৰ বিশ্ববাসীৰ হৃদয়ত আছে মানৱতা, অহিংসাৰ পূজাৰী মহা মানৱ মহাত্মা গান্ধী। সেয়ে দেওবাৰে পুৱাই জি ২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হোৱা বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰ নেতাসকলে মহাত্মা গান্ধীলৈ শ্ৰদ্ধা জনোৱাৰ বাবে ৰাজঘাটলৈ ঢাপলি মেলে।  

আজি জি-২০ সন্মিলনৰ দ্বিতীয় দিন। প্ৰথম দিনটোত নতুন দিল্লী ঘোষণাপত্ৰ গৃহীত হোৱাৰ লগতে ভাৰতে চৌদি আৰৱ আৰু ইউৰোপৰ সৈতে বাণিজ্য কৰিডৰ চুক্তিও ঘোষণা কৰে। নৈশভোজত বিশ্বৰ শীৰ্ষ নেতাসকলে আনন্দ মনেৰে ভাৰতীয় সুস্বাদু আহাৰ গ্ৰহণ কৰে।  নৈশভোজত  প্ৰায় সংখ্যক ৰাষ্ট্ৰ নেতাৰে  পত্নীসকলেও অংশগ্ৰহণ কৰে। আজি সন্মিলনৰ দ্বিতীয় আৰু অন্তিম দিন। আজিৰ দিনটোতে সকলো দেশৰ নেতাই ৰাজঘাটলৈ ঢাপলি মেলে। তেওঁলোকৰ ভিতৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডো, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাক, তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্ডোগান, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়োল, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিচিদো, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, জাৰ্মানীৰ ছেন্সেলৰ  ওলাফ স্কলটজ, ইউৰোপীয় পৰিষদৰ সভাপতি চাৰ্লচ শ্চোল্টজ,  

 কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও, চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াং আদি। ৰাজঘাটলৈ গৈ বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকলে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজঘাটলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোক সকলোকে ব্যক্তিগত ভাৱে আদৰণি জনায়।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছ, বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাঙ্গা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছেও মহাত্মা গান্ধীৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ  ৰাজঘাটত উপস্থিত হয়।এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাচাতচুগু আচাকাৱা, আইএমএফৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভা আৰু অন্যান্য নেতা আৰু প্ৰতিনিধিসকলেও মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকে আজি পুৱা নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰো পৰিদৰ্শন কৰে আৰু প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক