--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল দেশবাসীৰ হৃদয়তে নহয়, সমগ্ৰ বিশ্ববাসীৰ হৃদয়ত আছে মানৱতা, অহিংসাৰ পূজাৰী মহা মানৱ মহাত্মা গান্ধী। সেয়ে দেওবাৰে পুৱাই জি ২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত হোৱা বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰ নেতাসকলে মহাত্মা গান্ধীলৈ শ্ৰদ্ধা জনোৱাৰ বাবে ৰাজঘাটলৈ ঢাপলি মেলে।  

আজি জি-২০ সন্মিলনৰ দ্বিতীয় দিন। প্ৰথম দিনটোত নতুন দিল্লী ঘোষণাপত্ৰ গৃহীত হোৱাৰ লগতে ভাৰতে চৌদি আৰৱ আৰু ইউৰোপৰ সৈতে বাণিজ্য কৰিডৰ চুক্তিও ঘোষণা কৰে। নৈশভোজত বিশ্বৰ শীৰ্ষ নেতাসকলে আনন্দ মনেৰে ভাৰতীয় সুস্বাদু আহাৰ গ্ৰহণ কৰে।  নৈশভোজত  প্ৰায় সংখ্যক ৰাষ্ট্ৰ নেতাৰে  পত্নীসকলেও অংশগ্ৰহণ কৰে। আজি সন্মিলনৰ দ্বিতীয় আৰু অন্তিম দিন। আজিৰ দিনটোতে সকলো দেশৰ নেতাই ৰাজঘাটলৈ ঢাপলি মেলে। তেওঁলোকৰ ভিতৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডো, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাক, তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্ডোগান, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক ইয়োল, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিচিদো, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, জাৰ্মানীৰ ছেন্সেলৰ  ওলাফ স্কলটজ, ইউৰোপীয় পৰিষদৰ সভাপতি চাৰ্লচ শ্চোল্টজ,  

 কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও, চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াং আদি। ৰাজঘাটলৈ গৈ বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকলে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজঘাটলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোক সকলোকে ব্যক্তিগত ভাৱে আদৰণি জনায়।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছ, বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাঙ্গা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছেও মহাত্মা গান্ধীৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ  ৰাজঘাটত উপস্থিত হয়।এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাচাতচুগু আচাকাৱা, আইএমএফৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভা আৰু অন্যান্য নেতা আৰু প্ৰতিনিধিসকলেও মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকে আজি পুৱা নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰো পৰিদৰ্শন কৰে আৰু প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা