--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিডিপি নেতৃত্বাধীন চন্দ্ৰবাবু নাইডুৰ চৰকাৰে ভাঙিলে ৱাইএছআৰচিপিৰ মুখ্য কাৰ্যালয়। ইয়াকেলৈ ৰাজ্য খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শনিবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ টাডেপল্লীত থকা ৱাই এছ আৰ কংগ্ৰেছৰ নিৰ্মাণাধীন কেন্দ্ৰীয় মুখ্য কাৰ্যালয় অবৈধ বুলি অভিযোগ  কৰি পৌৰ নিগম কৰ্তৃপক্ষই ভাঙি পেলায়। মংগলাগিৰি-তাদেপল্লী পৌৰ নিগমে পুৱা প্ৰায় ৫:৩০ বজাত এক্সকেভেটৰ আৰু বুলডজাৰেৰে কাৰ্যালয়টো ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰে।

শুকুৰবাৰে ৱাই এছ আৰ চি পিয়ে চি আৰ ডি এৰ এই সন্দৰ্ভত  উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। দলৰ এগৰাকী মুখপাত্ৰৰ মতে  আদালতে কাৰ্যালয়টো  ভাঙি পেলোৱা অভিযান বন্ধ কৰাৰ নিৰ্দেশ দিছে। চি আৰ ডি এ আৰু এম টি এম চিৰ বিষয়াসকলে জনোৱা মতে জলসিঞ্চন বিভাগৰ মাটিত ৱাই এছ আৰ চি পিৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। পূৰ্বৰ জগন মোহন ৰেড্ডী নেতৃত্বাধীন ৱাই এছ আৰ চি পি চৰকাৰৰ কাৰ্যকালত এই মাটি নামমাত্ৰ ধনৰ বিনিময়ত  লিজত দিয়া বুলি দাবী কৰা  হৈছিল। ইয়াৰ উপৰি প্ৰথমে চি আৰ ডি এ আৰু এম টি এম চিৰ অনুমোদন নোলোৱাকৈয়ে এই ভৱনটো নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল বুলিও দাবী কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ