--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সাতোটা আশ্চৰ্যৰ মাজৰে এটা তাজমহল হিন্দুৰ নে মুছলমানৰ আছিল তাকেলৈ একাংশ লোকৰ মাজত বিতৰ্ক চলি আছে।শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে তাজমহলৰ ইতিহাস পুনৰ পৰীক্ষা কৰিবলৈ বিচৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত  আবেদন  (পিআইএল) খাৰিজ কৰিছে। দেশৰ শীৰ্ষ আদালতেখনে  এনে আবেদন কৰাৰ বাবে আবেদনকাৰীক ভৰ্ৎসনা কৰিছে।

উচ্চতম ন্যায়ালয়ৰ খণ্ড পীঠে কয় "৪০০ বছৰৰ পিছত ইতিহাসৰ পৃষ্ঠাবোৰ পুনৰ খুলিব নোৱাৰি। আবেদনকাৰীয়ে  দাবী কৰিছে যে তাজমহল সম্পৰ্কে শিশুৰ বাবে লিখা কিতাপখনত মুদ্ৰিত ইতিহাস একেবাৰে শুদ্ধ নহয়। তেওঁ কৈছেযে ইতিহাস নতুনকৈ পৰীক্ষা কৰা আৰু পাঠ্য পুথিত 'বস্তুনিষ্ঠ' ইতিহাস প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয়"। কিন্তু ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ এখন খণ্ড বিচাৰপীঠে আবেদনখন খাৰিজ কৰে।

তাজমহলৰ বিষয়ে সমাজৰ  এটা অংশৰ লোকে অভিযোগ কৰি আহিছে  যে আগ্ৰাৰ এই স্থাপত্যৰ বয়স বহুপুৰণি। তাজমহল মোগল যুগৰ আগতে আছিল। অৰ্থাৎ মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ মৃত পত্নী মুমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰাৰ ইতিহাস মানি ল'বলৈ সেইসকল লোক  অনিচ্ছুক। এই বুলিও দাবী কৰা হৈছিল যে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ দ্বাৰা এক নতুন অধ্যয়নৰ প্ৰয়োজন আছে।গোচৰটোৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে আবেদনকাৰীক কয়, "আপুনি আবেদনখনত কৈছে যে ভুল ইতিহাস সলনি কৰিব লাগিব। ইয়াৰ অৰ্থ এয়া নেকি যে আপুনি নিজেই ধৰি লৈছে যে তাজমহলৰ ইতিহাস ভুল?"

সচিদানন্দ পাণ্ডে নামৰ লোকজনে  তাজমহলৰ প্ৰসংগত  আবেদন খন  কৰিছিল। অধিবক্তা বৰুণ কুমাৰ সিনহাই তেওঁৰ হৈ গোচৰটো উচ্চতম ন্যায়ালয়ত চলাই  আছিল। তেওঁৰ বক্তব্যৰ উত্তৰত বিচাৰকজনে কয়, "ক্ষুদ্ৰ অনুসন্ধানৰ বাবে ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰিব নোৱাৰি। তাজমহল ৪০০ বছৰ ধৰি আছে। এয়া সত্য ।  ৪০০ বছৰৰ পিছত ইতিহাসৰ পৃষ্ঠাবোৰ পুনৰ খুলিব নোৱাৰি। ''

দৰাচলতে তাজমহল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ইয়াৰ পূৰ্বেও গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত শীৰ্ষ ন্যায়ালয়ত তাজমহলৰ ভিতৰৰ কিছুমান কোঠা খোলাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল। কোৱা হৈছিল যে তাজমহলৰ স্থানত আগতে এটা শিৱ মন্দিৰ আছিল, যাৰ নাম তেজো মহালয়া। সঠিক বিশ্লেষণৰ জৰিয়তে সেই ইতিহাস পুনৰুদ্ধাৰ কৰা সম্ভৱ।সেই সময়তো  উচ্চতম ন্যায়ালয়ৰ একেখন বিচাৰপীঠে আৱেদনখন খাৰিজ কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক