--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে এইবাৰ অনুষ্ঠিত কৰিব জি-২০ সন্মিলন। এই সন্মিলনকলৈ মোদীৰ চৰকাৰে ঢাক-ঢোল বজোৱা আৰম্ভ কৰিছেই। ইতিমধ্যে সন্মিলন খনৰ প্ৰাৰম্ভিক বৈঠক ভাৰতত অনুষ্ঠিত হৈছেই। এনে সময়তে  জি-২০ সন্মিলন কোনো দলৰ নহয় সন্মিলন নহয় বুলি মোদীক সোঁৱৰাই দিলে মমতা বেনাৰ্জীয়ে। মমতাই কয় যে এই  সন্মিলনক কেন্দ্ৰ কৰি বছৰজুৰি চলি থকা কাৰ্যসূচীত দল-মত  নিৰ্বিশেষে সকলো দেশকে অগ্ৰাধিকাৰ দিয়া উচিত। 

ৰাষ্ট্ৰপতি ভৱনত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে জি-২০ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বৈঠকত মমতা বেনাৰ্জীকে ধৰি বিৰোধীয়ে এনে দাবী উত্থাপন কৰে।টিএমচি নেত্ৰীৰাকীয়ে  তিনিদিনীয়া দিল্লী ভ্ৰমণৰ কাৰ্যসূচীৰে কালিয়েই দিল্লীত উপস্থিত হৈছে।  তেওঁ ৰাষ্ট্ৰপতি ভৱনৰ সভাত উপস্থিত থাকি কয় যে ভাৰতে জি-২০ৰ সভাপতিত্ব কৰাটো  অতি ভাল খবৰ। আমি  এই সুযোগটো যিমান সম্ভৱ ব্যৱহাৰ কৰিব লাগিব। আমি সকলোৱে একেলগে কাম কৰিব লাগিব।

তেওঁ লগতে  কয় যে জি-২০ কাৰ্যসূচীয়ে দেশৰ স্বাৰ্থ পূৰণ কৰিব লাগিব, কোনো বিশেষ  পক্ষৰ নহয়। তেওঁ বিভিন্ন সময়ত বহুদলীয় প্ৰতিনিধি দলৰ সৈতে বিদেশ ভ্ৰমণৰ স্মৃতিও স্মৰণ কৰে। মমতাই কয় "বৈদেশিক নীতিৰ বিষয়ত সকলো পক্ষই একত্ৰিত হোৱাটো বাঞ্ছনীয়।  বৈঠকত উপস্থিত থকা চিপিআই নেতা ডি ৰাজাৰ কথা উল্লেখ কৰি মমতাই কয় যে এবাৰ তেওঁ আৰু ৰাজা একেটা প্ৰতিনিধি দলতে ভিয়েটনামলৈ গৈছিল।

কংগ্ৰেছ, বাওঁপন্থী আৰু ডিএমকেৰ দৰে বিৰোধী দলসমূহেও মোদী চৰকাৰক দেশখনৰ স্বাৰ্থক  দলৰ স্বাৰ্থতকৈ  আগত ৰাখিবলৈ আহ্বান জনাইছে। একে সময়তে, বিৰোধী দলবোৰেও বৈদেশিক নীতি আৰু জি-২০ সন্মিলনত কেন্দ্ৰৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে। অ-বিজেপি ৬ জন মুখ্যমন্ত্ৰী আৰু ৫ জন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে  উক্ত বৈঠকত বক্তব্য ৰাখে। সামগ্ৰিকভাৱে জি-২০ক সমৰ্থন কৰাৰ আশ্বাস দিয়া স্বত্বেও কংগ্ৰেছ আৰু চিপিএমৰ  নেতাসকলে   কিছু সমালোচনাও কৰে। 

বৈঠকত  উপস্থিত থকা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে এই সন্মিলন কোনো নিৰ্দিষ্ট চৰকাৰ , নেতা বা ব্যক্তিৰ সফলতা নহয়। ইন্দিৰা গান্ধীৰ সময়ত ভাৰত জোঁটবিহীন ৰাষ্ট্ৰসমূহৰ গোটৰ (এনএএম) সভাপতি হৈছিল। একে সময়তে তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিছা পাবলৈ ছয় মাহ সময় লাগে। ইয়াক কূটনৈতিকভাৱে সমাধান কৰিব লাগিব। চিপিআই(এম)ৰ নেতা সীতাৰাম য়েচুৰীয়ে কয় যে ধনী দেশসমূহে জি-২০ৰ সুবিধা ল'বলৈ চেষ্টা কৰি আছে আৰু উন্নয়নশীল দেশসমূহৰ মূৰত বোজা জাপি দিছে।

কংগ্ৰেছ আৰু বাওঁপন্থীসকলৰ মতে কেন্দ্ৰই দেশৰ আভ্যন্তৰীণ সমস্যা যেনে অৰ্থনৈতিক মন্দাৱস্থা, মূল্যবৃদ্ধি, নিযুক্তিৰ বিষয়ে চিন্তিত নহয়। বৈঠকত অৰবিন্দ কেজৰিৱাল, এম কে ষ্টালিন, জগনমোহন ৰেড্ডী, দেৱগৌড়াৰ দৰে নেতাসকলো উপস্থিত থাকে।  নীতিশ কুমাৰ আৰু কে চন্দ্ৰশেখৰ ৰাও অৱশ্যে  বৈঠকত উপস্থিত নাছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক