--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সাতোটা আশ্চৰ্যৰ মাজৰে এটা তাজমহল হিন্দুৰ নে মুছলমানৰ আছিল তাকেলৈ একাংশ লোকৰ মাজত বিতৰ্ক চলি আছে।শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে তাজমহলৰ ইতিহাস পুনৰ পৰীক্ষা কৰিবলৈ বিচৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত  আবেদন  (পিআইএল) খাৰিজ কৰিছে। দেশৰ শীৰ্ষ আদালতেখনে  এনে আবেদন কৰাৰ বাবে আবেদনকাৰীক ভৰ্ৎসনা কৰিছে।

উচ্চতম ন্যায়ালয়ৰ খণ্ড পীঠে কয় "৪০০ বছৰৰ পিছত ইতিহাসৰ পৃষ্ঠাবোৰ পুনৰ খুলিব নোৱাৰি। আবেদনকাৰীয়ে  দাবী কৰিছে যে তাজমহল সম্পৰ্কে শিশুৰ বাবে লিখা কিতাপখনত মুদ্ৰিত ইতিহাস একেবাৰে শুদ্ধ নহয়। তেওঁ কৈছেযে ইতিহাস নতুনকৈ পৰীক্ষা কৰা আৰু পাঠ্য পুথিত 'বস্তুনিষ্ঠ' ইতিহাস প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয়"। কিন্তু ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ এখন খণ্ড বিচাৰপীঠে আবেদনখন খাৰিজ কৰে।

তাজমহলৰ বিষয়ে সমাজৰ  এটা অংশৰ লোকে অভিযোগ কৰি আহিছে  যে আগ্ৰাৰ এই স্থাপত্যৰ বয়স বহুপুৰণি। তাজমহল মোগল যুগৰ আগতে আছিল। অৰ্থাৎ মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ মৃত পত্নী মুমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰাৰ ইতিহাস মানি ল'বলৈ সেইসকল লোক  অনিচ্ছুক। এই বুলিও দাবী কৰা হৈছিল যে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ দ্বাৰা এক নতুন অধ্যয়নৰ প্ৰয়োজন আছে।গোচৰটোৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে আবেদনকাৰীক কয়, "আপুনি আবেদনখনত কৈছে যে ভুল ইতিহাস সলনি কৰিব লাগিব। ইয়াৰ অৰ্থ এয়া নেকি যে আপুনি নিজেই ধৰি লৈছে যে তাজমহলৰ ইতিহাস ভুল?"

সচিদানন্দ পাণ্ডে নামৰ লোকজনে  তাজমহলৰ প্ৰসংগত  আবেদন খন  কৰিছিল। অধিবক্তা বৰুণ কুমাৰ সিনহাই তেওঁৰ হৈ গোচৰটো উচ্চতম ন্যায়ালয়ত চলাই  আছিল। তেওঁৰ বক্তব্যৰ উত্তৰত বিচাৰকজনে কয়, "ক্ষুদ্ৰ অনুসন্ধানৰ বাবে ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰিব নোৱাৰি। তাজমহল ৪০০ বছৰ ধৰি আছে। এয়া সত্য ।  ৪০০ বছৰৰ পিছত ইতিহাসৰ পৃষ্ঠাবোৰ পুনৰ খুলিব নোৱাৰি। ''

দৰাচলতে তাজমহল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ইয়াৰ পূৰ্বেও গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত শীৰ্ষ ন্যায়ালয়ত তাজমহলৰ ভিতৰৰ কিছুমান কোঠা খোলাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল। কোৱা হৈছিল যে তাজমহলৰ স্থানত আগতে এটা শিৱ মন্দিৰ আছিল, যাৰ নাম তেজো মহালয়া। সঠিক বিশ্লেষণৰ জৰিয়তে সেই ইতিহাস পুনৰুদ্ধাৰ কৰা সম্ভৱ।সেই সময়তো  উচ্চতম ন্যায়ালয়ৰ একেখন বিচাৰপীঠে আৱেদনখন খাৰিজ কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু