--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৫৩ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত ঘোষণা কৰে যে ভুৱা চালান ৰোধ কৰিবলৈ বায়’মেট্ৰিক প্ৰমাণীকৰণ পৰ্যায়ক্ৰমে দেশজুৰি কাৰ্যকৰী কৰা হ’ব। জি এছ টি পঞ্জীয়নৰ বাবে পৰিষদে সমগ্ৰ দেশতে সকলো নতুন পঞ্জীয়নৰ বাবে আধাৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ বাধ্যতামূলক কৰাৰ পৰামৰ্শ দিয়ে।

জি এছ টি পৰিষদৰ বৈঠকৰ পাছত বিত্তমন্ত্রীয়ে কৰা মূল ঘোষণাসমূহ এনেধৰণৰ-'সৰ্বভাৰতীয় ভিত্তিত বায়'মেট্ৰিক ভিত্তিক আধাৰ প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা  ভুৱা চালানৰ জৰিয়তে কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে  ই যুঁজ দিয়াত সহায়ক হ'ব।'


আজিৰ বৈঠকত পৰিষদে সকলো গাখীৰৰ কেনত ১২ শতাংশ একে হাৰ নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। সকলো কাৰ্টন বাকচ আৰু কেছত ১২ শতাংশ একেধৰণৰ জিএছটি হাৰ নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে।  ইয়াৰ দ্বাৰা হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ আপেল খেতিয়কসকলক বিশেষভাৱে উপকৃত  হ’ব।

ভাৰতীয় ৰে'লৱেই সাধাৰণ মানুহক প্ৰদান কৰা সেৱা, প্লেটফৰ্মৰ টিকট বিক্ৰী, জিৰণি কোঠা আৰু অপেক্ষা কক্ষৰ সুবিধা, বেটাৰী চালিত গাড়ী সেৱাক জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে। সিসকল  ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে  তেওঁলোকৰ  শিক্ষানুষ্ঠানৰ বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসত আছিল  তেওঁলোক জিএছটি  ৰেহাই দিয়া হোৱা নাছিল। এতিয়া শিক্ষানুষ্ঠানৰ লগতে বা বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসতো জিএছটি ৰেহাই দিয়া হ’ব।   

ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকসকলক   প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ২০ হাজাৰ টকা পৰ্যন্ত সেৱাৰ যোগানৰ ক্ষেত্ৰত জিএছটি ৰেহাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে ।  কিন্তু এইক্ষেত্ৰত চৰ্ত হ'ল যিবোৰ সেৱা প্ৰদান কৰা হয় এই সেৱাসমূহ নূন্যতম অবিৰত ভাবে  ৯০ দিনলৈ যোগান ধৰা হ’ব লাগিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু