--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৫৩ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত ঘোষণা কৰে যে ভুৱা চালান ৰোধ কৰিবলৈ বায়’মেট্ৰিক প্ৰমাণীকৰণ পৰ্যায়ক্ৰমে দেশজুৰি কাৰ্যকৰী কৰা হ’ব। জি এছ টি পঞ্জীয়নৰ বাবে পৰিষদে সমগ্ৰ দেশতে সকলো নতুন পঞ্জীয়নৰ বাবে আধাৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ বাধ্যতামূলক কৰাৰ পৰামৰ্শ দিয়ে।

জি এছ টি পৰিষদৰ বৈঠকৰ পাছত বিত্তমন্ত্রীয়ে কৰা মূল ঘোষণাসমূহ এনেধৰণৰ-'সৰ্বভাৰতীয় ভিত্তিত বায়'মেট্ৰিক ভিত্তিক আধাৰ প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা  ভুৱা চালানৰ জৰিয়তে কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে  ই যুঁজ দিয়াত সহায়ক হ'ব।'


আজিৰ বৈঠকত পৰিষদে সকলো গাখীৰৰ কেনত ১২ শতাংশ একে হাৰ নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। সকলো কাৰ্টন বাকচ আৰু কেছত ১২ শতাংশ একেধৰণৰ জিএছটি হাৰ নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে।  ইয়াৰ দ্বাৰা হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ আপেল খেতিয়কসকলক বিশেষভাৱে উপকৃত  হ’ব।

ভাৰতীয় ৰে'লৱেই সাধাৰণ মানুহক প্ৰদান কৰা সেৱা, প্লেটফৰ্মৰ টিকট বিক্ৰী, জিৰণি কোঠা আৰু অপেক্ষা কক্ষৰ সুবিধা, বেটাৰী চালিত গাড়ী সেৱাক জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে। সিসকল  ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে  তেওঁলোকৰ  শিক্ষানুষ্ঠানৰ বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসত আছিল  তেওঁলোক জিএছটি  ৰেহাই দিয়া হোৱা নাছিল। এতিয়া শিক্ষানুষ্ঠানৰ লগতে বা বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসতো জিএছটি ৰেহাই দিয়া হ’ব।   

ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকসকলক   প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ২০ হাজাৰ টকা পৰ্যন্ত সেৱাৰ যোগানৰ ক্ষেত্ৰত জিএছটি ৰেহাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে ।  কিন্তু এইক্ষেত্ৰত চৰ্ত হ'ল যিবোৰ সেৱা প্ৰদান কৰা হয় এই সেৱাসমূহ নূন্যতম অবিৰত ভাবে  ৯০ দিনলৈ যোগান ধৰা হ’ব লাগিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement