--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়কলৈ দেশ এতিয়া উত্তপ্ত হৈ পৰিছে। ২০২৪ৰ নীট  ইউজিৰ প্ৰশ্নকাকত  ফাদিলৰ বিৰুদ্ধে সমগ্ৰ দেশ জুৰি এতিয়া প্ৰতিবাদ অব্যাহত আছে। সমালোচনাৰ সন্মুখীন হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰ অধ্যয়ন কৰিবলৈ  ছাত্ৰ-ছাত্ৰীৰ বাছনিৰ অৰ্থে এন টি এৰ দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। শেহতীয়া পৰিস্থিতিৰ মাজতে  কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাৰ কথা চৰ্চালৈ আহিছে।  অধিসূচনা অনুসৰি ৰাজহুৱা পৰীক্ষা (অসৎ  উপায় প্ৰতিৰোধ) আইন, ২০২৪-এ  সমগ্ৰ দেশতে অনুষ্ঠিত হোৱা ৰাজহুৱা পৰীক্ষা আৰু সাধাৰণ প্ৰৱেশ পৰীক্ষাত অন্যায় উপায় অৱলম্বন কৰাটো ৰোধ কৰিব।

১০ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা বাজেট অধিৱেশনত সংসদৰ উভয়  সদনতে এই বিধেয়কখন গৃহীত কৰা হৈছিল। পৰীক্ষাত "অসৎ উপায়"অৱলম্বন কৰাটো ৰোধ কৰি পৰীক্ষা ব্যৱস্থাক  "অধিক স্বচ্ছ, ন্যায়সংগত আৰু বিশ্বাস"  কৰি তোলাৰ  লক্ষ্যৰে এই বিধেয়কখন অনা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ১৩ ফেব্ৰুৱাৰীত  পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) বিধেয়কত অনুমোদন জনাইছিল।এই বিধেয়কৰ প্ৰধান উদ্দেশ্য হৈছে চৰকাৰী নিযুক্তি পৰীক্ষাত নকলৰ সৈতে মোকাবিলা কৰা।


প্ৰশ্ন কাকত ফাদিল বিৰোধী আইন অনুসৰি কাকত ফাদিল আৰু নকল কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত উভয়তে  শাস্তি প্ৰদানৰ  ব্যৱস্থা আছে। প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত অপৰাধীক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১ কোটি টকাৰ জৰিমনা বিহা হ’ব পাৰে। যিসকলে আনৰ হৈ পৰীক্ষা দিয়ে   তেওঁলোকক ৩ৰ পৰা ৫ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমনা বিহা হ’ব পাৰে।

যদি কোনো প্ৰতিষ্ঠান পৰীক্ষাৰ অনিয়মৰ সৈতে জড়িত হয় তেন্তে পৰীক্ষাৰ সমগ্ৰ খৰচ সেই প্ৰতিষ্ঠানৰ পৰা আদায় কৰা হ’ব আৰু প্ৰতিষ্ঠানটোৰ সম্পত্তিও জব্দ কৰিব পাৰিব। এই অধিসূচনাত ভাৰতীয় ন্যায়িক সংহিতাৰ কথা উল্লেখ কৰা হৈছে আৰু নিৰ্দিষ্ট কৰা হৈছে যে ভাৰতীয় দণ্ডবিধিৰ বিধান কাৰ্যকৰী নোহোৱালৈকে ই প্ৰযোজ্য হৈ থাকিব। এই আইন আৰু অন্যান্য অপৰাধমূলক আইন ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাৰ কথা।


অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক এই আইনৰ পৰিসৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰো কোনো ব্যৱস্থা নাই। সংসদত বিধেয়কখন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই কথা আলোকপাত কৰিছিল। তেওঁ কয় যে এন্টি পেপাৰ লিক আইনখনৰ লক্ষ্য সকলো চৰকাৰীভাবে অনুষ্ঠিত  পৰীক্ষাত স্বচ্ছতা অনা আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ সৈতে খেলাকৰাসকলক প্ৰতিহত  কৰা। গতিকে এই আইনৰ পৰিসৰৰ পৰা পৰীক্ষাৰ প্ৰকৃত প্ৰাৰ্থীক বাদ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু